Home মুখ্য পৃষ্ঠা নিৰাপত্তাহীনতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীঃ ইটোৰ পিছত সিটো নিৰ্যাতন-আক্ৰমণৰ ঘটনা,আৰক্ষী-কৰ্তৃপক্ষŽৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ ক্ষোভ

নিৰাপত্তাহীনতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীঃ ইটোৰ পিছত সিটো নিৰ্যাতন-আক্ৰমণৰ ঘটনা,আৰক্ষী-কৰ্তৃপক্ষŽৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ ক্ষোভ

30
0

দৈনন্দিন বাৰ্তা,মহানগৰঃ ইটোৰ পিছত সিটো ধাৰাবাহিক আক্ৰমণ আৰু নিৰ্যাতনৰ বলি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত একাংশ ছাত্ৰী। বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰতে আৰু কেতিয়াবা আশে-পাশে সংঘটিত হোৱা এনে কাৰ্যত শিক্ষাৰ্থীসকলৰ মাজত ক্ষোভ আৰু অসন্তোষ বিয়পি পৰিছে। বিশ্ববিদ্যালয়খনৰ চৌহদতে এখন আৰক্ষী থানা আৰু অৰ্ধসামৰিক বাহিনীৰ শিবিৰ আছে। তথাপি দুষ্কৃতিকাৰীয়ে ছাত্ৰীসকলক নিৰ্যাতন আৰু আক্ৰমণ চলাই যোৱা কাৰ্যত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাই অনেক প্ৰশ্নৰ অৱতাৰণা কৰিছে।

উল্লেখ্য যে শনিবাৰে সন্ধিয়া বিশ্ববিদ্যালয়ৰ চৌহদৰ সমীপৱৰ্তী লংকেশ্বৰৰ কৈলাশপুৰ বজাৰত দুগৰাকী ছাত্ৰীক বাইকত অহা দুৰ্বৃত্তই লোকচক্ষুৰ সন্মুখতে নিৰ্যাতন চলায়। ছাত্ৰী দুগৰাকীয়ে বজাৰ কৰিবলৈ ছাত্ৰী নিৱাসৰ পৰা ওলাই আহিছিল। পিছত চিঞৰ-বাখৰ কৰাত বাইক আৰোহি দুৰ্বৃত্ত পলায়ন কৰে যদিও উক্ত বাইকখনৰ পঞ্জীয়ন নম্বৰৰ একাংশ ০৭৭৩ বুলি নিশ্চিত কৰা হৈছে।

এই বিষয়টো ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বেও যোৱা ৫ জুন তাৰিখে এগৰাকী ছাত্ৰীয়ে নিজৰ ছাত্ৰী নিৱাসলৈ আহি থকাৰ সময়তে দুজন দুৰ্বৃত্তই পিছফালৰ পৰা গবা মাৰি ধৰিছিল। লগত থকা সহপাঠীয়ে চিঞৰ-বাখৰ কৰাত দুৰ্বৃত্ত পলাই যাবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বেও একাধিকবাৰ বহু ছাত্ৰী এনেধৰণে নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে।

এই বিষয়ে কৰ্তৃপক্ষŽক অৱগত কৰাৰ লগতে স্থানীয় আৰক্ষী থানাতো লিখিত অভিযোগ দিয়া হৈছে। তথাপি দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ অক্ষম হোৱাত এতিয়া চৰম নিৰাপত্তহীনতাত ভুগিছে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ অহা দূৰ-দূৰণিৰ ছাত্ৰীসকল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here