Home যুৱ-দৰ্পণ যুৱ প্ৰজন্মৰ কিছু ইতিবাচক চিন্তা

যুৱ প্ৰজন্মৰ কিছু ইতিবাচক চিন্তা

55
0

যুৱ প্ৰজন্ম মানেই সমাজৰ নামৰ পথাৰখনৰ কঠীয়াতলী দেশৰ ভৱিষ্যতৰশ্বৰূপ যুৱ প্ৰজন্মৰ হাততেই লিখা থাকে এখন দেশৰ অনাগত ভৱিষ্যত। যুৱ প্ৰজন্মই নিজৰ আনুষ্ঠানিক বা ঘৰুৱা পৰিৱেশ সমাজিক পৰিৱেশত অৰ্জন কৰা শিক্ষাৰ লগতে নৈতিক শাৰীৰিক, আধ্যত্মিকতা আদি দিশবোৰতো পৰিপক্ক হৈ ইয়াৰ সফল প্ৰয়োগেৰে সমাজত নিজকে প্ৰতিষ্ঠা কৰি জীৱন আৰু জীৱিকাৰে আগবাঢ়ি যাব পাৰে আৰু সমাজক নতুন চিন্তা ধাৰাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত আগভাগ ল’ব পাৰে।

যুৱ প্ৰজন্মৰ মাজত সিমানেই ইতিবাচক চিন্তা ধাৰাবোৰ বিকাশ হ’ব সিমানেই দেশ এখনে নতুনকৈ লৈ বিকাশৰ দিশে আগুৱাই যাব পাৰিব দেশৰ যুৱ প্ৰজন্মৰ মাজত যদি কৰ্মস্পৃহা বা কাম কৰাৰ জহাবিয়াখটো সদায় বৰ্তি থাকে, তেন্তে দেশখন বা ৰাজ্যখনত কোনো বহিৰাগত শক্তিয়ে আহি মূৰ তুলি চাবলৈ সাহস নকৰে। এই সুন্দৰ ধৰনীখন আমি অৰ্থাৎ যুৱ প্ৰজন্মই আমাৰ অগ্ৰজ সকলৰ পৰা ধাৰলৈ পাইছো, গতিকে ৰাজ্যখনৰ প্ৰাকৃতিক, সাংস্কৃতিকস ৰাজনৈতিক, অৰ্থনৈতিক দিশবোৰৰ বিকাশৰ বাবে যুৱ প্ৰজন্মই আগুৱাই আহিব লাগবি।

সাম্পতি ৪ জি ইন্টাৰটেনৰ যুগত আমাৰ ৰাজ্যখনৰ প্ৰযুক্তিৰ দিশৰ পৰা সফলতা অৰ্জন কৰিছে যদিও বৌদ্ধিক, শাৰীৰিক আৰু আধ্যাত্মিক দিশত বা যুৱ প্ৰজন্মৰ মাজত সমাজৰ প্ৰতি থকা দায়িত্ববোধ কমি অহা দেখিবলৈ পোৱা গৈছে। সকলো কেৱল আত্মকেন্দ্ৰিক সমাজৰ কাৰণে ইতিবাচক কাম কৰাৰ ইচ্ছা অধিকাংশৰেই নাই। খুৱ কম সংখ্যাক যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়েই সমাজৰ কাৰণে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে। জীৱন আৰু জীৱিকা দুয়োটাকে সমানে আগুৱাই নিব পাৰিলেহে সমাজ জীৱনত আগবাঢ়ি যাব পাৰি, কিন্তু তাৰ পৰিৱৰ্তে আমি মাথোঁ ব্যস্ত নিজৰ জীনিকাৰ পিছত।

ক্ৰমে হ্ৰাস পাব ধৰিছে মানৱতা, দয়া অনুগত্যৰ মনোভাৱবোৰ পৰিণত হৈছে সকলো একো একোটা যন্ত্ৰত। সেয়েহে যুৱ প্ৰজন্মৰ মাজৰ পৰাই প্ৰতিভাসম্পন্ন শিক্ষাৰ্থী সকলে শোষণৰ বিৰুদ্ধে মাত মাতিব লাগিব তেতিয়াহে ৰাজ্যখনৰ জনসাধাৰণে অৰ্থনৈতিক দিশবোৰৰ লগতে কাৰিকৰী শিক্ষাৰ উপযুক্ত প্ৰশিক্ষণ লাভ কৰি স্বাৱলম্বী হ’ব পাৰিব। আমাৰ ৰাজ্যখনৰ মহান মনীষীসকলৰ ব্যক্তিত্বক আদৰ্শ হিচাপে লৈ যুৱ প্ৰজন্মই বিকাশৰ দিশে আগুৱাই যাব লাগিব। নিবনুৱা সমস্যা, সৃষ্টি কৰি বহিৰাগতক যাতে আমাৰ ৰাজ্যখনত থিতাপি ল’বলৈ চৰকাৰে বা অন্য কোনেও চক্ৰান্ত কৰিব নোৱাৰে, তাৰ বাবে আমাৰ যুৱ প্ৰজন্মই সৰ্তক হৈ থকা উচিত। আমাৰ ভিতৰুৱা অঞ্চলবিলাকত যাতে কুসংস্কাৰ অন্ধবিশ্বাস আদিবোৰ নিৰ্মূল কৰিব পাৰি তাৰ কাৰণে যুৱ প্ৰজন্মই অভিনৱ পৰিকল্পনা হাতত ল’ব লাগিব।

 

ঋষি লহকৰ
ফোনঃ ৮৪৮৬৫-০৪৭৯৩

LEAVE A REPLY

Please enter your comment!
Please enter your name here