Home মুখ্য পৃষ্ঠা ফ্ৰান্স, জাৰ্মানী, বেলজিয়ামৰ সহজ জয়

ফ্ৰান্স, জাৰ্মানী, বেলজিয়ামৰ সহজ জয়

58
0

ডিজিটেল ডেস্ক: অহা বছৰ হ’বলগীয়া ইউৰো কাপ ফুটবলৰ কোৱালিফায়িং মেচত মঙলবাৰে অতি সহজে বিজয় সাব্যস্ত কৰে বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ লগতে জাৰ্মানী আৰু বেলজিয়ামে। বিগত মেচত তুৰস্কৰ হাতত অপ্ৰত্যাশিত পৰাজয়ৰ সন্মূখীন হোৱা ফ্ৰান্সে কালি সুন্দৰ প্ৰত্যাৱৰ্তনেৰে এনড’ৰাক ৪-০ গলত পৰাস্ত কৰে।

আক্ৰমনাত্মক ৰণকৌশলেৰে দমনীয় প্ৰদৰ্শন কৰা ফ্ৰান্সে প্ৰথমাৰ্ধতে ৩ গলৰ অগ্ৰগতি ল’বলৈ সক্ষম হয়। ১১ মিনিটত কিলিয়ান এমবাপে, ৩০মিিনিটত বেন য়েডেৰ আৰু প্ৰথামাৰ্ধ সমাপ্ত হ’বলৈ কেইটামান ছেকেণ্ড থাউভিনে গল কৰে। ৬০ মিনিটত ফ্ৰান্সৰ জোমাই এটা গল দিয়ে। প্ৰাক্তন বিশ্ব চেম্পিয়ন জাৰ্মানীয়ে এষ্টনিয়াক ৮-০ গলত পৰাস্ত কৰে। জাৰ্মান দলৰ হৈ মাৰ্ক ৰিউজ আৰু জিনেব্ৰিয়ে দুটাকৈ গল কৰে। গৰেত জাকা, গুণ্ডোগান, ৱাৰ্ণাৰ আৰু লিৰোই ছানে এটাকৈ গল দিয়ে।

উল্লেখ্য যোৱা বছৰ ৰাছিয়া বিশ্বকাপত শোচনীয় পৰিস্থিতিৰ সন্মূখীন হৈ গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় লৈছিল জাৰ্মানীয়ে। অৱশ্যে চলিত ইউৰো কোৱালিফায়াৰ্ছত দলটোৱে দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। আনহাতে কালি বিশ্বকাপৰ ছেমি ফাইনেলিষ্ট বেলজিয়ামে ৩-০ গলত পৰাস্ত কৰে স্কটলেণ্ডক।

বেলজিয়ামৰ হৈ ষ্ট্ৰাইকাৰ ৰোমেলু লুকাকুৱে দুটা গল কৰে। আন এটা গল দিয়ে কেভিন ডে ব্ৰুনিয়ে। আন এখন মেচত কালি উত্তৰ আয়াৰলেণ্ডে বেলাৰুছক ১-০ গলত পৰাস্ত কৰে। তীব্ৰ উত্তেজনাপূৰ্ণ মেচৰ ৮৬ মিনিটত মেকনায়াৰে উত্তৰ আয়াৰলেণ্ডৰ হৈ নিৰ্ণায়ক গলটো কৰি নায়কৰ আসন লয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here