Home মুখ্য পৃষ্ঠা তিনি তালাক বিধেয়ক অনুমোদন জম্মু-কাশ্মীৰত ছমাহলৈ ৰাষ্ট্ৰপতি শাসন বৃদ্ধি

তিনি তালাক বিধেয়ক অনুমোদন জম্মু-কাশ্মীৰত ছমাহলৈ ৰাষ্ট্ৰপতি শাসন বৃদ্ধি

61
0

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ বুধবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটে মুছলমান মহিলাৰ বিবাহ বিেচ্ছদ সম্পৰ্কীয় তিনি তালাক বিধেয়খন নতুনকৈ প্ৰস্তুত কৰি গৃহীত কৰা হয়। আগন্তুক লোকসভা অধিৱেশনত এই বিধেয়কখন দাখিল কৰিবৰ বাবে কেন্দ্ৰীয় কেবিনেটে পুনৰবাৰ অনুমোদন জনায়। ইফালে জম্মু-কাশ্মীৰত বৰ্তি থকা ৰাষ্ট্ৰপতি শাসন পুনৰ ছমাহলৈ বৃদ্ধি কৰা হৈছে।

বৰ্তমানৰ ৰাষ্ট্ৰপতি শাসনৰ কাৰ্যকাল অহা তিনি জুলাইত সমাপ্ত হ’ব যদিও কেন্দ্ৰীয় কেবিনেটে তিনি জুলাইৰ পৰা পৰৱৰ্তী ছমাহলৈ ৰাজ্যখন ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনতহে থাকিব বুলি সিদ্ধান্ত লোৱা হয়। প্ৰণিধানযোগ্য এয়ে যে আজি নৰেন্দ্ৰ মোডী নেতৃত্বাধীন নতুন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়খন কেবিনেট সমিতিৰ বৈঠক আছিল। এই বৈঠকৰ পিছতে প্ৰদানমন্ত্ৰীয়ে এখন মন্ত্ৰী পৰিষদৰ বৈঠকো আহবান কৰিছে।

অহা ১৭ জুনৰ পৰা ২৬ জুলাইলৈকে অনুষ্ঠিত হ’ব লগা সংসদৰ বাজেট অধিৱেশনৰ প্ৰাক্ক্ষণত নতুন মন্ত্ৰীসকলে অনাগত পাঁচ বছৰত কি কি কাৰ্যসূচী ৰাইজৰ বাবে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আগ্ৰহী সেয়া প্ৰধানমন্ত্ৰীয়ে জানিবৰ বাবেই কেবিনেট আৰু মন্ত্ৰী পৰিষদৰ দুয়োখন সভা আহবান কৰিছে।

ইফালে মন্ত্ৰী পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে দেশৰ ৰাজ্যিক মন্ত্ৰীসকলক কিছু দায়িত্ব কেবিনেট মন্ত্ৰীসকলে অৰ্পণ কৰিবলৈ পৰামৰ্শ দিয়া বুলি প্ৰকাশ। সাধাৰণতে কেবিনেট মন্ত্ৰীসকলে ৰাজ্যিক মন্ত্ৰীক বিভাগৰ দায়িত্ব অৰ্পণত কৃপণালি কৰে। যাৰ বাবে ৰাজ্যিক মন্ত্ৰীসকলে ফুলদানিৰ দৰে কাৰ্যালয়ত উপস্থিত থকাৰ বাহিৰে বিভাগৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অপাৰগ হয়। ইয়াৰ বাবেই প্ৰধানমন্ত্ৰীয়ে নতুন মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীসকলক তেওঁলোকৰ অধিনৰ ৰাজ্যিক মন্ত্ৰীসকলক বিশ্বাস আৰু আস্থাত লৈ বিভাগৰ দায়িত্ব ভগাই দিবলৈ পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here