Home মুখ্য পৃষ্ঠা শপত ল’লে অসমৰ চৈধ্য সাংসদেঃ মন্ত্ৰী ৰামেশ্বৰে অসমীয়াত, সাংসদ দিলীপে সংস্কৃতত, ৰাজদ্বীপে...

শপত ল’লে অসমৰ চৈধ্য সাংসদেঃ মন্ত্ৰী ৰামেশ্বৰে অসমীয়াত, সাংসদ দিলীপে সংস্কৃতত, ৰাজদ্বীপে বাংলাত, পল্লৱলোচনে হিন্দীত শপত

69
0

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ দেশৰ সপ্তদশ লোকসভাৰ আজি অনুষ্ঠিত হোৱা প্ৰথমখন অধিৱেশনত কাৰ্যসূচী অনুসৰি নতুন মন্ত্ৰী পৰিষদৰ সদস্য আৰু লোকসভাৰ সদস্যসকলে শপত গ্ৰহণ কৰে। প্ৰটেম অধ্যক্ষ বীৰেন্দ্ৰ কুমাৰে পাঠ কৰোৱা শপত বাক্য আজি কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অসমীয়াত শপত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে যোৱা ৩০ মে’ত মন্ত্ৰী হিচাপে তেলীয়ে হিন্দী ভাষাত শপত বাক্য পাঠ কৰিছিল। একমাত্ৰ মন্ত্ৰী তেলীৰ পিছতে অসমীয়াত শপত গ্ৰহণ কৰে ক্ৰমে গুৱাহাটীৰ সাংসদ কুইন ওজা, বৰপেটাৰ সাংসদ আব্দুল খালেক, ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল, কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া, নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, ডিফুৰ সাংসদ হৰেণছিং বে আৰু কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই। সংস্কৃত শপত গ্ৰহণ কৰে মঙলদৈ সমষ্টিৰ বিজেপিৰ বিধায়ক দিলীপ শইকীয়াই। হিন্দী ভাষাত শপত বাক্য পাঠ কৰে তেজপুৰৰ সাংসদ পল্লৱলোচন দাসে। বাংলা ভাষাত শপত বাক্য পাঠ কৰে শিলচৰৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ে। এনেকৈয়ে ৰাজ্যৰ আটাইকেইজন লোকসভাৰ সাংসদে আজি সদনৰ মজিয়াত শপত বাক্য পাঠ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here