Home অসম দিছপুৰ নহ’ল, উত্তাল হ’ল খানাপাৰাৰ খেলপথাৰঃ খানাপাৰাতে আবদ্ধ কৰিলে টেট শিক্ষŽকৰ ‘দিছপুৰ...

দিছপুৰ নহ’ল, উত্তাল হ’ল খানাপাৰাৰ খেলপথাৰঃ খানাপাৰাতে আবদ্ধ কৰিলে টেট শিক্ষŽকৰ ‘দিছপুৰ চলো’ অভিযানঃ আৰক্ষী আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

397
67
Contractual TET teacher protests ‘Dispur Chalo’ under the banner of Sodou Asom Prathamik TET Utirna Sikshak Samaj demand all contractual teachers to be given regular appointment in Guwahati

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা,মহানগৰঃ চাকৰি নিয়মীয়াকৰণৰ দাবীত ৰাজ্যৰ টেট শিক্ষকসকলে শনিবাৰে আহবান জনোৱা ‘দিছপুৰ চলো’ কাৰ্যসূচী গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে আবদ্ধ কৰি ৰাখিবলৈ সক্ষম হ’ল। অৱশ্যে প্ৰতিবাদস্থলীত উপস্থিত হোৱা মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ জৰিয়তে টেট শিক্ষকসকলে মুখ্যমন্ত্ৰীলৈ নিজৰ দাবীসম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে ২০১২ চনতে টেট উত্তীৰ্ণসকলে পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত শিক্ষক পদত ঠিকাভিত্তিত নিযুক্তি লাভ কৰিছিল।

Security person outside the Veterinary College Field, Khanapara during Contractual TET teacher protests ‘Dispur Chalo’ under the banner of Sodou Asom Prathamik TET Utirna Sikshak Samaj demand all contractual teachers to be given regular appointment in Guwahati

তেওঁলোকৰ চাকৰি ৰাজ্য চৰকাৰে স্থায়ী পদৰ বিপৰীতে পৰিৱৰ্তন কৰিবলৈ জনাই অহা দাবী ইমান দিনে অগ্ৰাহ্য কৰা পৰিলক্ষিত হৈছিল। ইয়াৰ বিপৰীতে ৰাজ্যৰ শাসকীয় বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে প্ৰকাশিত ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছিল যে টেটত উত্তীৰ্ণ সকলোকে শিক্ষক পদত মকৰল কৰা হ’ব আৰু তেওঁলোকৰ চাকৰিও নিয়মীয়া কৰা হ’ব। বৰ্তমান ৰাজ্যত লক্ষাধিক শিক্ষকৰ পদ খালী আছে যদিও শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট শিক্ষকসকলক স্থায়ী পদত মকৰলৰ পদক্ষেপ গ্ৰহণ কৰা নাই।

ইয়াৰ বিপৰীতে নতুনকৈ টেট অনুষ্ঠিত কৰি খালী পদসমূহত নিযুক্তি দিয়া হ’ব বুলি ব্যক্ত কৰিছে। যাৰ বাবে নিজৰ সাতবছৰীয়া ঠিকাভিত্তিত চাকৰি অনিশ্চয়তাৰ বাবে ক্ষোভিত হৈ পৰা টেট উত্তীৰ্ণই যোৱা এসপ্তাহে একাধিক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি স্মাৰকপত্ৰ প্ৰদানৰ পিছত আজি গ্ৰহণ কৰা হৈছিল দিছপুৰ চলো কাৰ্যসূচী।

Contractual TET teacher protests ‘Dispur Chalo’ under the banner of Sodou Asom Prathamik TET Utirna Sikshak Samaj demand all contractual teachers to be given regular appointment in Guwahati

ইয়াৰ পূৰ্বে প্ৰতিবাদৰ প্ৰাকসন্ধ্যা সমিতিৰ একাংশ বিষয়ববীয়াক অনানুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাই শিক্ষা মন্ত্ৰীয়ে টেট শিক্ষকৰ মাজত মনোমালিন্য সৃষ্টিৰ প্ৰয়াস চলোৱা বুলিও অভিযোগ উঠিছে। যাৰ বাবে টেট শিক্ষক সংস্থাৰ সভাপতি প্ৰমুখ্যে একাংশৰ লগতে এছ চি-এছ টি টেট উত্তীৰ্ণ আৰু ষ্টেটপুলৰ টেট শিক্ষকে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাই।

খানাপাৰাৰ খেলপথাৰত প্ৰায় ২০ হেজাৰ টেট শিক্ষক সমবেত হৈ দিছপুৰ চলো অভিযানত অংশগ্ৰহণ কৰে। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বেনাৰত আহবান জনোৱা আজিৰ প্ৰতিবাদী কাৰ্যসূচীত একাংশ শিক্ষয়িত্ৰীয়ে কোলাত কণমানি কেঁচুৱাকো লগত লৈ প্ৰতিবাদী কাৰ্যসূচীত চামিল হোৱা পৰিলক্ষিত হ’ল। আন্দোলনকাৰীসকলে টেট শিক্ষকৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে আৰক্ষী আয়ুক্তৰ জৰিয়তে তেওঁলোকৰ দাবীসম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

67 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here