Home অসম ধেমাজি কাণ্ডৰ চূড়ান্ত ৰায়ঃ অসন্তুষ্ট নিহতৰ পৰিয়াল

ধেমাজি কাণ্ডৰ চূড়ান্ত ৰায়ঃ অসন্তুষ্ট নিহতৰ পৰিয়াল

41
0

৪ জনক যাৱজ্জীৱন দুজনক চাৰি বছৰৰ কাৰাদণ্ডঃ ৰেহাই পালে আঠ অভিযুক্তই,
বিস্ফোৰণৰ মূল অভিযুক্ত ৰছিদ আলী সন্ধানহীন

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ সুদীৰ্ঘ পোন্ধৰ বছৰৰ পিছত ধেমাজিৰ বিস্ফোৰণ তথা দহটা শিশুকে ধৰি তেৰ জনৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায় বৃহস্পতিবাৰে ঘোষণা কৰা হ’ল। ধেমাজি জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে এই গোচৰটো মুঠ পোন্ধৰজন অভিযুক্তৰ আঠজনক নিৰ্দোষী ঘোষণা কৰে। ইয়াৰ বিপৰীতে চাৰিজনক যাৱজ্জীৱন কাৰাদণ্ড আৰু দুজনক চাৰি বছৰৰ কাৰাদণ্ড ঘোষণা কৰা হৈছে।

উল্লেখ্য যে ২০০৪ চনত ১৫ আগষ্টত ধেমাজি কলেজৰ খেল পথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল এই নিহতসকলে। কাৰ্যসূচীৰ মাজতে মাটিত পুতি থোৱা বোমা বিস্ফোৰিত হৈছিল। ফলত দহটা শিশুকে ধৰি তিনিগৰাকী মহিলা নিহত হৈছিল। বহুকেইগৰাকী গুৰুত্বভাৱে আহত হৈছিল। নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ দ্বাৰা এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল। সেইদিনা পুৱা ৯.৩০ বজাত আইইডি বিস্ফোৰণত থিতাতে নিহত হোৱা সকলৰ মাজত আছে সিদ্ধাৰ্থ টাইড, প্ৰদীপ্ত গগৈ, ৰূপা শইকীয়া, মনজিৎ গগৈ, যোগান্ত পাদুন, বিজিত সোণোৱাল, নমিতা গগৈ, চিত্ৰাৱতী দলে, ধনদা গগৈ, দীনেশ পাদুন, মানসী বৰগোহাঁই, অৰুণ শইকীয়া আৰু গিৰিণ শইকীয়া।

এই বিস্ফোৰণৰ তদন্তৰ পিছত ন্যায়ালয়ে অপৰাধীসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডাবিধি আইনৰ ধাৰা ১২০/১২০ বি/১২১ এ/১২২/৩০২/৩২৬ অধীনত শাস্তি ঘোষণা কৰে। সেই অনুসৰি অভিযুক্ত যতীন দুৱৰী ওৰফে ৰংমন, লীলা খান, দীপাঞ্জলি গোহাঁই আৰু মুহি সন্দিকৈক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা বিহিছে।

ইয়াৰ বিপৰীতে প্ৰশান্ত ভূঞা আৰু হোমেন গগৈক চাৰিবছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে পাঁচ হাজাৰ টকাকৈ জৰিমনা আদায়ৰ নিৰ্দেশ দিয়া হৈছে। গোচৰৰ পৰা দোষমুক্ত হোৱা সকল হ’ল মোহন চুতীয়া, চন্দ্ৰ নাথ গগৈ, গোবিন কলিতা, জয়চন্দ্ৰ চুতীয়া, আপ্সৰা বৰা, জয়া চুতীয়া, জিতেন চুতীয়া আৰু মীনা বৰুৱা।

এই ঘটনাৰ মূল অভিযুক্ত ৰছিদ আলী নামৰ আলফা সদস্যজন এতিয়াও পলাতক হৈ আছে। ইফালে ৰাজ্য চৰকাৰে বিস্ফোৰণস্থলীত পাঁচ কোটি টকাৰে এটা স্মৃতি সৌধ, শিশুৰ শিক্ষা আৰু কেৰিয়াৰ বিকাশ কেন্দ্ৰ এটা গঢ়ি তোলা হৈছে। ইফালে বিস্ফোৰণত জড়িত সকলক ফাঁচীৰ দাবী জনাই অহা হৈছিল যদিও আজি ঘোষণা কৰা শাস্তিয়ে মৃতকৰ আত্মীয়ক সন্তুষ্ট কৰিব নোৱাৰিলে। সেয়েহে বিচাৰ প্ৰক্ৰিয়াত সুৰুঙা থাকি যোৱাৰ বাবেই তেৰজনকৈ লোকৰ প্ৰাণ কাঢ়ি লোৱা ঘটনাটো অপৰাধীয়ে ফাঁচীৰ পৰা ৰেহাই পালে বুলি আক্ষেপ কৰা দেখা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here