Home মুখ্য পৃষ্ঠা বিকল্প নেতাৰ অভাৱ কংগ্ৰেছতঃ জ্যেষ্ঠ নেতাৰ বৈঠকৰ পিছত মুখপাত্ৰ সূৰ্যৱালাৰ ঘোষণা– ‘ৰাহুল...

বিকল্প নেতাৰ অভাৱ কংগ্ৰেছতঃ জ্যেষ্ঠ নেতাৰ বৈঠকৰ পিছত মুখপাত্ৰ সূৰ্যৱালাৰ ঘোষণা– ‘ৰাহুল গান্ধী সভাপতি আছিল, আছে আৰু থাকিব…’

53
0

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ কেৱল লোকসভাৰ নিৰ্বাচনতে বিধবস্ত হৈ দিশহাৰা হৈ পৰা নাই কংগ্ৰেছ দলটো। নিজৰ দলৰ বাবে এজন বিকল্প শক্তিশালী নেতাৰ অভাবেও ১৩৫ বছৰীয়া দলটোক কেউদিশৰ পৰা দুৰ্বল আৰু নিশকটীয়া কৰি আনিছে। যাৰবাবে গান্ধী পৰিয়ালৰ বাহিৰে দলটোৰ নেতা-কৰ্মীয়ে অন্য কাৰোবাক ভৰসা কৰিব পৰাকৈ শক্তিশালী মানসিকতা আজিকোপতি অৰ্জন কৰিব নোৱাৰিলে।

উল্লেখ্য যে নিৰ্বাচনত উপৰ্যুপৰি বিপৰ্যয়ৰ পিছত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে তিনিজন নেতালৈ দুখ ঠেলি দি বালকসুলভ অভিমানেৰে দলৰ সভাপতি নহও বুলি ঠেহ পাতিছিল। নিজৰ মাতৃৰ ওচৰত ঠেহ পাতি পদত্যাগ কৰিবলৈ প্ৰস্তুত হৈছিল। মাতৃ ছোনিয়া গান্ধীয়ে লগে লগে কটকীৰ জৰিয়তে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক আহবান কৰোৱালে।

এই বৈঠকতে ৰাহুল গান্ধীয়ে জ্যেষ্ঠ নেতা পি চিদাম্বৰম, অশোক গেহলট আৰু কমল নাথক দোষাৰোপ কৰি দলৰ পদবী এৰিব বুলি আকোৰগোজ হৈ থাকিল। অৱশ্যে একাংশই বুজনি দি কিছুদিন এই পদত থাকিবলৈ সৈমান কৰালে। ইয়াৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ৰাহুল গান্ধীকে সভাপতি হৈ থাকিবৰ বাবে অনুৰোধপত্ৰ প্ৰেৰণৰ প্ৰতিযোগিতা চলিল। বোধকৰো এই ক্ষণটোৰ বাবেই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অপেক্ষা কৰি আছিল।

ৰাহুল নাথাকিলে আমিও নাথাকো বুলি অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি দেশৰ প্ৰায় সকলোবোৰ ৰাজ্যিক সভাপতিয়ে নিজৰ পদ ইস্তফা দিবলৈ ইচ্ছা কৰি ইখনৰ পিছত সিখন পত্ৰ প্ৰেৰণৰ জৰিয়তে সংবাদ মাধ্যমৰ শিৰোণাম দখলৰ প্ৰতিযোগিতাত নামিল। কিন্তু আজি অনুষ্ঠিত দলৰ একাংশ জ্যেষ্ঠ নেতাৰ অনানুষ্ঠানিক আৰু পৰিকল্পিত বৈঠকত একপ্ৰকাৰ সিদ্ধান্ত লোৱা হৈ গ’ল। এই সিদ্ধান্ত অনুসৰি ৰাহুল গান্ধীৰ কান্ধতে থাকিব দলৰ সভাপতিৰ দায়িত্ব।

কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ ৰনদ্বীপ সূৰ্যৱালাই জ্যেষ্ঠ নেতাসকলৰ বৈঠকৰ পিছতে নিজৰ আবেগ দমন কৰিব নোৱাৰি একপ্ৰকাৰ ঘোষণাই কৰি দিলে যে কংগ্ৰেছত ৰাহুল গান্ধী সভাপতি হিচাপে আছিল, আছে আৰু ভৱিষ্যতেও সভাপতি পদত অধিষ্টিত হৈ থাকিব। আজিৰ জ্যেষ্ঠ নেতাৰ বৈঠকত আছিল এ কে এণ্টনী, আহমেদ পেটেল, মল্লিকাৰ্জুন খৰ্গে, গোলাম নবী আজাদ, পি চিদাম্বৰম, কে চি বেনুগোপাল, ৰণদ্বীপ সূৰ্যৱালা, জয়ৰাম ৰমেশ আৰু আনন্দ শৰ্মা। আটাইকেইজন নেতা গান্ধী পৰিয়ালৰ প্ৰতি আনুগত্য থকা বুলি সৰ্বজনবিদিত।

আগন্তুক জম্মু-কাশ্মীৰ, হাৰিয়ানা, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভাৰ বাবে দলৰ ব্যস্ততাৰ দোহাইদি এই সিদ্ধান্ত লোৱা বুলিও মুখপাত্ৰজনে আঙুলিয়াই দিবলৈ নাপাহৰিলে। সেয়েহে সূৰ্যৱালাৰ ঘোষণাই শেষ সিদ্ধান্ত বুলি এতিয়া দেশবাসীয়ে নিশ্চিন্তমনে ৰাহুল গান্ধীকে কংগ্ৰেছৰ সভাপতি হিচাপে বিনা দ্বিধাই সম্বোধন কৰি যোৱাৰ সুযোগ লাভ কৰিলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here