Home অসম ৰাজনৈতিকৰ লগতে সাংস্কৃতিক আন্দোলনতো ব্ৰতী হ’ব লাগিব নতুন প্ৰজন্মঃ অৰূপ মান্না

ৰাজনৈতিকৰ লগতে সাংস্কৃতিক আন্দোলনতো ব্ৰতী হ’ব লাগিব নতুন প্ৰজন্মঃ অৰূপ মান্না

56
0

সাহিত্য সভা আৰু কলংপাৰ বিদ্যাপীঠৰ নগাঁৱত শিক্ষাবিদ হৰেশ্বৰ গোস্বামীৰ ২১ সংখ্যক স্মৃতিদিৱস উদযাপন
ৰাজনৈতিকৰ লগতে সাংস্কৃতিক আন্দোলনতো ব্ৰতী হ’ব লাগিব নতুন প্ৰজন্মঃ অৰূপ মান্না

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, নগাঁওঃ বৰ্তমান সময়ত সকলোতে সাংস্কৃতিক অৱক্ষয় আৰম্ভ হৈছে। এই অৱক্ষয় ৰোধ কৰিব পৰা যাব, যদিহে ৰাজনৈতিক আন্দোলনৰ লগত সাংস্কৃতিক আন্দোলনক জড়িত কৰিব পৰা যায়। নতুন প্ৰজন্মই কেৱল ৰাজনৈতিক আন্দোলনত জড়িত হ’লে নহ’ব, সাংস্কৃতিক আন্দোলনতো ব্ৰতী হ’ব লাগিব। অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে লগলাগি একেলগে এক বৃহৎ সাংস্কৃতিক আন্দোলন গঢ়ি তুলিব লাগিব আৰু ইয়াৰ গুৰু দায়িত্ব ল’ব লাগিব নতুন প্ৰজন্মই।

নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠত আয়োজিত হৰেশ্বৰ গোস্বামীৰ ২১ সংখ্যক স্মৃতিদিৱসৰ স্মাৰক বক্তৃতা অনুষ্ঠানত শুকুৰবাৰে এই মন্তব্য বিশিষ্ট শিল্পী, বোলছবি নিৰ্মাতা অৰূপ মান্নাৰ। ‘বৰ্তমানৰ সাংস্কৃতিক অৱক্ষয় আৰু নতুন প্ৰজন্ম’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি যশস্বী বোলছবি নিৰ্মাতাগৰাকীয়ে আৰম্ভণিতে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, বিশিষ্ট শিক্ষাবিদ হৰেশ্বৰ গোস্বামীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আৰু বিভিন্ন উদাহৰণ দাঙি ধৰি বৰ্তমানৰ সাংস্কৃতিক অৱক্ষয়ৰ ছবি এখন তুলি ধৰে।

প্ৰাক্তন মন্ত্ৰী, অধ্যাপক গিৰীন্দ্ৰকুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বক্তৃতানুষ্ঠানত দেশে-বিদেশে বিশেষ খ্যাতি অৰ্জন কৰা শিল্পীজনে কয় যে সকলোৱে ভাৱে বোলছবি মানে মনোৰঞ্জন। কিন্তু মনোৰঞ্জন মানে কেৱল হাঁহি-তামাচা, ৰং-ধেমালি নহয়। এজন বোলছবি নিৰ্মাতাই যেতিয়া দৰ্শকৰ দুচকু সিক্ত কৰি তুলিব পাৰে, তেতিয়া সেয়াও হৈ পৰে এক মনোৰঞ্জন।

