Home মুখ্য পৃষ্ঠা মধুমেহ, বৃক্ক ৰোগত আক্ৰান্ত পৰেশ বৰুৱাঃ স্বাধীন অসমৰ সংগ্ৰাম আগুৱাই নিয়াৰ ক্ষেŽত্ৰত...

মধুমেহ, বৃক্ক ৰোগত আক্ৰান্ত পৰেশ বৰুৱাঃ স্বাধীন অসমৰ সংগ্ৰাম আগুৱাই নিয়াৰ ক্ষেŽত্ৰত দ্বিধাগ্ৰস্ত আলফাৰ কেডাৰ

71
0

দৈনন্দিন বাৰ্তা, ডিজিটেল ডেস্কঃ কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈ সঘনে চিকিৎসা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে তিনিকুৰি বছৰ অতিক্ৰম কৰা আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই। যাৰ বাবে আলোচনা বিৰোধী এইজন নেতাই নিজৰ দলীয় সদস্যসকলৰ সৈতে যোগাযোগৰ বাহিৰত অৱস্থান গ্ৰহণ কৰি আহিছে। নিজৰ নেতাৰ এনে স্থিতি আৰু যোগাযোগহিনতাৰ বাবে দিশ-বিদিক হেৰুৱাই অনাগত সময়ত স্বাধীন অসমৰ ঘোষিত সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত দ্বিধাগ্ৰস্ত হৈ পৰিছে বিভিন্ন পৰ্যায়ৰ কেডাৰসকল।

উল্লেখ্য যে যোৱা তিনি মাহৰ ভিতৰত আলফাৰ বহুকেইজন শীৰ্ষ কেডাৰে আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে। নিজৰ অনিশ্চিত ভৱিষ্যৎ আৰু শীৰ্ষ নেতাৰ অমনোযোগিতাৰ বাবে স্বাধীন অসমৰ স্বপ্নভংগ হ’বলৈ বাধ্য হৈছে। কেনেবাকৈ মৰণক শৰণ দি সীমান্ত অতিক্ৰমী আত্মসমৰ্পণ কৰাৰ পিছতে আলফা স্বাধীনৰ প্ৰকৃত স্থিতি আৰু সংগ্ৰামৰ কৌশল সম্পৰ্কে আৰক্ষীৰ ওচৰত দফাই দফাই স্বীকাৰোক্তি দিছে। উল্লেখ্য যে যোৱা তিনিমাহ ধৰি সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ সৈতে আলফাৰ কোনো এজন নেতা-কৰ্মীৰ সৈতে যোগাযোগ নথকা বুলি আৰক্ষীৰ ওচৰত ব্যক্ত কৰা হৈছে।

ফলস্বৰূপে চাৰ্জেন বৰুণ অসম, মণিকান্ত সোণোৱাল ওৰফে আদৰ্শ অসম, বাস্কৰ বৰা ওৰফে থুমুং অসম, নিজান দলে ওৰফে নিন্দ্ৰা অসম আদিৰ লগতে অনেকজন অনামি সদস্যই ধাৰাবাহিকভাৱে আত্মসমৰ্পণ কৰি আহিছে। ম্যানমাৰত অৱস্থিত আলফা স্বাধীন, এনডিএফবিৰ সংবিজিত পন্থী, মণিপুৰৰ মেইটে উগ্ৰপন্থী, নাগালেণ্ডৰ এনএছচিএন খাপলাং আৰু শিবিৰত যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ম্যানমাৰৰ সেনাই অভিযান চলাই আহিছে। ফলত উত্তৰ পূবৰ প্ৰায় আটাইবোৰ অস্ত্ৰধাৰী সংগঠনৰ শিবিৰ বিধবস্ত হৈছে। তেনে স্থলত আলফাৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই চীনৰ য়ুনান প্ৰদেশৰ দেহং আৰু ৰুইলী অঞ্চলত পৰিয়ালসহ আত্মগোপন কৰা বুলি কোৱা হৈছে।

এই দুয়োটা অঞ্চল ম্যানমাৰৰ সীমান্তৱৰ্তী হোৱাৰ বাবে সহজে পৰেশ বৰুৱাই অহা-যোৱা কৰিব পাৰে। টাগা অঞ্চলত অৱস্থিত আলফা স্বাধীনৰ প্ৰশিক্ষণ শিবিৰত পৰেশ বৰুৱাই মাজে-সময়ে ভূমুকি মাৰিছিল যদিও বৰ্তমান স্বাস্থ্যজনিত কাৰণত দীৰ্ঘদিন ধৰি সৰ্বাধিনায়কজনক কোনেও দেখা নাই। ইয়াৰ বিপৰীতে চীনৰ চিকিৎসালয়ত পৰেশ বৰুৱাই সঘনে মধুমেহ ৰোগ আৰু বৃক্ক ৰোগৰ বাবে চিকিৎসাধীন হ’বলগী পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলিও দেশৰ চোৰাংচোৱা সংস্থা আৰু অসম আৰক্ষীৰ হাতত থকা তথ্যত প্ৰকাশ। অৱশ্যে দেহাং আৰু ৰুইলী অঞ্চলৰ উপৰিও পৰেশ বৰুৱাই চীনৰ টেনচং আৰু নুইজাং অঞ্চলতো আত্মগোপন কৰাৰ সম্ভাৱনাৰ বিষয়ে চোৰাংচোৱা সংস্থাই ব্যক্ত কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here