Home মুখ্য পৃষ্ঠা দেশজুৰি অচল চিকিৎসা সেৱাঃ চিকিৎসকৰ ধৰ্মঘটৰ অৱসানঃ মুখ্যমন্ত্ৰী মমতাৰ বৈঠকত ওলাল সমাধান...

দেশজুৰি অচল চিকিৎসা সেৱাঃ চিকিৎসকৰ ধৰ্মঘটৰ অৱসানঃ মুখ্যমন্ত্ৰী মমতাৰ বৈঠকত ওলাল সমাধান সূত্ৰঃ কৰ্মৰত অৱস্থাত নিৰাপত্তা বাবে নডেল অফিচাৰ নিযুক্তি

56
0

ডিজিটেল ডেস্ক, কলকাতাঃ সপ্তাহযোৰা ধৰ্মঘট আৰু সাতশতকৈও অধিক চিকিৎসকে পদত্যাগ কৰি পশ্চিমবংগত সৃষ্টি কৰা চিকিৎসা সংকটৰ ওৰ পৰিল। আজি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিবাদী চিকিৎসক সকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত দুই পক্ষই এৰা ধৰাৰ মাজেৰে বুজাবুজি উপনিত হ’ল। লগে লগে প্ৰতিবাদী চিকিৎসকসকলে তেওঁলোকৰ কৰ্মবিৰতি প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে। উল্লেখ্য যে এনআৰএছ চিকিৎসালয়ত কৰ্মৰত দুজন কণিষ্ঠ চিকিৎসকক একাংশই আক্ৰমণ কৰি গুৰুতৰভাৱে জখম কৰিছিল। আক্ৰমণকাৰীৰ বিৰুদ্ধে চৰকাৰে পদক্ষেপ নোলোৱাৰ অভিযোগ তুলি প্ৰথমে উক্ত চিকিৎসালয়খনৰ চিকিৎসকসকলে কৰ্মবিৰতি আৰু পিছত নিজৰ চাকৰি ইস্তাফা দিছিল।

এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু গোটেই পশ্চিমবংগৰ সাত শতাধিক চিকিৎসকে চাকৰি ইস্তাফা দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। পশ্চিমবংগৰ এই আন্দোলনৰ প্ৰতি চিকিৎসকসকলৰ সৰ্বভাৰতীয় সংগঠনেও সমৰ্থন জ্ঞাপন কৰি আজি দেশজুৰি কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰো সকলো চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ চিকিৎসকে আজি জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য চিকিৎসা সেৱাৰ পৰা আঁতৰি আহি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ফলত নিৰুপায় হৈ চিকিৎসকৰ ৩১ জনীয়া এটা প্ৰতিনিধি দলৰ সৈতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ সচিবালয় মুকলি আলোচনাত মিলিত হয়।

মুখ্যমন্ত্ৰীৰ সৈতে এই আলোচনাত কলকাতা আৰক্ষী আয়ুক্ত অনুজ শৰ্মা পশ্চিমবংগৰ মুখ্য সচিব ৰাজীৱ সিন্হা, স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। আলোচনাৰ অন্তত কৰ্মস্থলীত সকলো চিকিৎসকক যথোপযুক্ত নিৰাপত্তা দিয়া কৰ্মস্থানৰ আন্তগাঁঠনি উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া হয়। লগতে আৰক্ষী তৰফৰ পৰা এজন শীৰ্ষ বিষয়াক নডেল অফিচাৰ হিচাপে নিযুক্তি দি চিকিৎসকৰ নিৰাপত্তাৰ বিষয়টো পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিয়ে। এনেকৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত দুই পক্ষই গ্ৰহণ কৰা সিদ্ধান্তৰ ফলশ্ৰুতিত ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে চলি থকা চিকিৎসকৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰা হৈছে।
ডুমডুমাত চিকিৎসকৰ ধৰ্মঘট পালন

দৈনন্দিন বাৰ্তা ডিজিটেল সেৱা, ডুমডুমাঃ কলকাতাত চিকিৎসকক প্ৰহাৰ কৰাৰ প্ৰতিবাদত সমগ্ৰ দেশৰ চিকিৎসকসকলৰ আজিৰ ২৪ ঘণ্টীয়া ধৰ্মঘটৰ অংশ ৰূপে আজি পুৱা ৬ বজাৰপৰা ডুমডুমা চহৰ আৰু চুবুৰীয়া অঞ্চলৰ চৰকাৰী আৰু বেচৰকাৰী সকলো চিকিৎসকে জৰুৰী আৰু আপদকালীন সেৱাত বাদে চিকিৎসাৰ সকলো সেৱা বন্ধ ৰখাই ধৰ্মঘট আৰম্ভ কৰাত ইয়াত এক হাহাকাৰ অৱস্থাৰ সৃৃষ্টি হোৱাৰ বতৰা পোৱা গৈছে।

