Home মুখ্য পৃষ্ঠা #নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৰ কাণ্ড#

#নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৰ কাণ্ড#

285
0


#নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৰ কাণ্ড#

#চালকৰ অনুজ্ঞাপত্ৰৰ বাবে অনুজ্ঞাপত্ৰ বিচাৰি যোৱা ছাত্ৰীক অপদস্থ#

দৈনন্দিন বাৰ্তা LIVE@(দীপ জ্যোতি শইকীয়া)জিলা প্ৰতিনিধি ,নগাওঁ, ২০ নবেম্বৰ: চালকৰ অনুজ্ঞাপত্ৰৰ বাবে প্ৰয়োজনীয় মেডিকেল ৰিপৰ্ট বিচাৰি যোৱা এগৰাকী কলেজীয়া ছাত্ৰীক চিকিৎকে অপদস্থ কৰা ঘটনাই নগাঁৱত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে
আজি এই ঘটনা সংঘটিত হয় – নগাওঁ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লত ।অভিযোগ অনুসৰি চিকিৎসালয় খনৰ এগৰাকী চকু বিশেষজ্ঞ চিকিৎসকৰ ওচৰত আজি নগাওঁ চহৰৰ সমীপৰ ৰিতুজা বৰা নামৰ ছাত্ৰী গৰাকীয়ে চালকৰ অনুজ্ঞাপত্ৰৰ বাবে প্ৰয়োজন হোৱা মেডিকেল ৰিপৰ্টৰ বাবে মহিলা চিকিৎসক গৰাকীৰ কাষ চাপে। চকু চিকিৎসক গৰাকীয়ে
ছাত্ৰী গৰাকীৰ পৰা মেডিকেল ৰিপৰ্টৰ বাবে ১০০ টকা উৎকোচ বিচাৰিছিল। ছাত্ৰী গৰাকীয়ে এই কথাত প্ৰতিবাদ কৰাত চিকিৎসক গৰাকীয়ে ছাত্ৰী গৰাকীৰ মেডিকেল ৰিপৰ্টৰ কাগজ খন ফালি পেলোৱাৰ লগতে ছাত্ৰী গৰাকীক প্ৰহাৰ কৰিবলৈ চোচা লৈ আহে। এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয় খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰবৰ্তী সময়ত চিকিৎসালয় খনৰ আৰক্ষী থানাৰ আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। চিকিৎসালয় খনত সংঘটিত এই ঘটনাই নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে নগাঁৱৰ এই চিকিৎসালয় খনত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। এই চিকিৎসালয় খনত চিকিৎসকে ৰোগীৰ পৰা বিচৰা উৎকোচ পৰিসুদ কৰিব নোৱাৰি চিকিৎসালয় খনৰ পৰা ৰোগী পলায়ন কৰাৰো অভিযোগ আছে। বিভিন্ন সময়ত চিকিৎসালয় খনৰ এনে কেতবোৰ বিষয়ে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে যদিও চিকিৎসালয় খনৰ কৰ্তৃপক্ষই কোনো উপযুক্ত পদক্ষেপ গ্ৰহন নকৰাত নগাঁৱৰ সচেতন মহল ক্ষোভিত হৈ পৰিছে। এই ক্ষেত্ৰত সচেতন মহলে স্বাস্থ্য মন্ত্ৰী ড, হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here