Home মুখ্য পৃষ্ঠা ‘জগতগুৰু’ৰ সাধনাৰ থলীতো লুণ্ঠনৰ হাতোৰাঃ ঐতিহ্যমণ্ডিত গাংমৌথান প্ৰতিৰোধ আঁচনিৰ নামত বৃহৎ কেলেংকাৰী

‘জগতগুৰু’ৰ সাধনাৰ থলীতো লুণ্ঠনৰ হাতোৰাঃ ঐতিহ্যমণ্ডিত গাংমৌথান প্ৰতিৰোধ আঁচনিৰ নামত বৃহৎ কেলেংকাৰী

41
0

“৫০ শতাংশ কাম কৰি লুণ্ঠনকাৰী চক্ৰই ভুৱা বিলৰে উলিয়াই নিলে আঁচনিৰ সিংহভাগ ধন, গাংমৌথানৰ গৰাখহনীয়াত নপৰিল এচপৰাও মাটিঃ সমাগত বাৰিষাই থানলৈ আনিছে ভাবুকি”

ডিজিটেল ডেস্ক, বৰগাঙৰ গাংমৌথানৰ পৰা মিণ্টু হেমৰমঃ দুৰ্নীতিৰ শূন্য সহনশীল নীতি ঘোষণা কৰা এই চৰকাৰখনৰ শাসনকালতে গাংমৌথানৰ দৰে অসমীয়াৰ চিৰপূজ্য গুৰুজনাৰ সাধনাৰ থলীও লুণ্ঠনকাৰীৰ লুণ্ঠনৰ হাঁতোৰাৰ পৰা সাৰি যোৱা নাই। অসমীয়া জাতীয় জীৱনৰ জীৱন শক্তিস্বৰূপ, মহাপুৰুষ শংকৰদেৱৰ কৰ্মময় জীৱনৰ বৰ্ণিল স্মৃতি বিজড়িত অবিভক্ত শোণিতপুৰ জিলাৰ বৰগাংস্থ গাংমৌথানখনৰ চৌহদত অব্যাহত থকা গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে জলসম্পদ বিভাগে ৰূপায়ণ কৰা আঁচনিত মুকলিকৈয়েই সংঘটিত হৈছে কোটি কোটি টকাৰ কেলেংকাৰী।

অসমীয়া সমাজ জীৱনৰ ঐতিহ্যস্থলী হিচাপে খ্যাত গাংমৌথানৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত জলসম্পদ বিভাগৰ ঠিকাদাৰ আৰু বিষয়া-অভিযন্তাই গৰাখহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণৰ নামত অব্যাহত ৰখা ব্যাপক দুৰ্নীতি-লুণ্ঠনৰ পৰিণতিতে প্ৰহসনলৈ পৰিণত হৈছে গাংমৌথানৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা জলসম্পদ বিভাগৰ গৰাখহনীয়া প্ৰতিৰোধ আঁচনি। গাংমৌথানৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়িত গৰাখহনীয়া প্ৰতিৰোধৰ আঁচনি সমূহৰ ৰূপায়ণৰ নামত চলোৱা দুৰ্নীতি-লুণ্ঠনত জলসম্পদ বিভাগৰ ঠিকাদাৰ উদয়াদিত্য গোস্বামী, সহকাৰী অভিযন্তা লোচন চৌধুৰী, পবিত্ৰ বৰা আৰু কনিষ্ঠ অভিযন্তা গৌতম নাথ জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে।

উল্লেখ্য, গাংমৌথান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল বৰগাং নৈৰ গৰাখহনীয়াৰ পৰা প্ৰতিৰোধ আঁচনি নামৰ জলসম্পদ বিভাগৰ দ্বাৰা এখন আঁচনি ৰূপায়ণৰ বাবে ২০১৭ বৰ্ষত অনুমোদিত হৈছিল। তেজপুৰ জলসম্পদ সংমণ্ডলৰ দ্বাৰা ৰূপায়িত আঁচনিখনৰ ঠিকা লাভ কৰিছিল জলসম্পদ বিভাগৰ ঠিকাদাৰ উদয়াদিত্য গোস্বামীৰ স্বত্তাধিকাৰী ঠিকাদাৰী প্ৰতিষ্ঠান শৈলজা এণ্ড সঞ্জীৱ জে ভি ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে। মুখ্যতঃ গাংমৌথানৰ সুৰক্ষাৰ বাবেই সংঘটিত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ পৰা ৰূপায়িত উক্ত আঁচনিখনৰ দৈৰ্ঘ্য আছিল ১৭০০ মিটাৰ।

