Home মুখ্য পৃষ্ঠা দিল্লী বিশ্ববিদ্যালয়ৰ চলিত বৰ্ষৰ কাট অফ মাৰ্কৰ প্ৰথম তালিকা প্ৰকাশঃ কাট অফ...

দিল্লী বিশ্ববিদ্যালয়ৰ চলিত বৰ্ষৰ কাট অফ মাৰ্কৰ প্ৰথম তালিকা প্ৰকাশঃ কাট অফ মাৰ্কঃ ১০০-১=৯৯ শতাংশ

83
0

হিন্দু বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ কাট অৱ মাৰ্ক ৯৯ শতাংশঃ শ্ৰীৰাম মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ কাট অফ মাৰ্ক ৯৮.৫ শতাংশঃ অৰ্থনৈতিক বিজ্ঞানত সন্মানীয় বিষয়ৰ বাবে কাট অৱ মাৰ্ক ৯৮.৭৫ শতাংশ

  • প্ৰকাশ পাব ৪ জুলাইত দ্বিতীয়, ৯ জুলাইত তৃতীয়, পোন্ধৰ জুলাইত চতুৰ্থ আৰু ২০ জুলাইত কাট অফ মাৰ্কৰ পঞ্চম তালিকা

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ উচ্চ শিক্ষাৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা বিদ্যাৰ্থীয়ে ভিৰ কৰে ৰাজধানী দিল্লীত। দিল্লী শীৰ্ষ স্থানৰ বিদ্যানুষ্ঠানবোৰত স্থান লাভ কৰিবৰ বাবে বিদ্যাৰ্থীসকলৰ নম্বৰৰ ওপৰতেই নিৰ্ভৰ কৰে। বিশেষকৈ দেশৰ চৌদিশৰ পৰা দিল্লী বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ বিভিন্ন মহাবিদ্যালয়ত নামভৰ্ত্তি কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ চলিত বৰ্ষৰ নামভৰ্ত্তিৰ বাবে কাট অফ মাৰ্কৰ প্ৰথম তালিকা বৃহস্পতিবাৰে নিশা প্ৰকাশ কৰে। লিখা প্ৰকাশ কৰা তালিকা মতে এইবাৰ নামভৰ্ত্তি কৰিবৰ বাবে সৰ্বোচ্চ নম্বৰৰ প্ৰয়োজন হোৱা মহাবিদ্যালয়খনে হ’ল হিন্দু মহাবিদ্যালয়।

হিন্দু মহাবিদ্যালয়ত ৰাজনৈতিক বিজ্ঞান বিভাগৰ কাট অৱ মাৰ্ক ৯৯ শতাংশ। ইয়াৰ পিছতে আছে লেডি শ্ৰীৰাম মহাবিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ বাবে ৯৮.৭৫ শতাংশ। শ্ৰীৰাম মহাবিদ্যালয়ৰ বাণিজ্য শাখাত নামভৰ্ত্তিৰ বাবে প্ৰথম তালিকাত প্ৰয়োজন ৯৮.৫ শতাংশ। আনহাতে শ্ৰীৰাম মহাবিদ্যালয়ৰ অৰ্থনৈতিক বিজ্ঞান বিষয়টো সন্মানীয় বিষয় হিচাপে লৈ নামভৰ্ত্তি কৰিবৰ বাবে কাট অৱ মাৰ্ক ৯৮.৭৫ শতাংশ। উল্লেখ্য, বিগত বৰ্ষতো উক্ত বিষয়ত নামভৰ্ত্তিৰ বাবে প্ৰয়োজন হৈছিল সমসংখ্যক নম্বৰে। হিন্দু মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্ত্তিৰ বাবে সৰ্বোচ্চ নম্বৰৰ ৯৮.৩ শতাংশ। পদাৰ্থ বিজ্ঞান বিভাগৰ বাবে ৯৮.৩ শতাংশ, পৰিসংখ্যা বিভাগৰ বাবে ৯৭.৭৫ শতাংশ আৰু গণিতত ৯৭.৭৫ শতাংশ।

কম্পিউটাৰ চাইন্সৰ বাবে দয়াল সিং কলেজৰ প্ৰথম তালিকাৰ কাট অৱ মাৰ্ক ৯৮.৩৩ শতাংশ আৰু পদাৰ্থ বিজ্ঞানৰ বাবে দৌলতৰাম কলেজৰ কাট অৱ মাৰ্ক ৯৭.৬ শতাংস। ইংৰাজী বিভাগত নামভৰ্ত্তিৰ বাবে মিৰাণ্ডা হাউছে জেনেৰেল কেটেগ’ৰীৰ বাবে প্ৰকাশ কৰা প্ৰথম তালিকা ৯৭.৫ শতাংশ। দিল্লী বিশ্ববিদ্যালয়ে নামভৰ্ত্তিৰ বাবে প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিনলৈকে পঞ্জীয়নভুক্ত বিদ্যাৰ্থীৰ সংখ্যা ৩৬৭৮৯৫ গৰাকী। ২৮ জুনৰ পৰা প্ৰকাশিত প্ৰথম তালিকাৰ কাট অৱ মাৰ্কৰ ভিত্তিত নামভৰ্ত্তিৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ পুনৰীক্ষণ প্ৰয়োজনীয় ধন জমা দিয়া কাৰ্য দেওবাৰে বাদ দি ১ জুলাইৰ ভিতৰত সামৰণি পৰিব।

অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিছে ১৭ হাজাৰ ছাত্ৰ আৰু ১৬ হাজাৰ ছাত্ৰীয়ে। উল্লেখ্য, বিশ্ববিদ্যালয়ে এইবাৰ অৰ্থনৈতিকভাৱে দুৰ্বল শাখাৰ কেটেগ’ৰীত স্নাতক আৰু স্নাতকোত্তৰ শাখাত দহ শতাংশ আসন বৃদ্ধি কৰিছে। দিল্লী বিশ্ববিদ্যালয়ৰ সূত্ৰ মতে স্নাতক বিভাগৰ বাবে কাট অৱ মাৰ্কৰ দ্বিতীয় তালিকা প্ৰকাশ কৰিব ৪ জুলাইত। একাধিকক্ৰমে ৯ জুলাইত তৃতীয়, পোন্ধৰ জুলাইত চতুৰ্থ আৰু ২০ জুলাইত কাট অৱ মাৰ্কৰ পঞ্চম তালিকা প্ৰকাশ কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here