Home মুখ্য পৃষ্ঠা সোণাৰিত ভুলুণ্ঠিত মানৱতা বৃদ্ধ পিতৃক গতিয়াই উলিয়ালে পুত্ৰ বোৱাৰীয়ে

সোণাৰিত ভুলুণ্ঠিত মানৱতা বৃদ্ধ পিতৃক গতিয়াই উলিয়ালে পুত্ৰ বোৱাৰীয়ে

206
0

সোণাৰিত ভুলুণ্ঠিত মানৱতা
বৃদ্ধ পিতৃক গতিয়াই উলিয়ালে পুত্ৰ বোৱাৰীয়ে

দৈনন্দিন বাৰ্তা Live @ (অভিজিৎ ভূঞা ) সোণাৰি,২০ নবেম্বৰ : একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত ক্ৰমাৎ যেন হেৰাই গৈছে মানৱতা | নিজৰ বৃদ্ধ পিতৃ- মাতৃকো অবহেলা কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে আজিৰ প্ৰজন্মই | অৰ্থসৰ্বস্ব আজিৰ সমাজত যেন কোনো গুৰুত্বই নাই জন্মদাতা পিতৃ মাতৃৰ | তেনে এক প্ৰতিচ্ছবিৰ তথ্য পোহৰলৈ আহিছে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত | জানিব পৰা মতে সোনাৰিৰ পাৰ্শ্ববৰ্তী টিঙালীবাম চাহ বাগিচাৰ শ্ৰমিক চুক্ৰা ঘাটোৱাৰে আজিৰপৰা তিনিবছৰপূৰ্বে বাৰ্ধক্যজনিত কাৰণত বাগানৰ কামৰপৰা ছুটী লৈ ঘৰতে কাম বন কৰি আছিল | কিন্তু আজিৰপৰা কেইমাহমান পূৰ্বৰেপৰা উপাৰ্জনহীনতাৰ অজুহাতত বৃদ্ধগৰাকীৰ পুত্ৰ সিং ঘাটোৱাৰ আৰু বোৱাৰীয়েকে পিতৃক অবহেলা কৰি অহাৰ লগতে নানান অত্যাচাৰ কৰি আহিছিল | পুত্ৰ-বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি অবশেষত বৃদ্ধগৰাকী ঘৰৰপৰা উলাই আহি বিভিন্ন হোটেল বা আন ঠাইত কাম কৰি দিনটোৰ খাদ্যৰ যোগাৰ কৰাৰ লগতে ৰাতি হলে সোণাৰি নগৰস্থিত মছজিদৰ আগফালে নাইবা কোনো ব্যবসায়িক প্ৰতিষ্ঠানৰ বাৰাণ্ডাত আশ্ৰয় লৈ থকা পৰিলক্ষিত হৈছে | এই তথ্য পোহৰলৈ অহাৰ লগে লগেই এক মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে নগৰ খনৰ সচেতনমহলত | ইফালে এইক্ষেত্ৰত বৃদ্ধগৰাকীক সহায়ৰ বাবে কোনো এটা মানব দৰদী সংগঠন আগবাঢ়ি অহা পৰিলক্ষিত নোহোৱাত সচাঁকৈয়ে মানৱতাৰ স্খলন ঘটিছে বুলি আলোচিত হৈছে সৰ্বসাধাৰণ জনতাৰ মাজত |

LEAVE A REPLY

Please enter your comment!
Please enter your name here