Home যুৱ-দৰ্পণ সিদ্ধান্ত গ্ৰহণ কৌশল-এক গুৰুত্বপূৰ্ণ জীৱন শৈলী

সিদ্ধান্ত গ্ৰহণ কৌশল-এক গুৰুত্বপূৰ্ণ জীৱন শৈলী

59
0

জীৱন শৈলী হৈছে এনেকুৱা কিছুমান দক্ষতা যিবোৰ এদন ব্যক্তিৰ দৈনন্দিন জীৱনৰ দাবী আৰু প্ৰত্যাহবানসমূহৰ লগত খাপ খাবলৈ আৰু ইতিবাচক আচৰণ অধিকাৰ কৰাত ফলপ্ৰসূভাৱে সহায় কৰে। অয়াপউপৰি ই আমাক আমাৰ লক্ষ্যত উপনীত হোৱাত আৰু জীৱনটো সম্পূৰ্ণভাৱে উপভোগ কৰাত আমাক সহায় কৰে। এনেকুৱা এটা কৌশল যিটো দৈনন্দিন জীৱনত সম্পূৰ্ণ অংশ গ্ৰহণ কৰাৰ প্ৰয়োজনীয় বা কাম্য। বিভিন্ন ধৰণৰ জীৱন শৈলীৰ ভিতৰত প্ৰধান কেইটামান হৈছে,- সিদ্ধান্ত গ্ৰহণ কৌশল, সময় ব্যৱস্থাপনা, সমস্যা সমাধানকাৰী কৌশল, ফলপ্ৰসূ যোগাযোগ, চাপ ব্যৱস্থাপনা, আন্তঃব্যক্তিগত সম্পৰ্ক, আত্ম সজাগতা, সমানুভূতি আদি।

এই জীৱন শৈলীবোৰৰ ভিতৰত মই সিদ্ধান্ত গ্ৰহণ শৈলীৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। প্ৰত্যেক ব্যক্তিয়ে জীৱনৰ বিভিন্ন সময়ত বাস্তৱ জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ সমাধানৰ বাবে নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আহি পৰে। এই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ব্যক্তিজনৰ সন্মুখত বিভিন্ন সম্ভাৱ্য বিকল্প আহি পৰে। এই বিকল্পসমূহৰ মাজৰ পৰা সঠিক বিকল্পটো চিনাক্ত কৰিব পাৰিলেহে ব্যক্তিজনৰ সমস্যাটো সমাধান কৰাত সহায়ক হ’ব।

মোৰ জীৱনতো এই সিদ্ধান্ত গ্ৰহণ কৌশলে মোক সঠিক সিদ্ধান্তচ লোৱাত সহায় কৰি আহিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ হোৱাৰ পিছত দেউচাৰ কথামতে বিজ্ঞান শাখাত নামভৰ্তি কৰিম বুলি ভাবিছিলো। সেয়ে পৰীক্ষা শেষ হোৱাৰ লগে লগে দেউতাই পদাৰ্থ বিজ্ঞান, অংকশাস্ত্ৰ আৰু ইংৰাজী টিউচন দি দিলে। কেইদিনমান টিউচন কৰাৰ পিছত ইংৰাজীৰ বাহিৰে বাকী দুটা বিষয়ৰ টিউচন যাবলৈ ভাল নলগা হ’ল। তেতিয়ালৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলোৱা নাছিল। সেইসময়ত এদিন দেউতাৰ লগত মাগীহঁতৰ ঘৰলৈ গলো। মাহীয়ে মোক সুধিলে যে মই কোনটো শাখাত নামভৰ্তি কৰিব বিচাৰো। মই বিজ্ঞান শাখা বুলি কোৱাত তেওঁ মোক কিছুমান বাস্তৱ উদাহৰণ দি কলে যে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান বিষয় মুখস্থ কৰি পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰি বিজ্ঞানশাখাত নামভৰ্তি কৰাৰ পিছত বিভিন্ন সমস্যাৰ সন্মুখীন হয় আৰু পিছত ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰি হতাশাত ভোগে। মাহীৰ লগত কথা পাতি এইটো গম পালো যে অকল কোনো বিষয়ত পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি বা বেলেগৰ ইচ্ছা অনুসৰি শাখা নিৰ্বাচন কৰিলে মোৰ জীৱনত এটা ডাঙৰ ভুল হৈ যাব পাৰে। এনেদৰে যিমানেই দিন বাগৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওচৰ চাপি আহিল সিমানেই মই নিজকে বিজ্ঞান শাখাৰ বাবে অনুপযুক্ত বুৱি অনুভৱ কৰিব ধৰিলো। ফলাফল ঘোষণা কৰাৰ এদিন আগতে মই ইংৰাজী বিষয়ৰ টিউচন ছাৰজনক সুধিলো, ‘ছাৰ কলা শাখাত পঢ়াটো বেয়া নেকি·’ ছাৰে বৰ ধুনীয়াকৈ উত্তৰ দিলে, ‘চয়নিকা (যোৱা বছৰ উচ্চতৰ মাধ্যমিকত পৰীক্ষাৰ কলা শাখাত প্ৰথম স্থান পোৱা ছোৱালীজনী)ক কোনোৱাই বেয়া বুলি কয় নেকি·’ ছাৰৰ এই কথাষাৰে মোক বৰকৈ অভিৰোচিত কৰিসে। তেওঁৰ এই কথা ষাৰৰ পৰা অই এইটোৱে বুজি পালো যে সেইটোতে সৰ্বশ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব পাৰিব লাগিব।

