Home মুখ্য পৃষ্ঠা আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশনঃ প্ৰথম দিনা প্ৰধানমন্ত্ৰী মোডীসহ মন্ত্ৰীসভা আৰু নিৰ্বাচিত...

আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশনঃ প্ৰথম দিনা প্ৰধানমন্ত্ৰী মোডীসহ মন্ত্ৰীসভা আৰু নিৰ্বাচিত সাংসদৰ শপত

64
0

লোকসভাত প্ৰৱেশৰ পিছতে সকলোৱে পŽহীন আচৰণ কৰিবলৈ আহবান প্ৰধানমন্ত্ৰী মোডীৰ,
‘জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষ’ ভাবধাৰাৰ দেশৰ বৰ্ণাঢ্য চিত্ৰপট

ভাষা বৈচিত্ৰত মহিমামণ্ডিত লোকসভা

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ আৰম্ভ হ’ল সংসদৰ অধিৱেশন। আজিৰ লোকসভাৰ প্ৰথম দিনটোত নৱ নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয়। ইতিপূৰ্বে সাতবাৰকৈ লোকসভালৈ নিৰ্বাচিত ডঃ বীৰেন্দ্ৰ কুমাৰক প্ৰটেম অধ্যক্ষ হিচাপে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক নিযুক্তি দিয়াৰ লগতে চৰকাৰৰ গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাইছিল। সেইজন প্ৰটেম অধ্যক্ষই আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি ৫৪২ জন সাংসদক একাদিক্ৰমে শপত বাক্য পাঠ কৰোৱায়। প্ৰথমে প্ৰটক’ল অনুসৰি লোকসভাৰ নেতা আৰু প্ৰধানমন্ত্ৰীয়ে শপত ল’ব লাগে। দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱা নৰেন্দ্ৰ মোডীয়ে চৰকাৰী পক্ষৰ হৈ প্ৰথমে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে হিন্দী ভাষাত শপত লোৱা দেখা গ’ল।

প্ৰধানমন্ত্ৰীৰ পিছতে সকলোকে আচৰিত কৰি লোকসভাৰ সচিবে শপত গ্ৰহণলৈ আমন্ত্ৰণ কৰে কেৰেলাৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত ক’ৰিকুন্নিল সুৰেশে। তেওঁৰ মাতৃভাষা মালায়লম যদিও হিন্দী ভাষাতহে শপত বাক্য পাঠ কৰে। সাংসদ সুৰেশৰ পিছতে ব্ৰজভষণ চৰণ সিং আৰু ভৰ্তুহাৰী মেহতাবে শপত গ্ৰহণ কৰে। এই তিনিওজন সদস্যক দেশৰ ৰাষ্ট্ৰপতিয়ে নতুন অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে অধ্যক্ষৰ পেনেল সদস্য হিচাপে নিযুক্তি প্ৰদান কৰিছিল। সেয়েহে প্ৰধানমন্ত্ৰীৰ পিছত লোকসভাৰ সচিবে উক্ত তিনি সদস্যক শপত গ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। ইয়াৰ পিছতে মন্ত্ৰীসভাৰ সদস্যসকলে শপত বাক্য পাঠ কৰে। ৰাজনাথ সিং, অমিত শ্বাহ আদিয়ে হিন্দী ভাষাত আৰু অন্য একাংশ মন্ত্ৰীয়ে নিজৰ আঞ্চলিক তথা মাতৃভাষাত শপত লোৱা দেখা গ’ল। স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধণ, ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে আৰু প্ৰতাপ চন্দ্ৰ সাৰাংগীয়ে সংস্কৃত ভাষাত শপত গ্ৰহণ কৰে।

