Home মুখ্য পৃষ্ঠা প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক’ৰ ‘নিউজ প’ৰ্টেল’ উন্মোচন

প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক’ৰ ‘নিউজ প’ৰ্টেল’ উন্মোচন

107
0

ডিজিটেল সেৱা, গুৱাহাটীঃ গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক অসমীয়া প্ৰাগজ্যোতিষ’ৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত ‘নিউজ প’ৰ্টেল’ www.pragjyotishassam.com -ৰ শুভ উন্মোচন কৰা হয়। অধিবক্তা তাপশ কুমাৰ মিশ্ৰই আঁত ধৰা অনুষ্ঠানটি সঞ্চালনা কৰে প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ সভাপতি তথা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মহাঅধিবক্তা চিন্ময় চৌধুৰীয়ে। আজিৰ সভাত উপস্থিত থাকে সাংস্কৃতিক সঞ্চালক বৰ্ণালী শৰ্মা, উমাকান্ত শৰ্মা আদিয়ে ভাষণ প্ৰদান কৰে।

সভাত অসম চৰকাৰৰ আইন উপদেষ্টা শান্তনু ভৰালী, প্ৰাক্তন ৰাষ্ট্ৰদূত বিনন্দ কুমাৰ গগৈ, অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা আদি ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ভাষণ প্ৰসংগত বৰ্ণালী শৰ্মা ই কয় যে সম্বাদ মাধ্যমৰ লক্ষ্য পুৰণত প্ৰাগজ্যোতিষ কাকত খন সম্পূৰ্ণ সফল হৈছে। এই ‘নিউজ প’ৰ্টেল’টো globalization দিনত নৱপ্ৰজন্মৰ উৎসাহৰ কাৰণ বুলি তেওঁ অনুভৱ কৰে। মঙ্গলাচৰণে আৰম্ভ কৰা অনুষ্ঠানত ভাৰত মাতাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে ‘প্ৰাগজ্যোতিষ’ৰ সম্পাদক শশী প্ৰভা দাস আৰু ‘ঈশান দৰ্পণ’ৰ সম্পাদক ৰমেন চক্ৰৱৰ্তীয়ে। আজিৰ সভাত ডাক্তৰ পূৰবী গোস্বামীয়ে এটি বৰগীত পৰিবেশন কৰে। প্ৰাগজ্যোতিষৰ পৰিচালন সম্পাদক খগেন শইকীয়াই উপস্থিত সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। সঞ্চালক চিন্ময় চৌধুৰীয়ে সভাৰ অন্তত এক তাৎপৰ্য পূৰ্ণ ভাষণ প্ৰদান কৰি উপস্থিত সকলোৰে প্ৰতি শলাগৰ শৰাই আগবঢ়াই কাৰ্যসূচীৰ সফল সামৰণি মাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here