Home অসম এজাক বৰষুণতে জলমগ্ন গুৱাহাটী

এজাক বৰষুণতে জলমগ্ন গুৱাহাটী

59
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, মহানগৰঃ এজাক বৰষুণতে জলমগ্ন হ’ল গুৱাহাটী মহানগৰী। সন্ধিয়াৰ উৎকট গৰমৰ মাজতে
হুৰহুৰাই আহিল বৰষুণজাক। ক্ৰমাৎ কিনকিনিয়াৰ পৰা মজলীয়া আৰু পিছত ধাৰাসাৰে বৈ আহিল পানী। ফলস্বৰূপে মহানগৰৰ জিএছ ৰোড আৰু আৰ জি বৰুৱা ৰোড দুয়োটাই জলমগ্ন হৈ পৰিল।

ইফালে যোৰাবাটতো পাহাৰৰ পৰা নামি অহা পানীয়ে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিলে। মহানগৰৰ উপ-পথসমূহতো পানীৰে পৰিপূৰ্ণ হৈ পৰিল। নলা-নৰ্দমাৰ পৰা ভাহি অহা প্লাষ্টিকৰ বটল আৰু মোনাৰ লগতে পেলনীয়া আৱৰ্জনা আদিৰে ভৰি পৰিল পথসমূহ।

যাৰ বাবে দীৰ্ঘসময়লৈকে ব্যাপক যান-জঁটত আবদ্ধ হৈ পৰিল মহানগৰবাসী। পিছত বৰষুণৰ পৰিমাণ হ্ৰাস পালেও কৃত্ৰিম বানপানী দীৰ্ঘ সময়লৈকে থাকি গ’ল। ফলস্বৰূপে মহানগৰৰ বিভিন্ন স্থানত আবদ্ধ হৈ পৰা যান-বাহন আৰু সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হ’ল হাহাকাৰ পৰিস্থিতিৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here