আজি ইয়াৰ সকলো চিকিৎসকে ধৰ্মঘটত যোগদান কৰাৰ উপৰি আই এম এ ডুমডুমা শাখাৰ সভাপতি ডাঃ পি কে শৰ্মা আৰু সম্পাদক ডাঃ পি জে ডেকাৰ উদ্যোগত ডুমডুমা চহৰখনৰ প্ৰধান পথসমূহত এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীসকলে কলকাতাত চিকিৎসকক প্ৰহাৰ কৰা লোকসকলৰ ওপৰত উপযুক্ত শাস্তিমূলক ব্যৱস্থা ল’বলৈ আৰু চিকিৎসকসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাই নানা ধ্বনি দিয়ে। চৰকাৰে শীঘ্ৰে উচিত বিচাৰ নকৰিলে ইয়াতকৈও চৰম ধৰ্মঘটত চিকিৎসকসকল নামিব বুলি শাখাৰ সম্পাদক ডাঃ পি জে ডেকাই সকীয়াই দিয়ে।

শিৱসাগৰত অসম চৰকাৰী চিকিৎসা সেৱা সন্থাৰ কৰ্ম বিৰতি পালনঃ ব্যক্তিগত খণ্ডৰ চিকিৎসকে পালন কৰিছে ২৪ ঘণ্টীয়া ধৰ্মঘট

দৈনন্দিন বাৰ্তা ডিজিটেল সেৱা, শিৱসাগৰঃ দেশত বৃদ্ধি পোৱা চিকিৎসক নিগ্ৰহৰ ঘটনাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে ভাৰতৰ লগতে অসমৰ চিকিৎসক সন্থা সমূহ। সৌ সিদিনা কলিকতাত এগৰাকী কনিষ্ঠ চিকিৎসকক একাংশ লোকে দলবদ্ধভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ প্ৰতিবাদত ভাৰতীয় চিকিৎসক সন্থাই ইতিমধ্যে আজিৰে পৰা আৰম্ভ কৰিছে ২৪ ঘণ্টীয়া ধৰ্মঘট। এই ধৰ্মঘটত সমৰ্থন জনাইছে নিখিল ভাৰত চৰকাৰী চিকিৎসক মহাসংঘ আৰু অসম চৰকাৰী চিকিৎসা সেৱা সন্থাই।

সেই উদ্দেশে ভাৰতীয় চিকিৎসক সন্থাৰ ২৪ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচীৰ অংশৰূপে অসমৰ চৰকাৰী চিকিৎসা সেৱা সন্থাই ৰোগীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱা ৮ বজাৰ পৰা ১০ বজালৈ চৰকাৰী চিকিৎসালয় সমূহত কৰ্মবিৰতি পালন কৰে। অসম চৰকাৰী চিকিৎসা সেৱা সন্থাৰ শিৱসাগৰ গোটে আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত দুঘণ্টীয়া কৰ্মবিৰতি পালন কৰি জৰুৰীকালীন সেৱাৰ বাদে আন সকলো চিকিৎসা সেৱা বন্ধ ৰাখে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বাহিৰত বিভিন্ন প্ৰতিবাদী শ্ল’গান লিখা ফেষ্টুন আঁৰি চিকিৎসকৰ ওপৰত চলা নিৰ্যাতন শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে অসম চৰকাৰী চিকিৎসা সেৱা সন্থাই। সন্থাৰ বিষয় ববীয়া ডাঃ ৰূপম কাকতিয়ে কয় যে চিকিৎসকৰ ওপৰত এনে অত্যাচাৰে চিকিৎসক সকলৰ মনস্তাত্বিক দিশত প্ৰভাৱ পেলোৱাৰ লগতে চিকিৎসা সেৱাৰ পৰিৱেশ বিঘ্নিত কৰিছে।

চিকিৎসকৰ ওপৰত বৃদ্ধি পোৱা সঘন আক্ৰমণে নতুন প্ৰজন্মৰ চিকিৎসা ডিগ্ৰীধাৰী যুৱক-যুৱতী সকলক চৰকাৰী চিকিৎসকৰূপে কাম কৰাত বিৰূপ প্ৰভাৱ পেলাইছে। ৰাইজে চিকিৎসকৰ সৈতে এক সন্মানজনক সৰ্ম্পক ৰক্ষা কৰি চলিলে চিকিৎসা সেৱাৰ লগতে ৰাইজো উপকৃত হ’ব। সেইদৰে কেন্দ্ৰীয় চৰকাৰক অনতি পলমে কেন্দ্ৰীয় আদৰ্শ চিকিৎসা সেৱা সুৰক্ষা আইন বলৱৎ কৰিবলৈ সন্থাই দাবী উত্থাপন কৰিছে। যি সময়ত এজন ব্যক্তিয়ে জন্মৰ সময়ত আৰু মৃত্যুৰ সময়ত দেখা পোৱা লোকজনেই হৈছে চিকিৎসক তেনে সময়ত চিকিৎসকৰ প্ৰতি সহমৰ্মিতা ৰাখিবলৈ সন্থাই ৰাইজক আহবান জনাইছে। আনহাতে ব্যক্তিগত খণ্ডৰ চিকিৎসক সকলে ভাৰতীয় চিকিৎসক সন্থাৰ ২৪ ঘণ্টীয়া কৰ্ম বিৰতি বাহাল ৰাখি সোমবাৰে পুৱা ৬ বজাৰ পৰা মঙ্গলবাৰে পুৱা ৬ বজালৈ চিকিৎসা সেৱা প্ৰদান কৰাৰ পৰা বিৰত থাকিব বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here