Home মুখ্য পৃষ্ঠা কংগ্ৰেছৰ নিৰ্দেশত উঠা-বহা কৰা বিষয়া-কৰ্মচাৰীয়ে চলাইছে সোণোৱাল চৰকাৰঃ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী-নিকা প্ৰশাসনলৈ...

কংগ্ৰেছৰ নিৰ্দেশত উঠা-বহা কৰা বিষয়া-কৰ্মচাৰীয়ে চলাইছে সোণোৱাল চৰকাৰঃ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী-নিকা প্ৰশাসনলৈ বৃদ্ধাংগুষ্ঠ, গুৰুত্বহীন মন্ত্ৰী-বিধায়কৰ নিৰ্দেশনা

59
0

ডিজিটেল সেৱা, দৈনন্দিন বাৰ্তাঃ অসমৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ তিনি বছৰীয়া কাৰ্যকালত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিনে-ৰাতিয়ে প্ৰশাসনত দুৰ্নীতিৰ শিপা উভালি পেলাবলৈ কঠোৰ পৰিশ্ৰম কৰি আহিছে। সমান্তৰালভাৱে সু-প্ৰশাসন আৰু নিকা প্ৰশাসনেৰে ৰাজ্যবাসীক সেৱা কৰিব লাগে বুলি কৰ্মচাৰী সমাজক নিতৌ আহবান জনাইছে। কিন্তু কংগ্ৰেছৰ ১৫ বছৰীয়া কাৰ্যকালত দুৰ্নীতি আৰু অনিয়মেৰে ডিঙিলৈকে পোত যোৱা চৰকাৰী কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীৰ সংস্কাৰৰ বাণী শুনিবলৈ সময় পোৱা নাই।

যাৰ বাবে মুখ্যমন্ত্ৰীৰ বাৰম্বাৰ আহবানকো গুৰুত্ব নিদি কংগ্ৰেছৰ দৰেই কাৰ্যালয়ত দুৰ্নীতি আৰু উৎকোচ গ্ৰহণৰ অবিহনে ৰাইজক সেৱা প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে। যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে সাধাৰণ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টিৰ আঁৰত এইসকল দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীয়ে কংগ্ৰেছৰ নিৰ্দেশনাত ষড়যন্ত্ৰ কৰি অহা বুলিও একাংশই আঙুলিয়াই দিব খোজে।

প্ৰাপ্ত তথ্য মতে দূৰ-দূৰণীৰ ৰাইজে চৰকাৰী কাৰ্যালয়লৈ আহি নিজৰ কামবোৰ শীঘ্ৰে সম্পন্ন হোৱাটো বিচাৰে। কিন্তু কৰ্মচাৰী একাংশই ৰাইজৰ প্ৰতি পিঠি দি ধন লাভৰ বাবে বিভিন্ন অজুহাত সৃষ্টি কৰি আহিছে। এইক্ষেত্ৰত কৃষি বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, গৃহ বিভাগ, সমাজ কল্যাণ বিভাগ, ক্ৰীড়া বিভাগ, শিক্ষা বিভাগ, বিত্ত বিভাগ আদিৰ লগতে বিভিন্ন সঞ্চালকালয় আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়, পৰিবহণ বিভাগৰ কাৰ্যালয়, আবকাৰী বিভাগৰ কাৰ্যালয় আদিত ৰাইজৰ কাম কৰাৰ বিনিময়ত কৰ্মচাৰীয়ে মুকলিকৈ ধনৰ লেনদেন কৰাৰ অভিযোগ উঠিছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ হাতত থকা তথ্য আৰু জনসংযোগ বিভাগতো কংগ্ৰেছৰ হাতোৰাই গ্ৰাস কৰিছে।

এই বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰী দুৰ্নীতিৰ অভিযোগত ৰঙা ঘৰৰ ভাত খাবলগা হৈছে যদিও সেইসকলৰ সৈতে একে অভিযোগত জড়িত অন্যান্য দুই-এক বিষয়া-কৰ্মচাৰী এতিয়াও মুকলি আকাশৰ তলতে আছে। যাৰ বাবে মুখ্যমন্ত্ৰীৰ এই বিভাগটোত বৰ্তমান চৰকাৰৰ নীতি-নিৰ্দেশনাতকৈ কংগ্ৰেছৰ নেতা-কৰ্মীৰ নিৰ্দেশনাহে অধিক গুৰুত্ব দিয়া বুলি অভিযোগ উঠিছে। ইয়াৰে অধিকাংশ কৰ্মচাৰীয়ে বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত অবৈধ উপায়েৰে ধনৰ পাহাৰ গঢ়ি শাসকীয় দল আৰু চৰকাৰখনক বিপদগ্ৰস্ত কৰিছিল।

যাৰ বাবে ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিলে। এইবাৰো এইসকল কৰ্মচাৰীয়ে একেই পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যৰ শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে জনগণক পৰোক্ষভাৱে উচতনি দিবলৈ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিব পাৰি। কৰ্মচাৰীয়ে সঠিকভাৱে সেৱা আগ নবঢ়ালে স্বাভাৱিকতে ৰাইজ শাসকীয় দলৰ আৰু চৰকাৰখনৰ প্ৰতি ক্ষোভিত হৈ পৰে। ইয়াৰ সুযোগ গ্ৰহণ কৰি বিৰোধী কংগ্ৰেছ দলে ৰাইজৰ কাষলৈ যোৱাৰ সুযোগ লয়।

একাংশ কৰ্মচাৰীয়ে পুনৰ কংগ্ৰেছক ক্ষমতালৈ আনি লুটিপুতি খোৱাৰ সপোন দেখিছে। যাৰ বাবে যোৱা তিনি বছৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰশাসনৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিবলৈ চলাই থকা অভিযান মূলতঃ কংগ্ৰেছৰ নিৰ্দেশত উঠা-বহা কৰা বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলৰ বাবেই ব্যৰ্থ হোৱা বুলি সচেতন মহলে আঙুলিয়াই দিয়া দেখা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here