Home যুৱ-দৰ্পণ পৰিৱৰ্তন

পৰিৱৰ্তন

104
0
Direct capture

অনুগল্প

নৈখন একে আছে। মাথো সলনি হৈছে গাঁওখনৰ ৰং। গাঁৱৰ বাট-পথ স্বাভাৱিক অৱস্থা। হয়তো মানুহৰ মন-চিন্তাধাৰাবোৰো। ৰূপালীয়ে কথাটো অনুমানহে কৰিছিল গাঁৱৰ লোকসকলৰ ৰেহ-ৰূপ দেখি। সেই বাটেৰে আহি থকা পৰাগে ৰূপালীক উদ্দেশ্যি ক’লে–‘ৰূপালী বা, তুমি চহৰলৈ যোৱাৰ এক বছৰ পিছতেই গাঁৱৰ এই পৰিৱৰ্তন। এতিয়া প্ৰত্যেকে ব্যস্ত নিজৰ লগত। বিয়নী মেলৰো সময় উকলিল। ইঘৰে সিঘৰৰ ঘৰলৈ যাবলৈ সময় নাই। সৌ যে বৰগছ জোপা, তাৰ ছাঁত বহি এতিয়া কোনেও আড্ডা নামাৰে। এই বিশাল পথাৰখন, ইয়াত আবেলি কোনো ল’ৰা-ছোৱালীৱে ক্ৰিকেট, ফুটবল খেলিবলৈ নাহে। শুনিছো ইয়াত হেনো এতিয়া এখন ডাঙৰ চিকিৎসালয় নিৰ্মাণ হ’ব। বৰ্তমান আধুনিক প্ৰতিযোগিতাৰ সময় আহিল নহয় জানো· সেই প্ৰভাৱ আমাৰ গাঁওখনতো পৰিল। সকলো ফালে উন্নয়ন হ’ল, আধুনিক ব্যস্ততাক প্ৰত্যেকে আদৰি ল’লে। তথাপি সকলো পায়ো কিবা এটাৰ অভাৱ যেন আমি অনুভৱ কৰিছো। নহয় নে বা ?

ৰূপালীয়ে মাথো এটা হুমুনিয়াহ এৰি ক’লে–‘এৰা, সময়ৰ হেঁচাত পৰিৱৰ্তনৰ ঢৌৱে যে আমাৰ পুৰণি সভ্যতা-সংস্কৃতিক এনেকৈ উটুৱাই লৈ যাব কাহানিও ভবা নাছিলো।’

প্ৰস্তুতি দাস
ভ্ৰাম্যভাষঃ ৬৯০০৭-৩৩৮৮৯

LEAVE A REPLY

Please enter your comment!
Please enter your name here