Home মুখ্য পৃষ্ঠা লোকসভাত গৃহৰাজ্য মন্ত্ৰী কিষাণ ৰেড্ডীৰ ঘোষণাঃ ৰাজনৈতিক হিংসাৰ বিষয়ে সতৰ্ক কেন্দ্ৰীয় চৰকাৰ,পশ্চিমবংগৰ...

লোকসভাত গৃহৰাজ্য মন্ত্ৰী কিষাণ ৰেড্ডীৰ ঘোষণাঃ ৰাজনৈতিক হিংসাৰ বিষয়ে সতৰ্ক কেন্দ্ৰীয় চৰকাৰ,পশ্চিমবংগৰ মাদ্ৰাছাত বাহৰ পাতিছে জামাত-উল মুজাহিদিনে

59
0

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ পশ্চিমবংগত বাংলাদেশৰ মৌলবাদী সংগঠন জামাত উল মুজাহিদিনে বিভিন্ন মাদ্ৰাছাত প্ৰৱেশ কৰি দেশবিৰোধী কাৰ্যকলাপৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই বিষয়ে কেন্দ্ৰীয় চৰকাৰে সতৰ্ক দৃষ্টি ৰাখিছে আৰু প্ৰয়োজনত কঠোৰ পদক্ষেপ ল’বলৈ সাজু হৈ আছে। আনহাতে ৰাজ্যখনত প্ৰাক্ নিৰ্বাচনী হিংসাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে গভীৰভাৱে পৰ্যালোচনা কৰিছে।

মঙলবাৰে লোকসভাত পশ্চিমবংগৰ হিংসাত্মক কাৰ্যকলাপৰ বিষয়ে এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। তেওঁ কয় যে যোৱা ৯ জুন তাৰিখেই কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰিছিল। আইন-শৃংখলা নিয়ন্ত্ৰণৰ নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰ ব্যৰ্থ হ’লে কেন্দ্ৰই পদক্ষেপ ল’ব।

ইয়াৰ লগতে ৰাজ্যখনে বৰ্ধান আৰু মুৰশ্চিদাবাদত বাংলাদেশ সমৰ্থিত মৌলবাদী সংগঠন জামাত উল মুজাহিদিনৰ বৰ্ধিত কাৰ্যকলাপৰ বিষয়ত চৰকাৰ সতৰ্ক হৈ থকা বুলিও কেন্দ্ৰীয় মন্ত্ৰীজনে অৱগত কৰে। তেওঁ কয় যে জে এম বিৰ সদস্যসকলে সময়ে সময়ে নাম সলনি কৰি জামাত উল মুজাহিদিন ইণ্ডিয়া বা জামাত উল মুজাহিদিন হিন্দুস্তান নামেৰে পশ্চিমবংগত আত্মপ্ৰকাশ কৰাৰ প্ৰয়াস চলাইছে। এইক্ষেত্ৰত ৰাজ্যখনৰ একাংশ মাদ্ৰাছা সন্দেহৰ আৱৰ্তত নহয়। সেয়েহে কেন্দ্ৰই বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰু অচিৰেই পদক্ষেপ গ্ৰহণৰ ইংগিত প্ৰদান কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here