Home অসম কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰঃ গুৱাহাটীৰে আন্তৰ্জাতিক...

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰঃ গুৱাহাটীৰে আন্তৰ্জাতিক বিমান সেৱা বৃদ্ধি কৰিবলৈ অনুৰোধ

98
1

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় অসামৰিক পৰিবহণ দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী হৰদ্বীপ সিং পুৰীক নতুন দিল্লীত সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘এ” ইষ্ট পলিচি’ ৰূপায়নৰ দিশটো ত্বৰাম্বিত কৰাৰ দিশত সহায়ক হোৱাকৈ গুৱাহাটীৰ পৰা ছিংগাপুৰ, কুৱালালামপুৰ, য়াংগুন আৰু হানয় লৈ আন্তৰ্জাতিক বিমান সেৱা আৰম্ভ কৰাৰ পদক্ষেপ ল’বলৈ আহবান জনায়।

গুৱাহাটীৰ পৰা ঢাকালৈ প্ৰত্যক্ষ আন্তৰ্জাতিক বিমান সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে গুৱাহাটী-মুম্বাই-ডুবাই অথবা দিল্লী-গুৱাহাটী-বেংক’ক সামৰি হোপিং ফ্লাইটৰ সেৱা আৰু কৰাৰ দিশটো বিবেচনা কৰাৰ বাবেও আহবান জনায়।

এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে এই ব্যৱস্থাই গুৱাহাটীৰ সৈতে আন্তৰ্জাতিক বিমান সেৱা সংযোগীকৰণৰ দিশত বিশেষ সহায় কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ৰূপচি বিমান বন্দৰৰ পুনৰুজ্জীৱিতকৰণৰ কাম-কাজ ক্ষীপ্ৰ গতিত সম্পন্ন কৰাৰ পদক্ষেপ ল’বলৈও আহবান জনায় যাতে নিৰ্ধাৰিত লক্ষ্য অনুসৰি ইয়াৰ পৰা বিমান সেৱা আৰম্ভ কৰিব পৰা যায়।

মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ শিলচৰ বিমান বন্দৰৰ পৰিসৰ বৃদ্ধি আৰু উন্নীতকৰণৰ পদক্ষেপ ল’বলৈও আহবান জনায় যাতে ই আঞ্চলিক বিমান সেৱাৰ এক হাব হিচাপে পৰিগণিত হয়। মুখ্যমন্ত্ৰীয়ে যোৰহাট আৰু তেজপুৰ বিমান বন্দৰত ‘উড়াণ’ আঁচনিৰ জৰিয়তে অধিক বিমান সেৱা প্ৰাৰম্ভণৰ ব্যৱস্থা ল’বলৈও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আহবান জনায়। উড়াণ আঁচনিৰ অধীনত গুৱাহাটী আৰু উমৰাংছুত ছিপ্লেন সেৱা আৰম্ভ কৰাৰ বাবে ৱাটাৰ এৰ’ড্ৰম নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে আৰম্ভ কৰাৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীয়ে আহবান জনায়। মুখ্যমন্ত্ৰীৰ অনুৰোধৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই কেন্দ্ৰীয় অসামৰিক পৰিবহন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী গৰাকীয়ে এই প্ৰকল্প সমূহৰ দিশত তেওঁৰ মন্ত্ৰালয়ে সম্ভৱপৰ সকলো কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাস প্ৰদান কৰে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here