Home মুখ্য পৃষ্ঠা বিজেপি নেতাৰ গোচৰে সলনি কৰিব দেশৰ জনবিস্ফোৰণঃ দুটাতকৈ অধিক সন্তানৰ পৰিয়ালে হেৰুৱাব...

বিজেপি নেতাৰ গোচৰে সলনি কৰিব দেশৰ জনবিস্ফোৰণঃ দুটাতকৈ অধিক সন্তানৰ পৰিয়ালে হেৰুৱাব ভোটাধিকাৰ, চৰকাৰী সাহায্য

82
0

‘‘অসমত পঞ্চায়ত নিৰ্বাচনৰ পিছত গাঁওবুঢ়া নিযুক্তিত প্ৰয়োগ হ’ল এই নীতি’’

ডিজিটেল ডেস্ক, দৈনন্দিন বাৰ্তাঃ দুটাতকৈ অধিক সন্তান জন্ম দিয়া দম্পতীয়ে সকলো ধৰণৰ চৰকাৰী সুবিধা হেৰুৱাব লাগিব। অসমত ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে ৰাজ্য চৰকাৰে শিক্ষাৰ এক অৰ্হতা স্থিৰ কৰাৰ উপৰিও দুটাতকৈ অধিক সন্তানৰ পিতৃ-মাতৃক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা বাৰণ কৰিছে। শেহতীয়াকৈ গাঁওবুঢ়া পদত নিযুক্তিৰ বাবেই দুটাতকৈ অধিক সন্তানৰ গৰাকীয়ে আবেদন কৰিব নোৱাৰিব। এই সূত্ৰৰ আঁত ধৰিয়ে দিল্লী উচ্চ ন্যায়ালয়ত অলপতে অধিবক্তা তথা বিজেপিৰ নেতা অশ্বিনী কুমাৰ উপাধ্যায়ে এক ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰিছে।

দেশত জনবিস্ফোৰণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়ালয়ে এই গোচৰ শুনানিৰ বাবে গ্ৰহণ কৰিছে। আবেদনকাৰীয়ে উল্লেখ কৰা মতে সংবিধানৰ ৪৭ -(ক) অনুেচ্ছদত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে সুযোগ দিয়া হৈছে। ইতিপূৰ্বে দেশত ১২৫ বাৰ সংবিধান সংশোধন হৈছে। সেয়েহে পুনৰবাৰ সংবিধান সংশোধনৰ জৰিয়তে দুটাতকৈ অধিক সন্তানৰ গৰাকীক ভোটাধিকাৰৰ পৰা বাৰণ কৰিবলৈও আবেদনত উল্লেখ কৰিছে। উল্লেখ্য যে আবেদনকাৰীয়ে প্ৰদৰ্শন কৰা যুক্তি অনুসৰি দেশত চৰকাৰী খণ্ডত সাংঘাটিক ধৰণে কৰ্মসংস্থাপন হ্ৰাস পাইছে।

চৰকাৰে ৰাজসাহায্য প্ৰদান কৰি প্ৰৱৰ্তন কৰা আঁচনিসমূহতো জনসংখ্যাৰ প্ৰয়োভৰৰ বাবে বহু পৰিমাণৰ ধন ব্যয় কৰিব লগা হৈছে। সমাজত দেখা দিয়া বিশৃংখল পৰিস্থিতি, হত্যা-হিংসা আদিও অত্যাধিক জনসংখ্যাৰ বাবে সংঘটিত হৈছে। অনাগত সময়ত পৰিস্থিতি অধিক অৱনতিৰ দিশে যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। তাৰ বাবে জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰিবলৈ জনসংখ্যা নিয়ন্ত্ৰণ আঁচনি কঠোৰভাৱে বলৱৎ কৰাৰ বিকল্প নাই।

ইয়াৰ বাবেই ভোটাধিকাৰ কৰ্তন, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ অধিকাৰ বাৰণ কৰা, সম্পত্তি আহৰণ কৰাৰ অধিকাৰ বাৰণ কৰা, মুক্তভাৱে আশয় গ্ৰহণৰ অধিকাৰ বাৰণ কৰা, বিনামূলীয়া আইনী সাহায্য প্ৰদান নকৰা আদি কেতবোৰ কঠোৰ পদক্ষেপ গ্ৰহণৰ জৰিয়তে প্ৰতিটো পৰিয়ালত দুটা সন্তানেৰে সীমাবদ্ধ কৰাটো বাধ্যতামূলক হিচাপে প্ৰৱৰ্তন কৰিবলৈ ন্যায়ালয়ৰ জৰিয়তে হস্তক্ষেপ বিচাৰি আবেদন জনোৱা হৈছে। এই আবেদনে ইতিমধ্যে দেশৰ বিভিন্ন স্থানত চৰ্চা লাভ কৰিছে আৰু গুৰুত্বপূৰ্ণ বিষয়টোৰ ক্ষেত্ৰত চৰকাৰে সহযোগিতা কৰিবলৈ আহবান জনোৱা দেখা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here