Home মুখ্য পৃষ্ঠা চৰাইদেউত তথ্য জনাৰ অধিকাৰ আইনক ভেঙুচালি পঞ্চায়ত সচিবৰ

চৰাইদেউত তথ্য জনাৰ অধিকাৰ আইনক ভেঙুচালি পঞ্চায়ত সচিবৰ

180
0

চৰাইদেউত তথ্য জনাৰ অধিকাৰ আইনক ভেঙুচালি পঞ্চায়ত সচিবৰ

আবেদনকাৰীৰ সাধাৰণ জ্ঞানৰ সীমাবদ্ধতাৰ বাবেই অযথা হাৰাশাস্তি কৰা বুলি পত্ৰ প্ৰেৰণ সচিবৰ

দৈনন্দিন বাৰ্তা Live @ (অভিজিৎ ভূঞা ) সোণাৰি ২১ নবেম্বৰ : ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত এখন আইন, য’ত নাগৰিকসকলে লোক কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য যাতে সহজে লাভ কৰিব পাৰে তাৰবাবে ব্যৱহাৰিক পদ্ধতি এটা প্ৰবৰ্তন কৰা হৈছে। এই আইনখন জম্মু আৰু কাশ্মীৰৰ বাদে ভাৰতৰ সকলোবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য। তথ্য জনাৰ অধিকাৰ সংক্ৰান্তত জম্মু আৰু কাশ্মীৰৰ ‘জম্মু আৰু কাশ্মীৰ তথ্য জনাৰ অধিকাৰ, ২০০৯’ শীৰ্ষক এখন নিজা আইন আছে। এই আইনৰ অধীনত নাগৰিকে লোক কৰ্তৃপক্ষৰ (সহজ অৰ্থত, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ বিভাগসমূহ, ৰাজহুৱা খণ্ডৰ বেঙ্ক, বীমা প্ৰতিষ্ঠান, চৰকাৰী পূজি লাভ কৰা বেচৰকাৰী সংস্থা আদিৰ) নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য নিৰ্দিষ্ট মাচুলৰ বিনিময়ত বিচাৰিব পাৰে। এই আইনখন ২০০৫ চনৰ ১৫ জুনত সংসদত গৃহীত হৈছিল আৰু সেই বছৰৰে ১৩ অক্টোবৰৰ পৰা পূৰ্ণ কাৰ্যকৰী হৈছিল।’চৰকাৰী গোপনীয়তা আইন, ১৯২৩’ (Official Secrets Act 1923)আৰু এনেকুৱা কেইখনমান আইনে নাগৰিকে তথ্য লাভ কৰাৰ ক্ষেত্ৰত যি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল, সেয়া তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ য়ে নাইকীয়া কৰিলে। কিন্তু ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত এই আইনখনক ভেঙুচালি কৰি চূড়ান্তভাবে অপমান কৰা দেখা গৈছে চৰাইদেউ জিলাৰ একাংশ বিষয়া কৰ্মচাৰীক | আমাৰ হাতলৈ অহা তথ্য অনুসৰি জিলাখনৰ সাপেখাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত বেঙেনাবাৰী গাওঁ পঞ্চায়তৰ সচিবগৰাকীয়ে এই আইনখনক ভেঙুচালি কৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য বিচাৰি আবেদন কৰা আবেদনকাৰীক তথ্য দিয়াৰ সলনি ইণ্টাৰনেটযোগে তথ্য সংগ্ৰহ কৰিবলৈহে নিৰ্দেশ দিয়াৰ এখন পত্ৰ আমাৰ হাতত আহি পৰিছে | উল্লেখ্য যে টাই আহোম যুব পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক পুৰ্ণানন্দ হাতীমূৰীয়াই যোৱা ১৬ চেপ্তেম্বৰত বেঙেনাবাৰী গাওঁ পঞ্চায়তত বিগত ২০১৩ বৰ্ষৰপৰা এই বৰ্ষৰ ১৬ চেপ্তেম্বৰলৈকে কিমানগৰাকী বিপিএল হিতাধিকাৰীক ইন্দিৰা আবাস যোজনাৰ ( প্ৰধান মন্ত্ৰী আবাস যোজনা) ঘৰ আবণ্টন দিয়া হৈছিল আৰু হিতাধিকাৰীসকলৰ নাম ঠিকনাৰ লগত বেংক একাউণ্টৰ সবিশেষ বিচাৰি এখন আবেদন কৰিছিল | কিন্তু অতি পৰিতাপৰ বিষয় বেঙেনাবাৰী গাওঁ পঞ্চায়তৰ সচিব বুলেন গোঁহাই এই তথ্যসমুহ দিয়াৰ সলনি সাপেখাতি উন্নয়ন খণ্ডৰ উন্নয়ন খণ্ড বিষয়াগৰাকীলৈ প্ৰেৰণ কৰা এখন পত্ৰত এনেদৰে আবেদনকৰী অযথা হাৰাশাস্তি কৰা বুলিহে উল্লেখ কৰিছে | পত্ৰখনত উল্লেখ কৰা অনুসৰি – “এনেধৰণৰ তথ্যসমুহ ইণ্টাৰনেটত তেনেই সহজে উপলব্ধ | আবেদনকাৰীয়ে ইণ্টাৰনেটযোগে এই তথ্যসমুহ সংগ্ৰহ কৰিব পাৰে | হয়তো তেখেতৰ সাধাৰনজ্ঞানৰ সীমাবদ্ধতা বা অযথা হাৰাশাস্তি কৰা মানসেৰেহে এনেদৰে আৰটিআই কৰিছে ” | এতিয়া কথা হ’ল চৰকাৰৰ কেইটামান বিভাগৰ বাদে প্ৰায়বোৰ বিষয়তে এই আইনৰ অধীনত তথ্য বিচাৰি আবেদন কৰিবলৈ জনসাধাৰণৰ অধিকাৰ থকাৰ পাছত আবেদনকাৰীক তথ্য নিদি এনেদৰে আবেদনকাৰীৰ জ্ঞানৰ সীমাবদ্ধতাত প্ৰশ্ন উত্থাপন কৰি গাওঁ পঞ্চায়তৰ সচিবগৰাকীয়ে আইনখনক চূড়ান্তভাবে অপমান কৰা নাইনে?? আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত হৈ থকা বিয়াগোম কেলেংকাৰীৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাই থকা সময়তে গাওঁ পঞ্চায়তৰ সচিবগৰাকীয়ে আবেদনকাৰীক তথ্য প্ৰদান নকৰি এনেদৰে অযথা হাৰাশাস্তি কৰা বুলি পত্ৰ প্ৰেৰণ কৰা কাৰ্যই আছলতে এই বিভাগত যে সচাঁকৈয়ে কেলেংকাৰী হৈ আছে সেই কথাকেই প্ৰমাণিত কৰা বুলিহে আবেদনকাৰীৰ উপৰিও স্থানীয় জনসাধাৰণে অভিযোগ কৰাৰ লগতে স্থানীয় বিধায়ক তপন কুমাৰ গগৈৰ হস্তক্ষেপ কামনা কৰিছে | আনহাতে এই তথ্যসমুহ প্ৰকাশ পালেই যে বহু ৰৌ বৰালি জালত পৰিব সেই কথাও নিশ্চিত হৈ পৰাত বিধায়কগৰাকীয়ে কি ব্যবস্থা গ্ৰহণ কৰিব সেয়া লক্ষনীয় হ’ব |

LEAVE A REPLY

Please enter your comment!
Please enter your name here