আঁচনিখনৰ প্ৰাক্কলন অনুসৰি, ১৭০০ মিটাৰ দৈৰ্ঘ্যৰ উক্ত গৰাখহনীয়া প্ৰতিৰোধ আঁচনিখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবদ ১ লাখ ৩৬ হাজাৰ ৩৯৫ টা জিঅ’বেগ, ৪৪৫ টা আৰ চি চি পাৰ্কুপাইন, ৬ হাজাৰ ৮০৪ টা গেলভেনাইচ ৱেৰ নেটিং চেট, ১৮ হাজাৰ ১৭১ বৰ্গমিটাৰ জিঅ’ টেক্সটাইল ফেব্ৰিক চেট ব্যৱহাৰৰে আঁচনিখন ৰূপায়ণ কৰিব লাগিছিল। আঁচনিখনৰ প্ৰাক্কলনত সন্নিবিষ্ট তথ্য অনুসৰি প্ৰতিটো গেল ভেনাইচ ৱেৰ নেটিং চেটৰ বক্সৰ দীঘল আৰু বহল হ’ব- ২.৫৭ মিটাৰ ঘ ১.৬৭ মিটাৰ। প্ৰতিটো গেল ভেনাইচ ৱেৰ নেটিং চেটৰ বক্সৰ মূল্য নিৰ্ধাৰণ কৰিছিল ৫৪২ টকা ৯৮ পইচা। ইপিনে, ৪৪৫ টা পাৰ্কুপাইনৰ নিৰ্মাণৰ বাবে মুঠ পোষ্ট ২৬৭০ ডাল নিৰ্ধাৰণ কৰিছিল আৰু প্ৰতিডাল পোষ্টৰ মূল্য ৯৯৮ টকা ধাৰ্য্য কৰিছিল। পাৰ্কুপাইন কঢ়িওৱাৰ বাবদ ৭৪ হাজাৰ আৰু শ্ৰমিকৰ ব্যয়ৰ বাবদ ৩ লাখ ৫৫ হাজাৰ টকা নিৰ্ধাৰণ কৰিছিল।

