Home মুখ্য পৃষ্ঠা ঐতিহ্যমণ্ডিত চিনাতলী বৰনামঘৰত চাৰিদিনীয়া কাৰ্যসূচীৰে বৰসবাহ মহোৎসৱ

ঐতিহ্যমণ্ডিত চিনাতলী বৰনামঘৰত চাৰিদিনীয়া কাৰ্যসূচীৰে বৰসবাহ মহোৎসৱ

71
0

ডিজিটেল সেৱা, দৈনন্দিন বাৰ্তা, গোলাঘাটঃ অসমৰ ধৰ্মীয় ইতিহাসত সৰ্ববৃহৎ পানীতোলা বৰসবাহ অব্যাহত আছে ঐতিহাসিক চিনাতলী বৰনামঘৰত । উল্লেখ যে চিনাতলী গাঁৱৰ ৭৫০ ঘৰ অংশীদাৰৰ এক মাত্ৰ ধৰ্মীয় অনুষ্ঠান চিনাতলী বৰনামঘৰত বিগত পৰম্পৰা অনুসৰি ৭ জুনৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হয় বৰসবাহ মহোৎসৱ। উল্লেখযোগ্য যে চিনাতলী বৰনামঘৰৰ সাতটা সামূহিক ধৰ্মীয় কাৰ্যসূচীৰ ভিতৰত বৰনামঘৰৰ পানীতোলা আৰু বৰসবাহ মহোৎসৱ অসমৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ।উল্লেখ যে ৩০ কুইণ্টল পিঠাগুড়ি, ২০ কুইণ্টল গুৰ, ১২ কুইণ্টল মগু, ৬.৫০ কুইণ্টল বুট, ২২ হাজাৰ কলেৰে কেইবাসহস্ৰাধিক ভকত বৈষ্ণৱক আপ্যায়ন চিনাতলী বৰনামঘৰৰ সমাজ পৰিষদৰ ৷ চিনাতলী বৰনামঘৰৰ বৰসবাহত মাহ-প্ৰসাদৰ উপৰিও আটাইতকৈ আকৰ্ষনীয় উপকৰণ হ’ল পকামিঠৈ ৷ প্ৰায় ৫ লাখ পকামিঠৈয়ে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱক আপ্যায়ন কৰা হয় ৷ উল্লেখ্য যে ইতিমধ্যে ২০০ বছৰীয়া গৌৰৱোজ্জল ইতিহাস সমৃদ্ধ চিনাতলী বৰনামঘৰৰ উদ্যোগত বিগত সময়খিনিত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ উপৰিও গাঁৱখনত বহু উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷ সেইবাবেই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চিনাতলী গাঁৱক স্বচ্ছ আৰু সেউজ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here