Home মুখ্য পৃষ্ঠা নাটকৰ বাবেই ওৰে জীৱনৰ সঞ্চয় ব্যয় কৰা মানুহজন…

নাটকৰ বাবেই ওৰে জীৱনৰ সঞ্চয় ব্যয় কৰা মানুহজন…

24
0

“নাটকৰ বাবেই ওৰে জীৱনৰ সঞ্চয় ব্যয় কৰা দিয়া মানুহজনঃ উজনিত ভ্ৰাম্যমাণক নতুন মাত্ৰা প্ৰদান কৰাৰ একক প্ৰচেষ্টা চলোৱা অ’ এন জি চিৰ অসম সম্পদৰ অৱসৰপ্ৰাপ্ত অভিযন্ত্ৰা বিমান কোঁৱৰ

ডিজিটেল ডেস্ক, দিলীপ হাজৰিকা, নাজিৰাঃ দুটাকৈ লোভনীয় চৰকাৰী চাকৰি কৰিও জীৱনৰ বিয়লি বেলাত এটা পকী ঘৰ সাজিব নোৱাৰিলে মানুহজনে। ১৯৪২ চনত নাজিৰাৰ চানবছা গাঁৱত জন্ম লাভ কৰা বিমান কোঁৱৰে সৰুৰেপৰাই নাটকৰ প্ৰতি আকৃষ্ট হৈ উঠিছিল। ৫ বছৰ বয়সতে এটা সৰু চৰিত্ৰৰে অভিনয় জীৱন পাতনি মেলা কোঁৱৰে পৰৱৰ্তী সময়ত শিক্ষাজীৱন আৰু কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো চলাই গল নাট্য চৰ্চা। ৰাইফল, সেই বাটেদি, চিৰাজ, বীৰ নুমলী গোঁহাই আদি প্ৰায় তিনিকুৰিৰো অধিক নাটকত অভিনয় পৰিচালনাৰ যোগেদি ৰাইজৰ মাজত জনপ্ৰিয় হৈ উঠা আজীৱন নাট্য শিল্পীজনে পৰৱৰ্তী সময়ত কাৰাগাৰে দিয়ে পৰিচয়, অজামিল, চাহাবৰ পত্নী, আচল কথা মিতিৰ হোৱাটোহে আদি বহুকেইখন নাটক ৰচনা কৰে।

ভাৰতীয় বায়ু সেনাৰপৰা ১৯৮১ চনতে অৱসৰ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ উইংচ অপাৰেটৰ ( অভিযন্ত্ৰা)হিচাপে যোগদান কৰি ২০০৪ বৰ্ষত অৱসৰ গ্ৰহণ কৰে নাজিৰা চানবছাৰ নাটক বলিয়া বিমান কোঁৱৰে অৱসৰৰ পাছতে নাটককে জীৱন কৰি লোৱাৰ সংকল্প লয়। সেই উদ্দ্যেশ্যেৰেই ২০০৪ চনত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ পৰা পোৱা অৱসৰকালীন সমূহ ধনেৰে গিৰিকণ্যা নামেৰে এখন ভ্ৰাম্যমান থিয়েটাৰ আৰম্ভ কৰে।

গ্লেমাৰ আৰু চমকৰ সলনি অপেছাদাৰী নাট্যশিল্পীক লগত লৈ কেৱল নাটকৰ মাণদণ্ড বজাই ৰখাৰ মানসেৰে ২০০৪ বৰ্ষত বিমান কোঁৱৰৰ প্ৰযোজনা আৰু পৰিকল্পনাৰে আত্মপ্ৰকাশ ঘটা থিয়েটাৰখনে দুটা বৰ্ষত সম্পূৰ্ণ মৌলিক চিন্তাৰ উন্মেষ ঘটাই দৰ্শকৰ মাজত প্ৰাৰম্ভিক জনপ্ৰিয়তা অৰ্জন কৰিলেও গ্লেমাৰকেন্দ্ৰিক ভাৱধাৰাৰ মাজত লাহে লাহে তিষ্ঠি থকা অসম্ভৱ হৈ পৰিল গিৰিকণ্যাৰ বাবে। ক্ৰমাৎ লোকচানৰ মূখ দেখিবলৈ লোৱা থিয়েটাৰখন অৱশেষত ২০০৭ বৰ্ষত বন্ধ হৈ পৰে। লগে লগেই নাটককে জীৱন কৰি লবলৈ হেপাহ কৰা বিমান কোঁৱৰৰ সপোন ছাৰখাৰ হৈ পৰাৰ লগতে জীৱনকালৰ সমূহ সঞ্চয় হেৰাই যায় নাটকৰ নামত।. লগে লগেই যেন স্তব্ধ হৈ ৰয় শিল্পী জনৰ কলমো।

ইখনৰ পিছত সিখনকৈ একাংক পূৰ্ণাংগ নাটক ৰচনাৰে এজন প্ৰতিশ্ৰুতি সম্পন্ন নাট্যকাৰ হোৱাৰ দিশে আগবঢ়া কোৱৰে নাট্য চৰ্চা প্ৰায় সমূলি ত্যাগ কৰে। অৱশ্যে কিছুবছৰ বিৰতিৰ পাছত শিল্পীজনে পুনৰ এৰাধৰাকৈ অপেছাদাৰী নাটকৰ সতে জড়িত হৈ ৰয়। এটা সময়ত ৰাজ্যৰ বিভিন্ন মঞ্চত বলিষ্ঠ নাটকেৰে জনপ্ৰিয় হৈ পৰা নাজিৰা গণনাট্য দলৰ গুৰি ধৰোঁতা বিমান কোঁৱৰ ভাৰতীয় গণনাট্য সংঘৰো কাৰ্যনিৰ্বাহক সদস্য আছিল। সম্প্ৰতি ৭৮ বছৰত ভৰি দিয়া শিল্পীজনে সমগ্ৰ জীৱনৰ উপাৰ্জন নাটকৰ বাবেই ব্যয় কৰি দিয়াত কোনো আক্ষেপ নাই বুলি প্ৰকাশ কৰিলেও নিজেই গঢ় দিয়া কিছু অনুষ্ঠান বৰ্তমানে প্ৰতিষ্ঠা লাভ কৰিলেও সেই অনুষ্ঠানসমূহত তেখেত কেতিয়াবা এলাগী হৈ পৰাৰ দৰে লাগে বুলি দুখ প্ৰকাশ কৰে।

অৱশ্যে একাধিক আগশাৰীৰ ভ্ৰাম্যমাণ দলৰ সতে জড়িত হোৱাৰ প্ৰস্তাৱ লাভ কৰিলেও কিছু পৰিমাণে হতাশ হৈ উঠাৰ বাবেই কোনো নাট্যদলৰ সতে জড়িত নহল। প্ৰায়সংখ্যক দল সংগঠন বা চৰকাৰী কৰ্তৃপক্ষৰ ফালৰ পৰাও প্ৰাপ্য স্বীকৃতি লাভ নকৰা আজীৱন নাট্য শিল্পীজনক শেহতীয়াকৈ নাজিৰা মহকুমা ছাত্ৰ সন্থাই আজীৱন নাটকৰ প্ৰতি কৰি অহা ত্যাগৰ প্ৰতি সন্মান জনাই ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে। সম্প্ৰতি নিজ পৰিয়ালৰ লগতে ব্যস্ত হৈ পৰা আজীৱন নাট্য শিল্পীজনে নাটকত চমকতকৈ অভিনয়ৰ তথা মৌলিকতাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদানতহে এতিয়াও বিস্বাসী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here