Home মুখ্য পৃষ্ঠা জহৰ জেঠত গৰমত দহিছে দেশৰ জনতাকঃ দিল্লীত ৪৮ ডিগ্ৰী, গুৱাহাটীত ৩৫ ডিগ্ৰী...

জহৰ জেঠত গৰমত দহিছে দেশৰ জনতাকঃ দিল্লীত ৪৮ ডিগ্ৰী, গুৱাহাটীত ৩৫ ডিগ্ৰী চেলছিয়াছ, সপ্তাহজুৰি উৎকট গৰমৰ সম্ভাৱনা

54
0

দৈনন্দিন বাৰ্তা, ডিজিটেল ডেস্কঃ গ্ৰীষ্মৰ সমাপ্তিৰ ক্ষŽণ সমাগত যদিও চলিত বৰ্ষত বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে ৰাজধানী দিল্লীৰ লগতে বিভিন্ন স্থানত উৎকট গৰমে স্বাভাৱিক জীৱন যাত্ৰা বাধাগ্ৰস্থ কৰিছে। আগন্তুক এসপ্তাহলৈ এনেধৰণৰ তীব্ৰ ৰ’দ আৰু অত্যধিক গৰমে দেশবাসীক জ্বলাকলা খুৱাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত প্ৰকাশ পাইছে।

ইফালে গুৱাহাটীটো সঘন বতৰ পৰিৱৰ্তন আৰু উৎকট গৰমৰ বাবে বিভিন্ন স্থানত অনেক লোক ৰোগাক্ৰান্ত হোৱাৰ খবৰ আহিছে। আজিৰ দিনটোত স্থানবিশেষে ৩৫ ডিগ্ৰী ছেলছিয়াছৰ সীমা অতিক্ৰম কৰিছে। বতৰ বিজ্ঞানৰ কেন্দ্ৰীয় তথ্য অনুসৰি আগন্তুক গোটেই সপ্তাহত উত্তাপ ক্ৰমাগতভাৱে বৃদ্ধি হৈ থাকিব।

বৰষুণৰ পৰিমাণ হ্ৰাস হোৱা আৰু দুই-এজাক পাতলীয়া বৰষুণ ক্ষন্তেকৰ বাবে হ’লেও গৰমৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা ক্ষীণ। যাৰ বাবে সপ্তাহযোৰা উৎকট গৰম আৰু তীব্ৰ ৰ’দৰ মুখামুখি হ’বলৈ গুৱাহাটীবাসী সাজু হোৱাৰ গত্যন্তৰ নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here