Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰপতি শাসন বলৱতৰ দিশে পশ্চিমবংগঃ গৃহ মন্ত্ৰী অমিত শ্বাহে বিচাৰিলে গোপন প্ৰতিবেদনঃ...

ৰাষ্ট্ৰপতি শাসন বলৱতৰ দিশে পশ্চিমবংগঃ গৃহ মন্ত্ৰী অমিত শ্বাহে বিচাৰিলে গোপন প্ৰতিবেদনঃ নিৰ্বাচনোত্তৰ হিংসাত পুনৰ আঠজন নিহত

20
0

ডিজিটেল ডেস্ক,কলকাতাঃ সদ্যসমাপ্ত লোকসভাৰ নিৰ্বাচনত দেশৰ ভিতৰতে সৰ্বাধিক নিৰ্বাচনী হিংসাত আক্ৰান্ত পশ্চিমবংগত এতিয়াও সাম কটা নাই পৰিস্থিতি। বৰঞ্চ নিতৌ বিভিন্ন স্থানত বিৰোধী ৰাজনৈতিক দলক আক্ৰমণ-প্ৰত্যাক্ৰমণ-হত্যা, অগ্নিসংযোগ ইত্যাদিৰ ঘটনা অব্যাহত আছে। ফলত ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাৰ কথা গভীৰভাৱে চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখ্য যে যোৱা ৮ জুন তাৰিখেও নৰ্থ ২৪ পৰগনা জিলাৰ বচিৰহাটৰ সন্দেসখালি গাঁৱত বিজেপি আৰু টিএমচিৰ উভয় দলৰ কৰ্মীৰ সংঘৰ্ষত কমেও ৮ জন লোক নিহত হোৱা বুলি কোৱা হৈছে। বিজেপিয়ে নিজৰ দলীয় পতাকা উত্তোলন কৰা কাৰ্যৰ বিৰোধিতা কৰিছিল টিএমচি কৰ্মীয়ে।

ফলত বিজেপিৰ কৰ্মীৰ দ্বাৰা চলোৱা গুলীচালনাত টিএমচিৰ এজন কৰ্মী থিতাতে নিহত হয়। ইয়াৰ পিছত টিএমচিৰ কৰ্মীয়ে চলোৱা প্ৰত্যাক্ৰমণত বিজেপিৰ চাৰিজন কৰ্মী থিতাতে নিহত হয়। অন্য চাৰিজন টিএমচি আৰু বিজেপি কৰ্মী এতিয়াও নিৰুদ্দেশ হৈ আছে বুলি প্ৰকাশ। তেওঁলোকক উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে চলাইছে অভিযান। ইফালে এই ঘটনাত ৰাজ্যৰ শাসকীয় টিএমচিৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দোষাৰোপ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গিয়াই।

তেওঁ কয় যে ৰাজ্যখনত অস্থিৰতাৰ সৃষ্টি কৰি চৰকাৰে বিজেপি কৰ্মীসকলক আক্ৰমণ কৰিবলৈ উচতনি দিছে। ইয়াৰ বিপৰীতে টিএমচিৰ তৰফৰ পৰাও বিজেপিয়ে ৰাজ্যখনত অস্থিৰতা সৃষ্টি কৰি ক্ষমতা হস্তগত কৰিবলৈ বিচৰা বুলি অভিযোগ কৰা হৈছে। হৈ যোৱা লোকসভা নিৰ্বাচনত ৪২ সংসদীয় সমষ্টিৰ ১৮ খনত বিজেপিয়ে আৰু ২২ খনত টিএমচিয়ে বিজয় সাব্যস্ত কৰে। ইয়াৰ পিছৰ পৰাই জয়শ্ৰীৰাম ধবনি, জয় মা কালী ধবনি, জয় বাংলা ধবনি ইত্যাদিৰ কাৰণেও দুয়োটা দলৰ মাজত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। ইফালেকালিৰ ঘটনাৰ পিছতে দিল্লীলৈ উৰা মাৰিছে ৰাজ্যখনৰ বিজেপি দলৰ প্ৰতিনিধি মুকুল ৰয়, শান্তনু বসু, লকেট চেটাৰ্জী, জগন্নাথ সৰকাৰ, অৰ্জুন সিং, দুলাল বাৰ, সান্তনু ঠাকুৰ আদিয়ে। নিহত হোৱা বিজেপি কৰ্মীকেইজনৰ মাজত প্ৰদীপ মণ্ডল, তপন মণ্ডল আৰু শুকান্ত মণ্ডলক চিনাক্ত কৰা হৈছে।

চতুৰ্থজন নিহত কৰ্মী দেৱব্ৰত মণ্ডল বুলি ধাৰণা কৰা হৈছে। ইফালে সংঘৰ্ষত আহত হোৱা শংকৰ মণ্ডল নামৰ অন্য এজন বিজেপি কৰ্মীৰ মৃতদেহ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইফালে তৃণমূলৰ মৃত কৰ্মীজনৰ নাম কায়াম মোল্লাহ বুলি উল্লেখ কৰা হৈছে। অন্য দুজন তৃণমূলৰ কৰ্মীক নদীলৈ নিক্ষেপ কৰা বুলিও অভিযোগ কৰা হৈছে। বিজেপিৰ কৰ্মীৰ আক্ৰমণত ১৮ জন তৃণমূলৰ কৰ্মী গুৰুতৰভাৱে জখম হোৱা বুলি অভিযোগ কৰা হৈছে। ইফালে বিজেপিৰো ১৮ জন কৰ্মী বৰ্তমানলৈকে নিৰুদ্দেশ হৈ থকা বুলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে। এই ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে দলৰ সাধাৰণ সম্পাদকৰ উপৰিও চৰকাৰৰ গৃহ বিভাগ, গৃহ সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা পৃথকে পৃথকে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here