Home মুখ্য পৃষ্ঠা নাটিংহামত আজি বিৰাট বাহিনীৰ সন্মুখত শক্তিশালী নিউজিলেণ্ডঃ জয়ৰ হেটট্ৰিকৰ লক্ষ্য টীম ইণ্ডিয়াৰ

নাটিংহামত আজি বিৰাট বাহিনীৰ সন্মুখত শক্তিশালী নিউজিলেণ্ডঃ জয়ৰ হেটট্ৰিকৰ লক্ষ্য টীম ইণ্ডিয়াৰ

23
0

দৈনন্দিন বাৰ্তা স্পৰ্টছ ডেস্ক, নাটিংহামঃ আই চি চি বিশ্বকাপত সুন্দৰ আৰম্ভণি কৰা টীম ইণ্ডিয়াই দুৰ্ভাগ্যজনকভাৱে অ’পেনাৰ শিখৰ ধাৱনক হেৰুৱাব লগা হয়। আঘাত লৈ বিশ্বকাপৰ আৰম্ভণিতে তিনিসপ্তাহৰ বাবে আঁতৰি যোৱা ধাৱনৰ অনুপস্থিতিত কাইলৈ ভাৰতীয়া দল ইয়াৰে ট্ৰেণ্ট ব্ৰীজত সন্মূখীন হ’ব শক্তিশালী নিউজিলেণ্ডৰ। কাইলৈ জয়েৰে বিৰাট কোহলী নেতৃত্বাধীন টীম ইণ্ডিয়াৰ লক্ষ্য হেটট্ৰিক সম্পূৰ্ণ কৰা। কিন্তু ইতিপূৰ্বে চলিত বিশ্বকাপত জয়ৰ হেটট্ৰিক সম্পূৰ্ণ কৰি উঠা নিউজিলেণ্ডৰ বিৰুদ্ধে সেয়া সহজ নহ’ব। বিশ্বকাপৰ ইতিহাসত এই পৰ্যন্ত সাতবাৰ মুখামুখি হৈছে ভাৰত- নিউজিলেণ্ড। ইয়াৰে ৪-৩ ৰ ব্যৱধানত আগবাঢ়ি আছে কিৱি দল।

কাইলৈ নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপত ক্ষমতা স্থাপন কৰাৰ লক্ষ্য ভাৰতীয় দলৰ। মন কৰিবলগীয়া যে চলিত বিশ্বকাপৰে প্ৰস্তুতি মেচত নিউজিলেণ্ডৰ হাতত ভাৰতীয় দলে শোচনীয় পৰাজয়ৰ সন্মূখীন হৈছিল। নিউজিলেণ্ডৰ বেগী বলাৰ ট্ৰেণ্ট ব’ল্টে ভাৰতৰ শক্তিশালী বেটিং লাইনৰ ভেটি খহাইছিল। প্ৰস্তুতিত পৰাজয়ৰ পাছত কাইলৈ নিউজিলেণ্ডৰ বলাৰ সকলক দমন কৰিবলৈ ভাৰতীয় বেটচমেন সকলে কঠোৰ অনুশীলন কৰিছে। দুৰ্দান্ত ছন্দলৈ ওভোটা অ’পেনাৰ শিখৰৰ অনুপস্থিতিত ৰোহিতৰ সৈতে কে এল ৰাহুলে ইনিংছ মুকলি কৰিব বুলি অধিনায়ক বিৰাটে ইংগিত দিছে। তদুপৰি চতুৰ্থ স্থানত বেটচমেন হিচাপে অলৰাউণ্ডাৰ বিজয় শংকৰে কাইলৈ চূড়ান্ত একাদশত সুযোগ পোৱাৰ সম্ভাৱনা অধিক।

অ’পেনাৰ ৰোহিত আৰু বিৰাটৰ লগতে শীৰ্ষ আৰু মধ্য ক্ৰমৰ বেটচমেন সকল সুন্দৰ ছন্দত থকাটো ভাৰতীয় দলটোৰ বাবে ইতিবাচক দিশ। তদুপৰি বলাৰ সকলেও বিগত দুয়োখন মেচতে সুন্দৰ প্ৰদৰ্শন কৰি প্ৰতিকুল পৰিস্থিতিটো উইকেট লাভ সক্ষম হৈছে। ইফালে কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ডৰ আত্মবিশ্বাস তুংগত। ভাৰতীয় দলৰ বিৰুদ্ধে জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ লক্ষ্যৰে কাইলৈ খেলিব বুলি আজি আত্মবিশ্বাসেৰে কয় অধিনায়ক উইলিয়ামছনে। উল্লেখ্য বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নিউজিলেণ্ডে ১৯৭৫, ১৯৭৯, ১৯৯২ আৰু ১৯৯৯ চনত জয়ৰ মুখ দেখিছে। ইয়াৰে ১৯৯২ আৰু ১৯৯৯ বিশ্বকাপ ইংলেণ্ডতে হৈছিল।

ইংলেণ্ডৰ ভূমিত বিশ্বকাপত এতিয়ালৈ ভাৰতৰ বিৰুদ্ধে নিউজিলেণ্ড অপৰাজিত হৈ আছে। সেই অভিলেখ অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ব নে নাই সেয়া কাইলৈ গম পোৱা যাব। আনহাতে ভাৰতে ১৯৮৭ আৰু ২০০৩ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপত জয়ী হৈছিল। বিৰাট বাহিনীৰ লক্ষ্য কাইলৈ ষোল্ল বছৰীয়া অপেক্ষাৰ অন্ত পেলোৱা। ইফালে কাইলৈ হ’বলগীয়া এই হাই ভেল্টেজ মেচখনত বৰষুণে বিঘিনি ঘটোৱাৰ পূৰ্ণ সম্ভাৱণা আছে। স্থানীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বৰষুণৰ বাবে মেচখন বাতিলো হ’ব পাৰে। মন কৰিবলগীয়া যে বিশ্বকাপত বৰষুণে ব্যাপক খেলিমেলিৰ সৃষ্টি কৰিছে। বিগত দুটা দিনৰ মেচ বৰষুণৰ বাবে সম্পূৰ্ণৰূপে পৰিত্যক্ত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here