Home অসম হাঁ‌হচৰাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক অভিনন্দন...

হাঁ‌হচৰাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন অনুষ্ঠান

59
0

ডিজিটেল ডেস্ক, দৈনন্দিন বাৰ্তাঃ
(হাঁহচৰা পৰা অংশুমান দত্তৰ সহযোগত মুকুল বাইলুংৰ প্ৰতিবেদন)
সমন্বয় সমাজ, হাঁ‌হচৰা আৰু মৈৰামৰা মনমন্দিৰ আত্মসহায়ক গোটৰ যৌথ উদ্যোগত দেওবাৰে শিৱসাগৰ জিলাৰ হাঁ‌হচৰা মৈৰামৰা সামূহিক নামঘৰ প্ৰাঙ্গণত ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানটিত পুৱা পতাকা উত্তোলন কৰে সমন্বয় সমাজৰ সভাপতি ভূপেন দত্তই।

অভিনন্দন জ্ঞাপন অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে সমন্বয় সমাজৰ সভাপতি ভূপেন দত্তই। ভূপেন দত্তই সভাপতিত্ব কৰা এই অভিনন্দন জ্ঞাপন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হাঁ‌হচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভৰত চেতিয়া আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত অসম মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ত্ৰৈলোক্য দত্ত, হাঁ‌হচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গণিত বিভাগৰ শিক্ষক গুণবিকাশ বৰগোহাঁই আৰু সাংবাদিক বিপিন হাজৰিকা।

অনুস্থানটি আৰম্ভ কৰা হয় মনমন্দিৰ আত্মসহায়ক গোটটিৰ এটি দিহানামৰ অনুষ্ঠানেৰে। অভিনন্দ অনুষ্ঠানৰ লগত সংগতি ৰাখি মৈৰামৰা চাৰিগৰাকীকৈ কণমানিয়ে কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰে। অনুষ্ঠানত ২০১৯ বৰ্ষ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হাঁ‌হচৰা অঞ্চলৰ ১৮ গৰাকীকৈ মেধাৱী শিক্ষাৰ্থী অভিনন্দন জ্ঞাপন কৰা হয়।

ইয়াৰে তিনিগৰাকী ছাত্ৰী ক্ৰমে ঋতিকা দত্ত, বাৰ্বী শইকীয়া আৰু পাৰ্চি শইকীয়াই উপস্থিত ৰাইজৰ আগত দৈনন্দিন কিদৰে অধ্যয়ন কৰিছিল সেই সম্পৰ্কে বক্তব্য আগবঢ়াই। অনুষ্ঠানৰ আঁ‌ত ধৰে সমন্বয় সমাজৰ সম্পাদক মুনীন্দ্ৰ লাহনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here