Home মুখ্য পৃষ্ঠা গহপুৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন নহল ATM

গহপুৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন নহল ATM

211
0


# গহপুৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন নহল ATM # ফুটুকাৰ ফেনত পৰিনত কেছলেছ ব্যৱস্থা # ডেৰ বছৰৰো অধিক দিন অৱহেলিত অৱস্থাত পেলাই ৰখা হৈছে এ, টি, এমৰ সামগ্ৰী #

গহপুৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন নহল ATM

দৈনন্দিন বাৰ্তা LIVE@ ( মুন গগৈ )গহপুৰ: ১৯ নবেম্বৰ: – পৰিবৰ্তনশীল চৰকাৰৰ দিনত পৰিবৰ্তনৰ নামত বিমুদ্ৰাকৰণ ব্যৱস্থাৰ চূড়ান্ত নমুনা । কেচলেচ ব্যৱস্থাৰ নামত ইতিহাস প্ৰসিদ্ধ গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত বিগত ডেৰ বছৰৰো অধিক দিন ধৰি অৱহেলিত অৱস্থাত পেলাই ৰখা হৈছে এ টি এমৰ সামগ্ৰী । উল্লেখ্য যে বিমুদ্ৰাকৰণৰ সময়ত বিশ্বনাথ জিলাৰ ভিতৰত শ্ৰমিকৰ এশ শতাংশ বেংক একাউন্ট খোলা প্ৰথম খন চাহ বাগিচা হিচাপে চিহ্নিত হৈছিল ভোলাগুৰি চাহ বাগিচা ।তাৰ পাছতেই শ্ৰমিকৰ সুবিধাৰ্থে এ টি এম ব্যৱস্থাৰ বাবে অনা হৈছিল এ টি এম মেচিনৰ বিভিন্ন সা-সামগ্ৰী । ”জয়মতী ‘ কথাছবিৰ নিৰ্মাণ স্হলী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতি বিজৰিত বাগিচা খনত ২০১৬ চনৰ ১৭ জানুৱাৰীত শিল্পী দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰী ভাবে লক্ষ লক্ষ ধন ব্যয় কৰি ধাক-ঢোল বজাই শিল্পী দিৱস উদযাপন কৰি বাগিচা খনৰ সৰ্বাঙ্গীন উন্নয়ণৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱালে যদিও আজি পৰ্যন্ত বাগিচা খনত এ টি এম টোকে কাৰ্যক্ষম কৰি তুলিব নোৱাৰিলে । পৰিণতিত বাগিচা খনৰ শ্ৰমিক সকলে বিমুদ্ৰাকৰণৰ নামত ৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গহপুৰ নগৰস্হিত বেংকলৈ তাঁত -বাটি কাঢ়ি প্ৰাপ্য মজুৰিৰ নামত হাৰাশাস্তি খোৱাৰ লগতে লোকচানৰ সন্মুখীন হবলগীয়া হৈছে । এ, টি, এমৰ বিপৰীতে দুৰ্ভাগ্যজনক আন এক বিষয় যে বেংকৰ জৰিয়তে লেনদেনৰ বিনিময়ত শ্ৰমিক সকলে পাঁচ হাজাৰকৈ যি অনুদান পাব লাগিছিল সিও ফুটুকাৰ ফেনলৈ পৰিণত হল ।সম্প্ৰতি বাগিচাখনৰ শ্ৰমিক -কৰ্মচাৰী সকলে মুখ্যমন্ত্ৰী গৰাকীক এ টি এম টো কাৰ্যক্ষম কৰি তোলাৰ দাবী জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here