Home অসম কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী সোণোৱালৰঃ ৰাজ্যখনৰ ৰে’লৰ প্ৰকল্পৰ দ্ৰুত অনুমোদন জনোৱাৰ...

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী সোণোৱালৰঃ ৰাজ্যখনৰ ৰে’লৰ প্ৰকল্পৰ দ্ৰুত অনুমোদন জনোৱাৰ আহবান,ৰাজ্যৰ যুৱক-যুৱতীৰ বাবে ৰে’ল বিভাগৰ তৃতীয়-চতুৰ্থ শ্ৰেণীৰ পদ সংৰŽণৰ কৰাৰ অনুৰোধ

74
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীযুষ গোৱেলক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি ৰাজ্যখনৰ ৰঙিয়া হৈ বঙাইগাঁও-কামাখ্যা ৰে’ল পথৰ দ্বৈতকৰণ প্ৰকল্প, শৰাইঘাট দলঙৰ ৰে’ল পথ দ্বৈতকৰণ আৰু তেজপুৰ-শিলঘাটৰ মাজৰ নতুন ৰে’ল পথ প্ৰকল্পৰ ক্ষীপ্ৰ অনুমোদনৰ দিশত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰে। এইক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মনোযোগ আকৰ্ষণ কৰি মুখ্যমন্ত্ৰীৰয়ে কয় যে যদিও ৰে’লমন্ত্ৰালয়ৰ পিংক বুকত এই প্ৰকল্প তিনিটা অন্তৰ্ভুক্ত কৰা হৈছে, তৎসত্বেও সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা এই দিশত ক্ষীপ্ৰ অনুমোদন কৰাৰ ব্যৱস্থা কৰিব লাগে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দৰং জিলাক সামৰি ৰঙিয়াৰ পৰা ডেকাৰগাঁৱলৈ নতুন ৰে’ল পথৰ জৰীপ কাৰ্য চলাই থকা হৈছে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই জৰীপ কাৰ্য অতিশীঘ্ৰে সমাপন কৰি যথাসম্ভৱ শীঘ্ৰে এই প্ৰকল্পৰ অনুমোদন ৱ্যৱস্থা কৰিবলৈও আহবান জনায়। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীক সৰভোগৰ গৰখীয়া গোঁসাই থানৰ পৰা বৰপেটা সত্ৰ, বহৰি সত্ৰ, সৰ্থেবাৰী নসত্ৰ আৰু হাজো পোৱামক্কা হৈ আমিনগাঁৱলৈ নতুন ৰে’ল পথৰ জৰীপ চলোৱাৰ বাবে অনুমোদন জনাবলৈও আহবান জনায়।

মুখ্যমন্ত্ৰীয়ে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহলৈ আলু, পিয়াজ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ সূচল পৰিবহণৰ বাবে সৰ্যাপ্ত ৰেকৰ ব্যৱস্থা কৰাৰ দিশটো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰে। মুখ্যমন্ত্ৰীয়ে গোগামুখ-কমলাবাৰী-গড়মুৰ আৰু যোৰহাট সংযোগী নতুন ৰে’ল পথ নিৰ্মাণৰ দিশত বৰ্তমানে চলাই থকা জৰীপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দিশত ৰে’ল মন্ত্ৰালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়াৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহবান জনায় যাতে এই প্ৰকল্পৰ কাম সোনকালে আৰম্ভ কৰিব পৰা যায়।

মুখ্যমন্ত্ৰীয়ে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে দিল্লী তথা অন্যান্য মেট্ৰ’ চিটি সমূহলৈ যাত্ৰা কৰাৰ দিশত ভাড়া ৰেহাইৰ এটা পদ্ধতি আৰম্ভ কৰাৰ বাবেও আহবান জনায় যাতে মেধাৱী ছাত্ৰ-ছাত্ৰীসকল লাভাম্বিত হ’ব পাৰে। মুখ্যমন্ত্ৰীয়ে অসমৰ বাহিৰত সীমিত ষ্ট’পেজৰ ব্যৱস্থাৰে ডিব্ৰুগড়-গুৱাহাটী আৰু শিলচৰৰ পৰা ভাৰতৰ পশ্চিম প্ৰান্তৰ মুম্বাই আৰু পুনে, দক্ষিণ প্ৰান্তৰ ভেল’ৰ, বাংগালোৰ, ত্ৰিবান্দম আৰু কোচি তথা উত্তৰ প্ৰান্তৰ অমৃতশৰ আৰু জম্মুলৈ ছুপাৰফাষ্ট ৰে’ল সেৱা আৰম্ভ কৰাৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।

সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে উদ্যোগ আৰু অন্যান্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল পিছপৰি থকাৰ দিশটোও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পৰিপ্ৰেক্ষিততে উত্তৰ-পূৰ্বাঞ্চলৰ নিয়োগৰ সম্ভাৱনীয়তাৰ স্বল্পতাৰ দিশটো আঙলিয়াই দি ৰে’ল বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত এই অঞ্চলৰ যুৱক-যুৱতীসকলৰ সুকীয়া সংৰক্ষণ কৰাৰ বাবেও আহবান জনায়।

মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সুকীয়া অন্তৰ্ভুক্তিৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আওতাৰ সীমাৰ পুনৰ গঠন কৰাৰ বাবেও আহবান জনায় যাতে এই অঞ্চলৰ ৰে’লৰ উন্নয়নে বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব পাৰে। মুখ্যমন্ত্ৰীৰ আহবানৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলে মুখ্যমন্ত্ৰীক কয় যে তেওঁৰ মন্ত্ৰালয়ে ৰাজ্যখনৰ প্ৰকল্পসমূহ অনুমোদন জনোৱাৰ উপৰি অসমৰ ৰে’ল সেৱাৰ উত্তৰণৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰিব।

তেওঁ লগতে কয় যে তেওঁৰ মন্ত্ৰালয়ৰ ৰে’লৱে পৰিসৰ বৃদ্ধি পৰিকল্পনা অনুসৰি সকলোবোৰ ষ্টেচনকে ৱাই-ফাই জ’ন আৰু ষ্টেচন সমূহৰ সৌন্দৰ্যবৰ্ধনৰ দিশত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি ৰখা হৈছে। আজিৰ এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীৰ সৈতে খাদ্য প্ৰস্তুতকৰণ আৰু সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে বিজেপি সাংসদসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here