Home মুখ্য পৃষ্ঠা গহপুৰ জিলা হাইস্কুল শিক্ষক সংন্থাৰ অভিনন্দন সভা

গহপুৰ জিলা হাইস্কুল শিক্ষক সংন্থাৰ অভিনন্দন সভা

55
0

ডিজিটেল ডেস্ক, দৈনন্দিন বাৰ্তাঃ অসম হাইস্কুল শিক্ষক সংস্থাৰ গহপুৰ জিলাৰ উদ্যােগত ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃৰ্তিত্বৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক উদ্গনি দিবৰ বাবে আজি গোপালপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনৰ ১১ বজাত গহপুৰ জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি প্ৰশান্ত কাকতিৰ সভাপতিত্বত অভিনন্দন সভা অনুষ্ঠিত কৰা হয়।

গহপুৰ জিলা হাইস্কুল শিক্ষক সন্থাৰ সাধাৰন সম্পাদক কুশল ভূঞাই আঁতধৰা সভাত ৮ জন ডিষ্টিংচন, ৩০ জন ষ্টাৰ প্ৰাপ্ত কৃতি ছাত্ৰ ছাত্ৰীক একোখনকৈ মান পত্ৰ আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱা হয়।সভাত হাইস্কুল শিক্ষক সন্থাৰ গহপুৰ জিলাৰ প্ৰাক্তন সভাপতি পৰমা মুদৈ আৰু অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰাক্তন উপসভাপতি কেশৱ বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী,অভিভাৱক,শিক্ষকক উদেশ্যি শৈক্ষিক ভাষন প্ৰদান কৰে।

উক্ত সভাতেই কৃতি ছাত্ৰ ছাত্ৰী সকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান হয়।উক্ত সভাত ৰাজ্যিক সদস্য সোমদত্ত তিমচিনা,জিলা সন্থাৰ বিষয় ববীয়া ৰনজি্ৎ শইকীয়া, সেৱ কৈৰেলা, নন্দ শৰ্মাকে আদি কৰি গহপুৰ জিলা শিক্ষক সন্থাৰ অৰ্ন্তগত বিদ্যালয় প্ৰধান শিক্ষক বৃন্দ আৰু অভিভাৱকসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here