Home মুখ্য পৃষ্ঠা বিজেপিৰ সাংসদ-নেতাৰ অশোভনীয় ব্যৱহাৰত অতিষ্ঠ ৰাইজঃ নিজৰ আচৰণ সংশোধনৰ নিৰ্দেশ মোডীৰ

বিজেপিৰ সাংসদ-নেতাৰ অশোভনীয় ব্যৱহাৰত অতিষ্ঠ ৰাইজঃ নিজৰ আচৰণ সংশোধনৰ নিৰ্দেশ মোডীৰ

58
0

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ দলৰ সাংসদ, বিধায়ক তথা একাংশ নেতাই সততে অহংকাৰ আৰু ভেমত ওফন্দি থাকি তৃণমূলৰ কৰ্মী তথা সাধাৰণ ৰাইজক অমাৰ্জিত আৰু অশোভনীয় ব্যৱহাৰ কৰি অহাতো নিয়মলৈ পৰিণত হৈছে। যাৰ বাবে বিভিন্ন স্থানত ৰাইজে এনে ধৰণৰ লোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে শীৰ্ষ নেতৃত্বলৈ অভিযোগৰ পিছত অভিযোগ দিব লগা হৈছে।

ফলত ক্ষুব্ধ হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সেয়েহে মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে এনে ধৰণৰ অমাৰ্জিত আচৰণ কৰাসকলক সতৰ্ক কৰি দিয়াৰ লগতে নিজৰ আচৰণ সংশোধন নকৰিলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়া হৈছে। এইক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে আক্ষেপেৰে কয় যে যিমানেই গুৰুত্বপূৰ্ণ পদৱীত নাথাকক কিয় ৰাইজক অশোভনীয় আচৰণ কৰাসকলক দলৰ পৰা বহিষ্কাৰ কৰা হ’ব।

উল্লেখ্য যে মঙলবাৰে বিজেপিৰ প্ৰথমখন সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকতে প্ৰধানমন্ত্ৰীগৰাকী একপ্ৰকাৰ গৰজি উঠে। কাৰণ ইন্দোৰৰ বিজেপি বিধায়ক তথা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰগিয়াৰ পুত্ৰ আকাশ বৰগিয়াই অলপতে স্থানীয় পৌৰকৰ্মী এগৰাকীক ক্ৰিকেটৰ বেটেৰে প্ৰহাৰ কৰাৰ পিছত গ্ৰেপ্তাৰ হ’ব লগা হয়।

এগৰাকী বিধায়কক গ্ৰেপ্তাৰ কৰা কাৰ্যই দলটোৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেও নিজৰ ভুলৰ বাবে প্ৰায়চিত্ৰ পাবই বুলি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে। অৱশ্যে আকাশ বিজয়বৰ্গীয়াৰ জামিনত মুক্তিৰ পাছত তেওঁৰ সতীৰ্থসকলে যুদ্ধ জয়ৰ দৰে আনন্দ উৎসৱ পালন কৰে। নিজৰ পিতৃ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হোৱাৰ বাবেই ৰাজ্যিক বিজেপিয়ে আকাশবৰ্গিয়াৰ বিৰুদ্ধে পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে। সেয়েহে নাম প্ৰকাশ নকৰাকৈয়ে প্ৰধানমন্ত্ৰীয়ে কঠোৰ ভাষাৰে আইন-শৃংখলা নমনা উদণ্ড বিজেপি নেতাসকলক সকীয়াই দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here