তাৎপৰ্য্যপূৰ্ণ যে, তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত জলসম্পদ বিভাগৰ পৰা সংগৃহীত তথ্য অনুসৰি, উক্ত আঁচনিখনৰ ৮৫ শতাংশ কাম সম্পূৰ্ণ হোৱা দেখুৱাইছে আৰু ইয়াৰ বাবদ ৩ কোটি ১০ লাখ ১৬ হাজাৰ টকাৰ বিল ইতিমধ্যে ঠিকাদাৰী প্ৰতিষ্ঠানক আদায় দিয়া দেখুৱাইছে। কিন্তু আমি চৰ-জমিন তদন্তৰ বাবে যেতিয়া আঁচনিস্থলীত উপস্থিত হৈছিলোগৈ তেতিয়া উল্লেখিত আঁচনিখনৰ ৰূপায়ণৰ স্বৰূপ দেখি স্তম্ভিত হৈ পৰিছিলো। জলসম্পদে দিয়া তথ্যৰ বিপৰীতে এই আঁচনিখনৰ ৰূপায়ণৰ কাম বৰ্ত্তমানলৈকে ৫০ শতাংশও অগ্ৰগতি লাভ কৰা নাই। মন কৰিবলগীয়া যে, দুখনকৈ বিল প্ৰস্তুতৰে গাংমৌথান সুৰক্ষাৰ বাবে ৰূপায়িত উক্ত আঁচনিখন ৰূপায়ণ কৰাৰ বাবদ আদায় দিয়া ধন এনেধৰণৰ আছিল। গেল ভেনাইচ ৱেৰ নেটিং চেট ৪ হেজাৰ ৩৪৫ টা আঁচনিখনত ব্যৱহাৰৰ বাবদ ২৪ লাখ ৪১ হাজাৰ ৮৯০ টকা, জিঅ’ টেক্সটাইল ফেব্ৰিক চেট ১৪ হাজাৰ ৫৮০ টা ব্যৱহাৰৰ বাবদ ১৪ লাখ ৮৭ হাজাৰ ১৬০ টকা, আৰ চি চি পাৰ্কুপাইনৰ ১ হাজাৰ ৬৩৫ টা পোষ্টৰ বাবদ ১৬ লাখ ৩১ হাজাৰ ৭৩০ টকা, ১ লাখ ৩৪ হাজাৰ ৭০০ টা জিঅ’বেগ ব্যৱহাৰৰ বাবদ ২ কোটি ৯৭ হাজাৰ ২৪০ টকা, ৭৫ হাজাৰ ৭২০ টা জিঅ’বেগত বালি ভৰোৱাৰ বাবদ ২৭ লাখ ২৫ হাজাৰ ৯২০ টকা, জংঘল চাফা কৰাৰ নামত ৩ লাখ ৯২ হাজাৰ ৬১৬ টকা, মাটিৰ কামৰ বাবদ ১৪ লাখ ৫২ হাজাৰ ৫২৪ টকা।

এনেদৰে দুখন বিলত শৈলজা এণ্ড সঞ্জীৱ জে ভি ঠিকাদাৰী প্ৰতিষ্ঠানটোক ৩ কোটি ১০ লাখ ১৬ হাজাৰ টকা আদায় দিয়ে। আমি আঁচনিস্থলীত চৰ-জমিন অনুসন্ধান কৰি লাভ কৰা তথ্য অনুসৰি আঁচনিখনৰ ৰূপায়ণৰ বাবদ আজিকোপতি গেল ভেনাইচ ৱেৰ নেটিং চেট ৫০০ টাও ব্যৱহাৰ কৰা দেখা নগ’ল। অথচ আঁচনিখনৰ ৰূপায়ণৰ বাবদ ৪ হাজাৰ ৩৪৫ টা গেল ভেনাইচ ৱেৰ নেটিং চেট বৰ্ত্তমানলৈকে ব্যৱহাৰ কৰা দেখুৱাইছে। ইপিনে, আঁচনিস্থলীত জিঅ’ টেক্সটাইল ফেব্ৰিক চেট এহেজাৰমান ব্যৱহাৰ কৰিছে যদিও ১৪ হাজাৰ ৫৮৫ টা ব্যৱহাৰ কৰা দেখুৱাই ধন উলিয়াই লৈ গৈছে। সবাতোকৈ গুৰুত্বপূৰ্ণ কথা যে, আঁচনিখনৰ ৰূপায়ণৰ বাবদ আৰ চি চি পাৰ্কুপাইনৰ ১ হাজাৰ ৬৩৫ টা পোষ্টৰ বাবদ ধন উলিয়াই লৈ গৈছে যদিও আঁচনিস্থলীত আৰ চি চি পাৰ্কুপাইনৰ কোনো অস্তিত্বই পোৱা নগ’ল।

