Home মুখ্য পৃষ্ঠা টাৰ্গেট সৰ্বানন্দঃ দলীয় কৰ্মীৰ মুকলি সমালোচনা মুখ্যমন্ত্ৰীক, শক্তিশালী চক্ৰৰ ষড়যন্ত্ৰৰ ফাণ্ডত বিজেপিৰ...

টাৰ্গেট সৰ্বানন্দঃ দলীয় কৰ্মীৰ মুকলি সমালোচনা মুখ্যমন্ত্ৰীক, শক্তিশালী চক্ৰৰ ষড়যন্ত্ৰৰ ফাণ্ডত বিজেপিৰ ছ’চিয়েল মিডিয়া, আৰক্ষীৰ জালত ২ জন

52
0

ডিজিটেল সেৱা, দৈনন্দিন বাৰ্তাঃ বিজেপিৰ একাংশ কৰ্মীৰ অসহিষু্ণতা নে কোনোবা শক্তিশালী চক্ৰৰ ষড়যন্ত্ৰৰ বহিঃপ্ৰকাশ সেয়া স্পষ্ট হোৱা নাই। তথাপি বিৰোধী দলতকৈও শাসকীয় দলটোৰ একাংশৰ কঠোৰ সমালোচনাৰ লক্ষ্য হৈ আহিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দলটোৰ ছ’চিয়েল মিডিয়া টীমত সক্ৰিয়ভাৱে কৰ্মৰত আৰু নিযুক্ত হোৱা একাংশ কৰ্মীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনকে সমালোচনাৰে থকা-সৰকা কৰা কাৰ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

কি কাৰণত দলৰ ছ’চিয়েল মিডিয়াৰ কৰ্মীয়ে মুখ্যমন্ত্ৰীক ৰাজহুৱাকৈ অকৰ্মন্য আৰু দক্ষতাহীন বুলি সমালোচনা কৰিবলৈ সাহস কৰিলে, ইয়াৰ আঁৰত চৰকাৰৰ ভিতৰচ’ৰাত থকা কোনোবা উচ্ছাকাংক্ষী তথা শক্তিশালী চক্ৰৰ ষড়যন্ত্ৰৰ বহিঃপ্ৰকাশ নেকি সেয়াও সজোৰে আলোচিত হৈছে। উল্লেখ্য যে মুখ্যমন্ত্ৰীক ৰাজহুৱাকৈ সমালোচনা কৰাৰ অভিযোগত কালি মাজনিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিতুমণি বৰা আৰু ননিগোপাল দত্ত নামৰ দুজন দলীয় কৰ্মী। দুয়োজন উচ্চ শিক্ষিত দলীয় কৰ্মী বৰ্তমান গেৰুৱা দলটোৰ ছ’চিয়েল মিডিয়া টীমৰ সক্ৰিয় সদস্য। দুয়োজনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শেহতীয়াকৈ অতি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

ফলস্বৰূপে ৰাজু মহন্ত নামৰ এজন ব্যক্তিয়ে দাখিল কৰা গোচৰৰ ভিতিত দুয়োজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত তথ্য মতে আৰক্ষীয়ে মাজুলীৰ বাসিন্দা হেমন্ত বৰুৱাৰ বাসগৃহতো কালি ৰাতি তালাচী অভিযান চলাইছিল। ইয়াৰে ননিগোপাল দত্ত হ’ল মাজুলীৰ বাসিন্দা আৰু তেওঁ বৰ্তমান দলৰ নিৰ্দেশত তিনিচুকীয়াত কৰ্মৰত হৈ আছে। ছ’চিয়েল মিডিয়াত মুকলিকৈ প্ৰশ্ন কৰা হ’ল যে ২০১৪ চনৰ পৰা বিজেপি দলৰ হৈ তেওঁলোকে অহৰহ কাম কৰি আহিছে। কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে অসমৰ ৰাইজক সজাগ কৰিছিল।

সেই সময়ত তেওঁলোকক কিন্তু কংগ্ৰেছে গ্ৰেপ্তাৰ কৰা নাছিল। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী সোণোৱালক সমালোচনা কৰিলেই বিজেপি কৰ্মীক আৰক্ষীৰ দ্বাৰা দমন কৰিব খোজা হয়। এই কাৰ্য বাক স্বাধীনতাৰ পৰিপন্থী বুলিও স্বয়ং বিজেপিৰ সদস্যই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ হাতত থকা গৃহ বিভাগে অতি সতৰ্কতাৰে অনুসন্ধান কৰি কমেও ১০০ জন ছ’চিয়েল মিডিয়া কৰ্মীক চিনাক্ত কৰিছে। এইসকলে অতি সংগোপনে মুখ্যমন্ত্ৰী সৰ্বানন্দৰ ভাৱমূৰ্তি ম্লান কৰিবলৈ দলৰ মাজত ব্যাপক অপপ্ৰচাৰত লিপ্ত হৈ আহিছে।

ছ’চিয়েল মিডিয়াৰ এই কৰ্মীসকলক কোনে উচতাইছে, দলৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সমালোচনা কৰিব পৰাকৈ তেওঁলোকক কোনে কতৃত্ব প্ৰদান কৰিছে, দিছপুৰৰ ক্ষমতাৰ বাবে উচ্চাকাংক্ষী কোনোবা শক্তিসালী চক্ৰই সোণোৱালক বদনামি কৰি নিজে ক্ষমতাত অধিষ্ঠিত হ’বলৈ এনে ধৰণৰ শতাধিক ছ’চিয়েল মিডিয়া কৰ্মীক ধনৰ জৰিয়তে প্ৰলোভিত কৰিছে নেকি সেয়া এতিয়া গেৰুৱা দলটোৰ মাজত সৰ্বাধিক চৰ্চাৰ বিষয় হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here