শিল্পীজনে বিভিন্ন আগশাৰীৰ দেশত মাতৃভাষাৰ কিমান আদৰ, সেই কথা নিজৰ অভিজ্ঞতা বৰ্ণনৰে দাঙি ধৰি ঐতিহ্যশালী অসমীয়া ভাষাক মৰ্যাদা সহকাৰে ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায়। অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়, নগাঁও জিলা সাহিত্য সভা, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, হৰেশ্বৰ গোস্বামী সোঁৱৰণী প্ৰাথমিক বিদ্যালয়, শংকৰজ্যোতি শাখা সাহিত্য সভা, কলংপাৰ বিদ্যাপীঠ শাখা সাহিত্য সভাৰ সহযোগত আৰু কলংপাৰ বিদ্যাপীঠৰ উদ্যোগত আয়োজিত বক্তৃতা অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষাবিদগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেওঁৰ কন্যা স্নিগ্ধা গোস্বামীয়ে।

পুষ্প তৰ্পণ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই। কলংপাৰ বিদ্যাপীঠৰ প্ৰবক্তা অতুলকুমাৰ বৰুৱা আৰু নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক যতীন্দ্ৰনাথ সূতে আঁত ধৰা অনুষ্ঠানটি উদ্বোধন কৰে নগাঁও জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি নিত্যানন্দ বৰাই।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য, নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা এসময়ত নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰিধৰোতা হৰেশ্বৰ গোস্বামীৰ বৰ্ণিল জীৱনকৰ্ম আলোকপাত কৰে।

বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰত্নকান্ত দেৱনাথ, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ, সম্পাদক মৃণাল কুমাৰ হাজৰিকা, সহকাৰী সম্পাদক আনোৱাৰ পাৰভেজ, দশম বিশেষ বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক বিনু লস্কৰ ঠাকুৰীয়া, সভাৰ কাৰ্যনিৰ্বাহক সদস্য অমৰজিৎ গোস্বামী, অধিবক্তা মুকুল বৰঠাকুৰ, লেখক ঠগিত মহন্ত, কবি মনোজকুমাৰ শৰ্মা, কলিয়াবৰ শাখাৰ সদস্য জগত মেধি, সমাজকৰ্মী তৰুণ বৰদলৈ, অৱসৰপ্ৰাপ্ত অধ্যাপক খগেন নাথ, আকাশ উপ-সমিতিৰ সদস্য স্বপ্না কলিতা, নাট পৰিচালক পুণ্যদা বৰা, কবি দীপ্তি বৰা, প্ৰদীপ বৰা, শিল্পী অনিমা শৰ্মা বৰুৱা প্ৰমুখ্যে দুই শতাধিক লোক উপস্থিত থকা অনুষ্ঠানত কলংপাৰ বিদ্যাপীঠৰ তৰফৰ পৰা শিল্পী অৰূপ মান্নাক ফুলৰ তোৰা, চেলেং, শৰাই আদিৰে সম্বৰ্ধনা জনোৱা হয় ।

কলংপাৰ বিদ্যাপীঠৰ পৰিচালনা সমিতিৰ সম্পাদক অমৰজিৎ গোস্বামীযে হৰেশ্বৰ গোস্বামীৰ বৰ্ণিল স্মৃতি ৰোমন্থন কৰা লগতে প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰকুমাৰ বৰুৱাই হৰেশ্বৰ গোস্বামীক সততা আৰু মানৱতাৰ প্ৰতীক আখ্যা দিয়ে আৰু তেওঁৰ জীৱনাদৰ্শ যুগজয়ী হৈ থাকিব বুলি মন্তব্য দিয়ে। প্ৰবক্তা ইন্দ্ৰমোহন বৰাই শলাগজ্ঞাপক বক্তৃতা প্ৰদান কৰা অনুষ্ঠানত শিল্পী ৰঞ্জন বেজবৰুৱাই শিক্ষাবিদগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য স্বৰূপে সংস্কৃতত এটি গীত পৰিৱেশন কৰে।

ইফালে স্মৃতি দিৱস উপলক্ষে হৰেশ্বৰ গোস্বামী সোঁৱৰণী প্ৰাথমিক বিদ্যালয়তো পুৱা এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানত শিক্ষাবিদগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। মাল্যাৰ্পণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য হোমেশ্বৰ দেৱশৰ্মা আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই। স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বীৰেন দাস আৰু অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক যতীন্দ্ৰনাথ সূতে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here