Home অসম নাগালেণ্ডত অহা ছমাহলৈ বাহাল থাকিব আফছা

নাগালেণ্ডত অহা ছমাহলৈ বাহাল থাকিব আফছা

78
0

দৈনন্দিন বাৰ্তা ডিজিটেল সেৱা, সোণাৰিঃ কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডত অহা ছমাহলৈ সামৰিক বাহিনী বিশেষ ক্ষমতা অইন (আফছা) বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ চুবুৰীয়া ৰাজ্যখনৰ শেহতীয়া অইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে সুদীৰ্ঘ দিন ধৰি ৰাজ্যখনত আফছা প্ৰয়োগ হৈ আছে।

ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত ৰাজ্যখনত নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ কুটাঘাটমূলক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ভাৰত চৰকাৰে আজিৰ পৰা প্ৰায় বিশ বছৰ পূৰ্বে ৰাজ্যখনক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰি আফছা বলৱৎ কৰিছিল। বিগত সময়চোৱাত এন এছ চি এন কেইটাও গোটত বিভক্ত হৈছিল। ইয়াৰে এটা অন্যতম গোট এন এছ চি এন (আই এম) কেন্দ্ৰীয় চৰকাৰৰ লগত যুদ্ধ বিৰতিত থকাৰ সময়তো কেন্দ্ৰীয় চৰকাৰে এই অইন প্ৰত্যাহাৰ কৰা নাছিল।

শেহতীয়াকৈ ৰাজ্যখনৰ পৰা এই ক’লা অইন প্ৰত্যাহাৰ কৰিবৰ কাৰণে বিভিন্ন সংগঠনে দাবী জনাইছিল। কিন্তু বিগত সময়চোৱাত ৰাজ্যখনৰ মন জিলাৰ লগতে ইয়াৰ সৈতে সংলগ্ন অৰুণাচলৰ লংডিং, তিৰাপ আৰু চাংলাং জিলাত এন এছ চি এনৰ সদস্যসকলে নিৰাপত্তা বাহিনী, ৰাজনৈতিক নেতা, ব্যৱসায়ীৰ ওপৰত কেইটাও আক্ৰমণৰ ঘটনাৰ সংঘটিত কৰিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে ৰাজ্যখনত আফছা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গৃহ বিভাগৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে যোৱা ৩০ জুনত জাৰি কৰা এক আদেশ যোগে নাগালেণ্ডত অহা ছমাহলৈ আফছা বাহাল ৰখাৰ নিৰ্দেশ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here