Home মুখ্য পৃষ্ঠা লোকসভাৰ প্ৰাৰ্থী নিৰ্বাচনৰ পুনৰাবৃত্তি হ’ব বিধানসভাতোঃ দুকুৰী বিজেপি বিধায়কে পুনৰ টিকট পোৱাৰ...

লোকসভাৰ প্ৰাৰ্থী নিৰ্বাচনৰ পুনৰাবৃত্তি হ’ব বিধানসভাতোঃ দুকুৰী বিজেপি বিধায়কে পুনৰ টিকট পোৱাৰ সম্ভাৱনা ক্ষীণ

79
0

দৈনিন্দিন বাৰ্তা, ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিৰ শীৰ্ষ নেতৃত্বই অতি কঠোৰ দৃষ্টিভংগীৰে আৰু ক্ষমাহীন নীতিৰে প্ৰাৰ্থী বাছনি কৰিছিল। যাৰ বাবে দলটোৱে আশাতিত সফলতা আজুৰি আনিবলৈ সক্ষম হৈছিল। অসমতো সাতজন সাংসদৰ পাঁচজনকে বঞ্চিত কৰিছিল দলীয় মনোনয়নৰ পৰা। তথাপি দলটোৱে পূৰ্বতকৈ অধিক আসনত জয়ী হ’বলৈ সক্ষম হৈছিল। একেই নীতিৰে অসমৰ আগন্তুক বিধানসভাৰ নিৰ্বাচনতো অধিকাংশ বৰ্তমানৰ বিধায়কে পুনৰ দলীয় টিকট লাভ কৰাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে।

যাৰবাবে দলৰ শীৰ্ষ নেতৃত্বই এতিয়াৰ পৰাই বিভিন্ন সমষ্টিত বিকল্প প্ৰাৰ্থীৰ সন্ধান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে ৬১ টা সমষ্টিত জয়ী হৈছিল। নিৰ্বাচনী বুজাপৰা অনুসৰি দলটোৱে অগপ আৰু বিপিএফৰ সৈতে মিত্ৰতা কৰিছিল। দুই মিত্ৰৰ অগপই ১৪ টাত আৰু বিপিএফে ১২ টাত নিজৰ প্ৰাৰ্থীক জয়ি কৰাবলৈ সক্ষম হৈছিল। মন্ত্ৰীসভা গঠনৰ কালতো অগপ আৰু বিপিএফক তিনিটাকৈ মুঠ ছটা মন্ত্ৰীপদ অৰ্পণ কৰিছে।

ফলত বিজেপিয়ে যথেষ্ট ত্যাগ কৰা বুলিও চৰ্চিত হৈছে। আগন্তুক ২০২১ চনৰ নিৰ্বাচনল মাজত ২০ মাহ বাকী আছে যদিও দিল্লীত আশাতিতভাৱে সফলতাৰে গেৰুৱা দলটোৱে নিজৰ সবলতা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ পিছত প্ৰতিখন ৰাজ্যতে নিজৰ দলীয় চৰকাৰ গঠনৰ বাবে কূটকৌশল আৰম্ভ কৰিছে। চলিত বছৰত তিনিখন ৰাজ্যত হ’ব লগা বিধানসভাৰ বাবেও বিজেপিয়ে একেই কঠোৰ দৃষ্টিভংগীৰে প্ৰাৰ্থী বাছনি কৰিব বুলি জানিব পৰা গৈছে।

অসমতো পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ প্ৰতিষ্ঠাৰ স্বাৰ্থত বৰ্তমানৰ ৬১ জনীয়া সদস্যৰ মাজৰ পৰা কমেও দুকুৰীজন মন্ত্ৰী-বিধায়কক পুনৰ টিকট নিদিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এইক্ষেত্ৰত চাৰিজন মন্ত্ৰীৰ নাম সৰ্বাধিক চৰ্চিত হৈছে। সমান্তৰালভাৱে বৰাক উপত্যকাৰ চাৰিজন, পাহাৰীয়া জিলা দুখনৰ তিনিজন, গুৱাহাটী মহানগৰৰ এজন, নগাঁও জিলাৰ দুজন, শোণিতপুৰৰ তিনিজন, ধুবুৰীৰ দুজন, লখিমপুৰৰ এজন বিধায়কসহ মুঠ ৪০ টা সমষ্টিত বৰ্তমানৰ মন্ত্ৰী-বিধায়কে টিকট নোপোৱাটো একপ্ৰকাৰ নিশ্চিত বুলিব পাৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here