Home মুখ্য পৃষ্ঠা পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ নকৰে প্ৰধানমন্ত্ৰীয়েঃ বিকল্প পথেৰে যাব কিৰ্গিস্তানলৈ

পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ নকৰে প্ৰধানমন্ত্ৰীয়েঃ বিকল্প পথেৰে যাব কিৰ্গিস্তানলৈ

70
0
ফাইল ফটো

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ আকাশমাৰ্গেৰে কিৰ্গিস্তানলৈ উৰা নামাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইয়াৰ বিপৰীতে বিকল্প পথেৰে যোৱাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে কিৰ্গিস্তানৰ ৰাজধানী বিশ্বকেকট অনুষ্ঠিতব্য এখন আন্তঃৰাষ্ট্ৰী বৈঠকত অংশ ল’বলৈ যাব লগা প্ৰধানমন্ত্ৰীয়ে উৰণ দূৰত্ব চমুৱাবলৈ পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছিল।

এই বিষয়ে দেশৰ বৈদেশিক মন্ত্ৰালয়ে পাকিস্তানলৈ বাৰ্তা প্ৰেৰণ কৰি মোডীৰ উৰণৰ বিষয়টো অৱগত কৰে আৰু পাক চৰকাৰৰ অনুমতি দাবী কৰে। নিয়মমাফিকভাৱে ভাৰতৰ এই বাৰ্তাৰ প্ৰতি পাকিস্তানে লগে লগে সঁহাৰি জনায়। কিন্তু ইয়াৰ পিছতে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অন্য এক বাৰ্তাত কোৱা হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰাৰ জৰিয়তে পাকিস্তানে আশা কৰে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ সৈতে শান্তি আলোচনাত মিলিত হ’ব।

পাক্ চৰকাৰৰ এই বাৰ্তাই নতুন দিল্লীক ক্ষুব্ধ কৰি তোলে। যাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীক পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ নকৰাকৈয়ে কিৰ্গিস্তানলৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি ভি ভি আই পি বিমানৰ জৰিয়তে নতুন দিল্লীৰ পৰা ওমান, ইৰাণ আৰু মধ্য এছিয়াৰ দেশসমূহৰ আকাশমাৰ্গেৰে বিশ্বকেকলৈ প্ৰধানমন্ত্ৰীক লৈ যোৱাৰ সিদ্ধান্ত লয় দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহত পুলৱামা হত্যাকাণ্ডৰ প্ৰতিশোধ স্বৰূপে ভাৰতৰ বিমান বাহিনীয়ে বালাকোটত আকাশমাৰ্গেৰে আক্ৰমণ কৰি জইছ-ই-মহম্মদৰ তিনি শতাধিক সদস্যক নিধন কৰিছিল। ইয়াৰ পিছতে পাকিস্তানে নিজৰ আকাশমাৰ্গত ভাৰতৰ বিমানৰ উৰণ নিষিদ্ধ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here