Home মুখ্য পৃষ্ঠা প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ ৰাজ্যখনৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনঃ সমস্যাৰাজি আলোকপাতেৰে প্ৰধানমন্ত্ৰীক...

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ ৰাজ্যখনৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনঃ সমস্যাৰাজি আলোকপাতেৰে প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ, মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা বিষয়বোৰ সমাধানৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ

20
0

ডিজিটেল ডেস্ক, দৈনন্দিন বাৰ্তাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দ্বিতীয়টো কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীক তেখেতৰ নতুন দিল্লীত থকা চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। সাক্ষাৎ কালত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে অসমৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে বিশদ আলোচনা কৰাৰ উপৰি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত পূৰ্বৰ দৰে সহায়-সহযোগিতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে আলোচনাৰ সময়তে ৰাজ্যখনৰ বিভিন্ন সমস্যাৰ আলোকপাত কৰি ইয়াৰ আশু সমাধান কামনা কৰি প্ৰধানমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আলোচনা কালত স্মাৰক পত্ৰৰ উল্লেখিত বিষয়সমূহৰ ইতিবাচক দৃষ্টিভংগীৰে সমাধান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীক আশ্বাস প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা স্মাৰক পত্ৰত বান আৰু গৰাখহনীয়াই কেনেদৰে ৰাজ্যখন বছৰি বছৰি ক্ষতিগ্ৰস্ত কৰি আহিছে এইটো দিশ আলোকপাত কৰে।

স্মাৰক পত্ৰখনত এইটো উল্লেখ কৰা হৈছে যে এছডিআৰএফৰ গাইড লাইনত গৰাখহনীয়া সমস্যাটো প্ৰাকৃতিক দুৰ্যোগ হিচাপে অন্তৰ্ভুক্ত কৰা হোৱা নাই, সেয়েহে গৰাখহনীয়া সমস্যাৰ ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ লোৱাৰ বাবে এনডিআৰএফ আৰু এছডিআৰএফৰ অধীনত সাহায্য আগবঢ়োৱাৰ দিশত নদীৰ গৰাখহনীয়া সমস্যাক প্ৰাকৃতিক দুৰ্যোগ হিচাপে অন্তৰ্ভুক্ত হ’ব লাগে। আনহাতে অসমৰ দৰে ৰাজ্য সমূহত সঘনাই ঘটি থকা ধুমুহা আৰু বজ্ৰপাতৰ ঘটনাকো প্ৰাকৃতিক দুৰ্যোগৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

তদুপৰি বান তথা অগ্নিকাণ্ডৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰতিষ্ঠান ইত্যাদি ক্ষতিগ্ৰস্ত হ’লে এছডিআৰএফৰ নিয়মাৱলী অনুসৰি যাতে সাহায্য আগবঢ়াব পৰা যায় ইয়াৰ এটা সুব্যৱস্থা কৰাৰ বাবেও প্ৰধানমন্ত্ৰীক আহবান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে বান প্ৰতিৰোধ, বানপানীৰ বাবে প্ৰস্তুতি, নিৰাময়, পুনৰ নিৰ্মাণ ইত্যাদি দিশ সমূহকো দুৰ্যোগ ব্যৱস্থাপনাৰ আওতালৈ অনাৰ বাবে আহবান জনায় যাতে ইয়াৰ অধীনত পৰ্যাপ্ত পুঁজি আগবঢ়াব পৰা যায়। এছডিআৰএফৰ অনুদানৰ আৰ্হি বৰ্তমানৰ ৯০ছ১০ ৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০০ শতাংশ সাহায্য অনুদান হিচাপে ৰূপায়ণ কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহবান জনায়।

মুখ্যমন্ত্ৰীয়ে নিটি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ জলসম্পদৰ সঠিক ব্যৱস্থাপনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী ইতিমধ্যে গঠন কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনোৱাৰ উপৰি অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ বাবে কমিটীয়ে ইতিমধ্যে দাখিল কৰা খচৰা প্ৰতিবেদন অনুসাৰে উত্তৰ পূৰ্বাঞ্চল জলসম্পদ ব্যৱস্থাপনা কতৃÇপক্ষ স্থাপনৰ ব্যৱস্থা ল’বলৈও আহবান জনায়। মুখ্যমন্ত্ৰীয়ে বান ব্যৱস্থাপনা কাৰ্যসূচী (এফ এম পি) পুনৰুজ্জীৱিতকৰণৰ বাবেও প্ৰধানমন্ত্ৰীক আহবান জনায়। স্মাৰক পত্ৰখনত মুখ্যমন্ত্ৰীয়ে হিন্দুস্থান পেপাৰ কৰ্পোৰেশ্বনৰ অধীনত নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ পুনৰুজ্জীৱিতকৰণৰ বাবে গুৰু উদ্যোগ বিভাগে প্ৰস্তুত কৰা পুনৰুজ্জীৱিতকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় কেবিনেটত উত্থাপন কৰাৰ জৰিয়তে এই কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ ব্যৱস্থা ল’বলৈও প্ৰধানমন্ত্ৰীক আহবান জনায়। ইয়াৰ বাবে প্ৰয়োজন হোৱা পুনৰুজ্জীৱিতকৰণৰ পেকেজৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহবান জনায়।