ইপিনে, আঁচনি স্থলীত ১ লাখ ৩৪ হাজাৰ ৭০০ টা জিঅ’বেগ ব্যৱহাৰৰ বাবদ ২ কোটি ৯৭ হাজাৰ ২৪০ টকা ধন উলিয়াই লৈ গৈছে অথচ আঁচনিস্থলীত ৭৫ হাজাৰ ৭২০ টা জিঅ’বেগতহে বালি ভৰোৱা দেখুৱাইছে। ইপিনে, আঁচনিত ব্যৱহৃত জিঅ’বেগবোৰ ইমানেই নিম্নমানদণ্ডৰ যে তেতিয়া আঁচনিস্থলীতে জহি-খহি গৈছে। তদুপৰি, আঁচনিস্থলীত গেলভেনাইচ ৱেৰ নেটিং চেট আৰু জিঅ’ টেক্সটাইল ফেব্ৰিক চেট সঠিক ভাৱে ব্যৱহাৰ নকৰাৰ পৰিপ্ৰেক্ষিততেই যোৱাটো বৰ্ষাকালত বৰগাং নৈৰ বাঢ়নী পানীত আঁচনিস্থলীৰ পৰাই বহু জিঅ’বেগ উটি গৈছিল। তদুপৰি বৰগাং নৈৰ গৰাখহনীয়া স্থলীৰ বালিমাটি উক্ত আঁচনিখন ৰূপায়ণ কৰা হৈছে যদিও বালিত কি জংঘল গজিল, যাক কটাৰ নামত ৩ লাখ ৯২ হাজাৰ ৬১৬ টকা উলিয়াই নিয়া দেখুৱাইছে। সেইয়াহে এতিয়া সাথৰ হৈ পৰিছে।

উল্লেখিত তথ্য সমূহেই প্ৰতীয়মান কৰে উক্ত দুইখন বিলেই কেৱল ধন লুণ্ঠনৰ স্বাৰ্থতে ভুৱা ভাৱে প্ৰস্তুত কৰি আঁচনিখনৰ অনুমোদিত ধনৰ সিংহভাগেই বৰ্ত্তমানলৈকে উলিয়াই লৈ গৈছে জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা লোচন চৌধুৰী, পবিত্ৰ বৰা, কনিষ্ঠ অভিযন্তা গৌতম নাথৰ সহযোগত ঠিকাদাৰ উদয়াদিত্য গোস্বামীয়ে। সবাতোকৈ বিস্ময়জনক কথা এইয়ে যে, গাংমৌথানৰ সুৰক্ষাৰ বাবে ৰূপায়িত ৫ কোটি টকীয়া উক্ত আঁচনিখন আজি দুবছৰেই ৰূপায়ণৰ কাম-কাজ অব্যাহত ৰখা দেখুৱাইছে যদিও এই মুহূৰ্তলৈকে গাংমৌথান এলেকাত অব্যাহত থকা গৰাখহনীয়া প্ৰতিৰোধৰ নামত এচপৰা মাটিও পেলোৱা নাই, এটাও জিঅ’বেগ দিয়া নাই।

যাৰ পৰিণতিতেই আগন্তুক বাৰিষা গাংমৌথান খনৰ বাবে অতি ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি থান পৰিচালনা সমিতি চিন্তিত হৈ পৰিছে। এনেদৰেই গাংমৌথান সুৰক্ষাৰ বাবদ জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিত ব্যাপক হাৰত সংঘটিত দুৰ্নীতি-লুণ্ঠনৰ বাবেই প্ৰহসনলৈ ৰূপান্তৰ হৈছে আৰু বৰগাং নৈৰ ব্যাপক গৰাখহনীয়াই ঐতিহ্যমণ্ডিত থানখনৰ প্ৰতি চূড়ান্ত ভাবুকি নমাই আনিছে।

অসমীয়াই ‘জগত গুৰু’ৰ স্থানত থৈ সততেই মূৰ দোঁৱাই অহা গুৰুজনাৰ সাধনাৰ অন্যতম থলিৰ নামতো কোটি কোটি টকাৰ এনে লুণ্ঠনে এতিয়া স্বাভাৱিকতেই ৰাইজৰ চকু কঁপালত তুলিছে। কিছুদিন আগলৈকে ‘দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা’ৰ শ্ল’গান আওঁৰাই তৎ নোপোৱা ৰাজ্য চৰকাৰখনে এতিয়া এইক্ষেত্ৰত সমুচিত তদন্তৰে ইয়াৰ সৈতে জড়িত লুণ্ঠনকাৰী চক্ৰৰ শাস্তিৰ ব্যৱস্থা কৰাৰ লগতে ঐতিহ্যমণ্ডিত গাংমৌথানৰ সুৰক্ষা নিশ্চিত কৰাত তৎপৰ হ’বনে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here