Home মুখ্য পৃষ্ঠা মাহমৰাৰ টিমনত পথ অৱৰোধ কাৰ্যসূচীঃ বিধ্বস্ত পথ মেৰামতি কিম্বা পুনৰ নিৰ্মাণৰ দাবী

মাহমৰাৰ টিমনত পথ অৱৰোধ কাৰ্যসূচীঃ বিধ্বস্ত পথ মেৰামতি কিম্বা পুনৰ নিৰ্মাণৰ দাবী

64
0

ডিজিটেল ডেস্ক, সোণাৰিঃ বাট-পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে চৰাইদেউ জিলাবাসীক। জিলাখনৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বহুকেইটা মূল পথৰ দুৰৱস্থাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে জনতা। মনকৰিবলগীয়া যে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰপৰা মৰাণ, সোণাৰিৰপৰা ভজো হৈ সাপেখাতি সংযোগী নাহৰ আলি আৰু সোণাৰিৰপৰা ৰাজগড় পথ হ’ল জিলাখনৰ অত্যন্ত গুৰুত্বপূৰ্ণ পথ।

অতি গুৰুত্বপূৰ্ণ পথ তিনিটা আজিৰ তাৰিখত অতি বিধ্বস্ত হৈ পৰাৰ পাছতো মেৰামতি কিম্বা পুনৰ নিৰ্মাণৰ বাবে কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ কৰা নাই গড়কাপ্তানি বিভাগে। যাৰ ফলত মৰণত শৰণ দি যাত্ৰীসকল বিশেষকৈ ছাত্ৰ-ছাত্ৰী তথা ৰোগীসকলে যাত্ৰা কৰিবলগীয়া হয়। পথত দ’ দ’ গাঁতৰ সৃষ্টি হোৱা বাবে সময়ে সময়ে কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বহুকেইজন লোকে মৃত্যুমুখত পৰিবলগীয়া হৈছে।

আনহাতে বিধ্বস্ত পথকেইটা নিৰ্মাণৰ বাবে বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন তথা স্থানীয় ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰাৰ লগতে পথ অৱৰোধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰাৰ পাছতো আজিলৈকে গুৰুত্বই নিদিলে চৰাইদেউ জিলাৰ গড়কাপ্তানি বিভাগ তথা চৰাইদেউ জিলা প্ৰশাসনে। ইয়াৰ পৰিপ্ৰেক্ষিততে অহা ১৫ জুনত পুনৰবাৰ পথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে জনসাধাৰণে।

জানিব পৰামতে বৃহত্তৰ টিমনবাসী তথা বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন আৰু টিমন জ্যেষ্ঠ নাগৰিক মঞ্চৰ সহযোগত অহা ১৫ জুনত টিমন তিনি আলিত এই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হব। এই কাৰ্যসূচীৰ পাছতো যদি অতি শীঘ্ৰেই পথ ছোৱা নিৰ্মাণ কৰা নহয় তেতিয়াহলে অনিৰ্দিষ্ট কালৰ বাবে কাকতিবাৰীপৰা ৰাজগড়লৈ এই পথত যানবাহন চলাচল বন্ধ কৰি দিয়া হ’ব বুলি জানিবলৈ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here