স্মাৰক পত্ৰখনত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোগ্যতা সম্পন্ন ৰাজ্যখনৰ বাদ পৰি যোৱা হিতাধিকাৰীসকলকো এই যোজনাখনৰ স্থায়ী ৱেটিং লিষ্টত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ব্যৱস্থা কৰিবলৈ আহবান জনায় যাতে এই সকল হিতাধিকাৰীয়েও নিৰাপদ পকীঘৰ লাভ কৰিব পাৰে। স্মাৰক পত্ৰখনত এইটো উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্বলা, স্বচ্ছ ভাৰত ইত্যাদিৰ দৰে ধবজাবাহী আঁচনি সমূহ যিহেতুকে আৰ্থসামাজিক জাতি পিয়লৰ তথ্যৰ সৈতে সংযুক্ত সেয়েহে ইয়াৰ তথ্য সমূহৰ অদ্যবধিকৰণ একান্তই প্ৰয়োজন যাতে নতুন যোগ্যতা সম্পন্ন জনসাধাৰণক অতি সহজে এই আঁচনিৰ আওতালৈ আনিব পৰা যায়।

স্মাৰক পত্ৰখনত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে ২০ হাজাৰ কোটি টকাতকৈও অধিক টকা ব্যয়ৰে নগৰ উন্নয়ন, মীন, পথ আৰু দলং, পৰ্যটন, স্বাস্থ্য, শক্তি, জলসম্পদ ইত্যাদি খণ্ডত ৰূপায়ণ কৰিবলগীয়া প্ৰকল্পৰ প্ৰস্তাৱ ভাৰত চৰকাৰৰ বিভিন্ন সংস্থাৰ দ্বাৰা পৰীক্ষণ হৈ থকাৰ বিষয়টো আঙুলিয়াই দি এই প্ৰস্তাৱ সমূহৰ অনুমোদন কাৰ্য শীঘ্ৰে সম্পন্ন কৰাৰ দিশত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰে। স্মাৰক পত্ৰখনত মুখ্যমন্ত্ৰীয়ে উত্তৰ পূব ঔদ্যোগিক উন্নয়ন আঁচনি-২০১৭ পুনৰ মূল্যায়ন কৰি ৰাজ্যখনত যাতে বৃহৎ ঔদ্যোগিক ক্ষেত্ৰসমূহক আকৰ্ষিত কৰিব পৰা যায় ইয়াৰ বাবে চেণ্ট্ৰল কেপিটেল ইনভেষ্টমেণ্ট ইনচেনটিভ অতিকমেও ৫০ কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে আহবান জনায়। তদুপৰি ইয়াৰ কাৰ্যকৰী নিৰ্দেশনা সমূহো বিনিয়োগ অনুকূল কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহবান জনায়।

মুখ্যমন্ত্ৰীয়ে এক্ট ইষ্ট পলিচিৰ অধীনত এছিয়ান ট্ৰাই লেটাৰেল হাইৱে নিৰ্মাণৰ কাম আৰু অধিক ক্ষিপ্ৰতৰ কৰাৰ বাবে আহবান জনায় যাতে আছিয়ান দেশসমূহৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ পথ যোগাযোগ ব্যৱস্থা সূচলতৰকৰণৰ জৰিয়তে বিকাশৰ গতি ত্বৰান্বিত কৰিব পৰা যায়। মুখ্যমন্ত্ৰীয়ে বাংলাদেশৰ চিটাংগংগ আৰু মঙলা বন্দৰ উত্তৰ পূৰ্বাঞ্চলৰ জলপৰিবহণৰ বাবে ব্যৱহৃত জাহাজ সমূহে ব্যৱহাৰ কৰাৰ দিশটো সূচলতৰকৰণৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিউডৰ স্বাক্ষৰৰ ক্ষিপ্ৰ ব্যৱস্থা কৰিবলৈও আহবান জনায়। মুখ্যমন্ত্ৰীয়ে এন টি পিচিৰ বঙাইগাঁও শক্তি প্ৰকল্পৰ নিৰিাখ চেণ্ট্ৰেল ইলেকট্ৰিচিটী ৰেগুলেটৰী কমিশ্যনে ধাৰ্য কৰা নিৰিখতকৈ হ্ৰাস কৰাৰ বাবেও ইয়াৰ বাবে কিছু উপায় সম্বলিত কৰিব ব্যৱস্থা ল’বলৈ প্ৰধানমন্ত্ৰীক আহবান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here