Home মুখ্য পৃষ্ঠা ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে শিক্ষকক অপমান কৰা কাৰ্যক গৰিহণা অসম কলেজ শিক্ষক সংন্থাৰ

ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে শিক্ষকক অপমান কৰা কাৰ্যক গৰিহণা অসম কলেজ শিক্ষক সংন্থাৰ

120
0

ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে শিক্ষকক অপমান কৰা কাৰ্যক গৰিহণা অসম কলেজ শিক্ষক সংন্থাৰ
—————————————————————–

দৈনন্দিন বাৰ্তাLIVE@(কৰুণা ফুকন)মৰাণ;২০ ননৱেম্বৰ :
বয়োজ্যেষ্ঠ বুদ্ধিজীৱি হিৰেণ গোঁহাইৰ ওপৰত মন্তব্য দিবলৈ গৈ বিনা কাৰণত জ্যেষ্ঠ সাংবাদিক তথা বুদ্ধিজীৱি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে নিতাইপুখুৰী মহাবিদ্যালয়ৰ প্ৰসঙ্গ টানি আনি উক্ত মহাবিদ্যালয়ৰ শিক্ষককসকলক অপমান কৰা কাৰ্যক অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ড° ক্ষীৰেশ্বৰ বৰা আৰু সাধাৰণ সম্পাদক তুলসী দাসে তীব্ৰ ভাষাৰে গৰিহণা দিছে। ভৱিষ্যতে এনে অৰ্থহীন বিষয়ত অসম কলেজ শিক্ষক সংস্থাৰ কোনো সদস্য নাম টানি নানিবলৈ এক প্ৰেছ বিজ্ঞপ্তি যোগে অসম কলেজ সংস্থাৰ সভাপতি ড°ক্ষীৰেশ্বৰ বৰা আৰু সাধাৰণ সম্পাদক তুলসী দাসে সকিয়াই দিছে। আনহাতে বৃহতম নাগালিম গঠন কৰিবলৈ গৈ অসমৰ ভূখণ্ডক সামৰি লৈ অসম আৰু অসমীয়াৰ জাতীয় জীৱনক যি বিপদাপন্ন কৰিছে তাকলৈ অসম কলেজ শিক্ষক সংন্থাই তীবাৰ অসন্ত্তোষ্টি প্ৰকাশ কৰিছে। সংস্থাই নগাৰ আগ্ৰাসন,নগি চুক্তি আৰু আলোচনাত ব্যৱহৃত মানচিত্ৰ আৰু নীতি ৰাজহুৱা নকৰাকৈ কি যুক্তিত সোণাৰি আৰু মেৰাপানীৰ সীমান্তলোক সকলক হাৰাশাস্তি কৰিছে বুলি প্ৰশ্ন অৱতাৰণ কৰিছে।অসমৰ সকলো লোক একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায়।এই ক্ষেত্ৰত অসমৰ জাতীয় সংগঠন সমূহক মুখ্য ভূমিকা গাৰহণ কৰিবলৈ সংন্থাই বিনম্ৰ গোহাৰি জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here