সিদিনাই মই নিজে জীৱনৰ প্ৰথম বাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লো যে মোৰ ফলাফল যিয়ে নহওক, মই বিজ্ঞান আৰু সাধাৰণ গণিতত লেটাৰ নম্বৰসহ উত্তীৰ্ণ হলেও মই কলা শাখাতহে পঢ়িম। কাৰণ কলা শাখাৰ প্ৰতিহে মোৰ আগ্ৰহ বেছি আছিল। পিচদিনাখন ফলাফল ঘোষণা কৰিলে আৰু মই ৭১ শতাংশ নম্বৰ লৈ ইংৰাজী, অসমীয়া আৰু সমাজ বিজ্ঞানত লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হৈছিলো। সিদিনা খুৰাহঁতৰ ঘৰলৈ মিঠাই লৈ গ’লো। খুৰাই মোৰ পৰীক্ষাৰ ফলাফল শুনি ক’লে, ‘তুমি দেখোন টিউচন নপঢ়া বিষয়বোৰতহে লেটাৰ নম্বৰ পাইছা।’ তেতিয়া মই কথাটো অলপ চিন্তা কৰি দেখিলো খুৰাই কথাটো ঠিকে কৈছে। কাৰণ ইংৰাজী টিউচন মাত্ৰ দুমাহহে পঢ়িছিলো আৰু অসমীয়া আৰু সমাজ বিজ্ঞান নিজে পঢ়িছিলো। কিন্তু উচ্চ গণিতত ১৩ মাহ, সাধাৰণ গণিত ১২ মাহ আৰু সাধাৰণ বিজ্ঞানত ৯ মাহ টিউচন পঢ়াৰ পিছতো সেইকেইটাও কম নম্বৰ পাইছিলো। তেতিয়া মই সিদ্ধান্ত ল’লো যে মই কলা শাখাতেই নামভৰ্তি কৰিমষ ঘৰত মই মোৰ সিদ্ধান্তৰ বিষয়ে জনোৱাত ঘৰৰ পৰা মোক আকৌ এবাৰ ভাবি চাবলৈ ক’লে। কিন্তু মই মোৰ সিদ্ধান্তত অটল আছিলো।

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিবলৈ যোৱাৰ দিনা যিসকলে গম পায় যে মই কলা শাখাত নামভৰ্তি কৰিবলৈ গৈছো তেওঁলোক কৈছিল যে মই বিজ্ঞান শাখা নামভৰ্তি কৰা উচিত আছিল। কিয়নো সেই সময়ত আমাৰ সেইখন ঠআইৰ মানুহৰ মনত এটা ভুল ধাৰণা আছিল যে প্ৰথম বিভাগত উত্তীৰ্ণ হ’লে বিজ্ঞান শাখাত পঢ়িব লালে বুলি। এই কথাটোক লৈ বহুতে মোক সমালোচনাও কৰিছিল।
উচ্চতৰ মাধ্যমিকৰ দুটা বছৰ মোৰ ভালে ভালে পাৰ হ’ল। মই নিজৰ ইচ্ছামতে শাখা নিৰ্বাচন কৰা বাবে পঢ়া-শুনাক লৈ কোনোদিনাই হেচাঁ অনুভৱ কৰা নাই। এনেকৈ এদিন ফলাফল ঘোষণা কৰাৰ দিন আহিল। সেইদিনা আছিল মোৰ জীৱনৰ এটা অতিকৈ আনন্দৰ দিন। কাৰণ মই আশা কৰা মতে ফলাফল লাভ কৰিলো। মই ৮৪ শতাংশ নম্বৰ লৈ, চাৰিটা বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈছিলো। সিদিনাখন মোক সমালোচনা কৰা মানুহবোৰে চাগে এবাৰৰ কাৰণেও উপলব্ধি কৰিছিল। যে মই লোৱা সিদ্ধান্তটো মোৰ কাৰণে ভুল নাছিল।
মানুহৰ জীৱনত লোৱা এটা ভুল সিদ্ধান্তই গোটেই জীৱনটোৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সেয়ে সিদ্ধান্ত গ্ৰহণৰ কৌশল প্ৰত্যেক মানুহৰ বাবে গুৰুত্বপূৰ্ণ।

উম্মি ৰুস্মানা হুচেইন

ভ্ৰাম্যভাষঃ ৭০৩৫৩-৪৪৮৮৬

LEAVE A REPLY

Please enter your comment!
Please enter your name here