তেওঁলোকৰ লগতে অনন্ত কুমাৰ হেগ্ৰেও সংস্কৃত ভাষাত শপত লয়। লগতে নিশিকান্ত ডুবে, মিনাক্ষী লেখি, প্ৰজ্ঞা ঠাকুৰ আৰু সুনিতা দুগ্গলেও সংস্কৃত ভাষাতে শপতবাক্য পাঠ কৰে। মণিপুৰৰ সাংসদ ৰাজকুমাৰ ৰঞ্জন সিঙে মণিপুৰী ভাষাত শপতগ্ৰহণ কৰে। নেচনেল কনফাৰেন্সৰ সাংসদ মহম্মদ আকবৰ আৰু ফাৰুক আব্দুলাই কাশ্মিৰী ভাষাত শপতগ্ৰহণ কৰা দেখা গ’ল। বিজেপিৰ সাংসদ গোপাল ঝি ঠাকুৰে ভোজপুৰী ভাষাত শপতবাক্য পাঠ কৰে। সাংসদ সাৰদা বেন পেটেল আৰু দ্বীপসিং ৰাথুৰে গুৰৰাটী ভাষাত শপত লোৱা দেখা গ’ল। কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে ইংৰাজী ভাষাত শপত গ্ৰহণ কৰে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰসাদ যোশী, কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী সদানন্দ গৌৰাই কানাড়া ভাষাণত শপত বাক্য পাঠ কৰে। স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে কাশ্মীৰৰ মাতৃভাষা ডগ্ৰী ভাষাত শপত গ্ৰহণ কৰে। খাদ্য সংসাধন মন্ত্ৰী হৰসিমৰত কৌৰে মন্ত্ৰী হিচাপে ইংৰাজী ভাষাত শপত ল’লেও আজি সাংসদ হিচাপে পাঞ্জাৱী ভাষাত শপত বাক্য পাঠ কৰে। ৰাজ্যখনৰ আন এগৰাকী সাংসদ সৌম প্ৰকাশেও পাঞ্জাৱী ভাষাতে শপত লয়। খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অসমীয়াত শপত বাক্য পাঠ কৰে। শিৱসেনাৰ সাংসদ তথা কেবিনেট মন্ত্ৰী অৰবিন্দ শ্বাৱন্তে মাৰাঠী ভাষাত আৰু মন্ত্ৰী শ্ৰীপদ য়েছু নায়কে কুনকুনী ভাষাত শপত বাক্য পাঠ কৰে। অন্ধ্ৰপ্ৰদেশৰ পৰা নিৰ্বাচিত অধিকাংশই তেলেগু ভাষাত শপত গ্ৰহণ কৰা দেখা গ’ল। দুই এজনে অৱশ্যে ইংৰাজী ভাষাতো শপত লয়। এনেকৈয়ে শপত গ্ৰহণৰ পিছত প্ৰধানমন্ত্ৰীয়ে লোকসভাৰ সদস্যসকলক সম্বোধি নিজৰ বক্তব্য প্ৰদান কৰে। তেওঁ কয় যে লোকসভাত প্ৰৱেশ কৰাৰ লগে লগে কোন কোনে সপক্ষে আৰু কোন বিপক্ষে আছে সেয়া পাহৰি যাব লাগে।

লোকসভাৰ মজিয়াত সকলোৱে নিৰপেক্ষ স্থিতিৰে দেশৰ উন্নয়নৰ বাবে কাম কৰিব লাগে। বিৰোধীৰ সংখ্যা এইবাৰৰ লোকসভাত হ্ৰাস পাইছে যদিও তেওঁলোকৰ শংকাৰ কাৰণ নাই। কাৰণ চৰকাৰে তেওঁলোকক শাসকীয় দলৰ দৰেই সম দৃষ্টিৰে চাব। তেওঁলোকে সংসদত সক্ৰিয়ভাৱে অংশ লোৱাত বাধা নাই। প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰ লোকসভাত যথেষ্ট সংখ্যক মহিলা সাংসদ নিৰ্বাচিত হৈছে। সেয়া দেশৰ সংসদীয় ৰাজনীতিৰ বাবে শুভলক্ষণ বুলিও ব্যক্ত কৰে। নতুন সদস্যসকলৰ নতুন নতুন প্ৰত্যশা আৰু আঁচনি তথা দেশবাসীক সেৱা কৰিবলৈ নতুন সদস্যসকলে প্ৰদান কৰা সিদ্ধান্তসমূহ আন্তৰিকতাৰে বিবেচনা কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে। উল্লেখ্য যে শপত গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে থিয় হোৱাৰ লগে লগে লোকসভাৰ মজিয়াত মোডী মোডী আৰু ভাৰত মাতা কী জয় ধবনিৰে দীৰ্ঘ সময়লৈ সাংসদসকলে প্ৰধানমন্ত্ৰীজনক হাত তালিৰে আদৰণি আৰু সম্ভাষণ জ্ঞাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here