Home মুখ্য পৃষ্ঠা ই-ৰিক্সা চালকৰ কাৰ্যত অতীষ্ঠ সোণাৰিবাসী

ই-ৰিক্সা চালকৰ কাৰ্যত অতীষ্ঠ সোণাৰিবাসী

102
0

ই-ৰিক্সা চালকৰ কাৰ্যত অতীষ্ঠ সোণাৰিবাসী
নিজৰ দোষ ঢাকিবলৈ ই-ৰিক্সা চলাচল বন্ধ কৰিলে চালকে

দৈনন্দিন বাৰ্তা Live@(অভিজিৎ ভূঞা ) সোসোণাৰি ২০ নবেম্বৰ : ক্ৰমান্বয়ে বাঢ়ি অহা ই-ৰিক্সাৰ চালকৰ উদ্ভণ্ডালিত দিনক দিনে অতীষ্ঠ হৈছে সোণাৰিবাসী | একাংশ নিবনুৱা যুবকে নগৰখনত ই-ৰিক্সা চলাই উপাৰ্জনৰ পথ প্ৰশস্ত কৰাৰ সময়তে একাংশ উদণ্ড তথা অপৈণত চালকে নগৰখনত বিভিন্ন সময়ত কৰি অহা উদ্ভণ্ডালিৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে | আনহাতে এই সন্দৰ্ভত জিলা প্ৰশাসনক বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ দল সংগঠন তথা জনসাধাৰণে দাবী জনাই অহাৰ পাছতো প্ৰশাসনে উদণ্ড চালকৰ বিৰুদ্ধে কোনো ব্যবস্থা গ্ৰহণ নকৰাত কোনো লোকলৈ কেৰেপ নকৰি একাংশ অপৈণত চালকে জধে মধে ই-ৰিক্সা চলাই নগৰখনত এক তাণ্ডব চলাই অহা পৰিলক্ষিত হৈছে | ইয়াৰ ফলত শেহতীয়াকৈ সোনাৰি আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰণ শাখাই নগৰখনৰ বিভিন্ন স্থানত ন’ পাৰ্কিং জ’ন দি উদণ্ড ই-ৰিক্সা চালকক নিয়ন্ত্ৰণ চলোৱাৰ সময়তে আজি নগৰখনৰ বাট পথৰ আকাৰ আৰু জনসংখ্যাৰ অনুপাতে ই-ৰিক্সাৰ সংখ্যা মাত্ৰাধিক হোৱা বুলি দাবী কৰাৰ লগতে নতুনকৈ যাতে কোনো ই ৰিক্সাৰ সংযোজন নহয়,এইক্ষেত্ৰত যাবতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সোণাৰি আৰক্ষীৰ যান বাহন শাখাক এখন আবেদন দিয়ে ই-ৰিক্সা চালক সন্থাই | ইপিনে ই-ৰিক্সা চালকসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰি আজি সোণাৰিত ই-ৰিক্সা চালক সন্থাই নিজেই চলাচল বন্ধ কৰিবলগীয়া ধৰণৰ এক নজিৰবিহীন ঘটনাও সংঘটিত হয় |

LEAVE A REPLY

Please enter your comment!
Please enter your name here