Home মুখ্য পৃষ্ঠা ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড ২০১৯ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব দৰঙৰ ৰোহি চালমা আজিজে

ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড ২০১৯ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব দৰঙৰ ৰোহি চালমা আজিজে

32
0
  • ১৮ জুনৰ পৰা ২০ জুনলৈ অনিস্থিত হব এই অলিম্পিয়াড
  • ছোৱালীৰ ১৪ ৰ পৰা ১৬ বছৰ বয়সৰ শাখাত অংশগ্ৰহণ কৰিব ৰোহি চালমা আজিজে

ডিজিটেল ডেস্ক, মঙলদৈৰ পৰা উজ্জ্বল জ্যোতি ডেকাঃ এন চি ই আৰ টি-ৰ নতুন দিল্লীত ১৮ জুনৰ পৰা ২০ জুনলৈ অনুস্থিত হ’ব ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড ২০১৯ ৷ এই অলিম্পিয়াডত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব দৰঙৰ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰোহি চালমা আজিজে ৷ ছোৱালীৰ ১৪ ৰ পৰা ১৬ বছৰ শাখাত অংশগ্ৰহণ কৰিব ৰোহি চালমা আজিজে৷

ৰাজ্যিক যোগ অলিম্পিয়াডত ২০১৯ত ভাগ লৈ ক্ৰমে জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক আৰু গুৱাহাটী কলাক্ষেত্ৰত অনুস্থিত ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱাত দৰঙৰ লগতে দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াল উৎফুল্লিত হৈ পৰিছে৷ ৫ম শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰা পঢ়াৰ লগতে নিয়মিত যোগ অভ্যাস চৰ্চা কৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহন কৰি অহা ৰোহি চলমা আজিজ এগৰাকী মেধা ছাত্ৰী হোৱাৰ উপৰিও আছে বিভিন্ন কৃষ্টিৰ ওপৰত দখল বিশেষকৈ সত্ৰীয়া নৃত্য, বিহুনৃত্য, আধুনিক নৃত্য আৰু বিভিন্ন গীত গাই প্ৰসংশা বুটলিব সক্ষম হৈছিল৷

দেওমৰনৈ কুমাৰপাৰা গাঁওৰ আইজুদ্দিন আহমেদ আৰু মিজুৱাৰা বেগমৰ কন্যা ৰোহি চালমা আজিজে মহকুমা স্বাস্থ্য বিষয়া ডা° ৰমেশ গোস্বামীৰ বিশেষ তৎপৰতা আৰু পৰ্যায় ক্ৰমে উমেশ শৰ্মা, অজিত ঘোষ, পূৰ্ণ শৰ্মা, পৱন শৰ্মাৰ ওচৰত অনুশীলন কৰিছিল৷ এগৰাকী মুছলমান সম্প্ৰদায়ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াডত অংশগ্ৰহন কৰা কাৰ্যত এক নেতিবাচক প্ৰভাৱৰ সুচনা কৰিব বুলি আশা কৰা হৈছে৷

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here