Home মুখ্য পৃষ্ঠা উত্তৰ পূবৰ প্ৰথমটো ৰাষ্ট্ৰীয় দল হ’বগৈ এনপিপিঃ অচিৰেই স্বীকৃতি দিব নিৰ্বাচন আয়োগে

উত্তৰ পূবৰ প্ৰথমটো ৰাষ্ট্ৰীয় দল হ’বগৈ এনপিপিঃ অচিৰেই স্বীকৃতি দিব নিৰ্বাচন আয়োগে

30
0

ডিজিটে ডেস্ক, দৈনন্দিন বাৰ্তাঃ উত্তৰ-পূবৰ প্ৰথমটো আৰু একমাত্ৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে স্বীকৃতি লাভৰ দৌৰত আগবাঢ়িছে মেঘালয়ৰ নেচনেল পিপ’লছ পাৰ্টি চমুকৈ এনপিপি দলটো। সদ্য সমাপ্ত অৰুণাচল বিধানসভাৰ নিৰ্বাচনত পাঁচটা সমষ্টিত জয়লাভ কৰাৰ লগে লগে নিজ ৰাজ্যৰ উপৰিও একাধিক ৰাজ্যত লাভ কৰা নিৰ্বাচনী সফলতাৰ বাবে আঞ্চলিক দলৰ পৰা ৰাষ্ট্ৰীয় দললৈ উন্নীত হ’ব এন পি পি দল।

উল্লেখ্য যে মেঘালয়ত শাসনৰ বাঘজৰী ধৰা এনপিপি দলৰ বিধায়ক অৰুণাচল বিধানসভাৰ উপৰিও নাগালেণ্ড আৰু মণিপুৰ বিধানসভাটো আছে। চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনত এনপিপি দলৰ প্ৰতিনিধি আগাথা চাংমাই তুৰা সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে। ২০১৩ চনত জন্মলাভ কৰা এনপিপি দলে ৰাজস্থান বিধানসভাত প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰি চাৰিটা সমষ্টিত জয়লাভ কৰিছিল।

পূৰ্বৰ লোকসভাৰ অধ্যক্ষ পি এ চাংমাৰ নেতৃত্বত গঠিত হোৱা এনপিপি দলে বৰ্তমান মেঘালয়ৰ এনডিএ মৰ্চাৰ অংশীদাৰ হিচাপে নিজাকৈ ২১ জন বিধায়কসহ চৰকাৰৰ নেতৃত্ব দি আছে। সেয়েহে একাধিক ৰাজ্যত প্ৰদৰ্শন কৰা সফলতা আৰু নিৰ্বাচনত বিজয়ী হোৱাৰ সূত্ৰে মেঘালয়ৰ শাসকীয় দলটো অচিৰেই ৰাষ্ট্ৰীয় দল হিচাপে নিৰ্বাচন আয়োগে স্বীকৃতি দিয়াৰ পথত অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here