Home অসম আজি নাগা জাতীয় সংগঠনৰ বৈঠকঃ সিদ্ধান্ত ল’ব খিলঞ্জীয়াৰ পঞ্জীয়ন বিষয়ত

আজি নাগা জাতীয় সংগঠনৰ বৈঠকঃ সিদ্ধান্ত ল’ব খিলঞ্জীয়াৰ পঞ্জীয়ন বিষয়ত

64
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ অসমত চলি থকা এনআৰচি উন্নীতকৰণৰ অন্যতম পাৰ্শ্বক্ৰিয়া হিচাপে চুবুৰীয়া নাগালেণ্ডত এইবাৰ খিলঞ্জীয়া লোকসকলৰ পঞ্জীয়নৰ পদক্ষেপ লোৱা হৈছে। সেয়েহে ৰাজ্যখনৰ সমূহ নাগা জাতীয় সংগঠনৰ এখন উমৈহতীয়া বৈঠক কাইলৈ আহবান কৰা হৈছে। অবৈধ প্ৰব্ৰজন প্ৰতিৰোধৰ যুতীয়া সমিতিয়ে আহবাজন জনোৱা এই বৈঠকত সকলো নাগা সংগঠনৰ সভাপতি আৰু সাধাৰণ সম্পাদক, নাগা জনগোষ্ঠীৰ হু হু সংগঠন অন্যান্য সামাজিক সংগঠনৰ মুৰববীসকলক উপস্থিত থাকিবলৈ আহবান জনাইছে আহবায়ক কে ঘোষেটো ছ’ফী আৰু সম্পাদক টিয়া লংছাৰে।

এই সভাতে পিছ দুৱাৰদি নাগালেণ্ডৰ বাসিন্দা হ’ব খোজা কৌশলেৰে প্ৰব্ৰজনকাৰীয়ে নাগা মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা কাৰ্যৰ বিষয়টো কঠোৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে জেচিপিআইয়ে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে প্ৰস্তুত কৰিব খোজা তালিকাত কেৱল নাগালেণ্ডৰ খিলঞ্জীয়া আৰু থলুৱা জনগোষ্ঠীৰ নামহে অন্তৰ্ভুক্ত হ’ব।

প্ৰণিধানযোগ্য এয়ে যে অসমত প্ৰস্তুত হৈ থকা এনআৰচিৰ জৰিয়তে ৰাজ্যৰ অবৈধ বিদেশী আৰু প্ৰব্ৰজনকাৰীয়ে এতিয়া স্বদেশী হোৱাৰ পথ প্ৰশস্ত হোৱা বুলি অভিযোগ কৰা হৈছে। এই অভিযোগৰ ভিত্তিতে নাগালেণ্ডৰ দল সংগঠনসমূহে স্বদেশীৰ নামেৰে এনআৰচি প্ৰস্তুত কৰাৰ সলনি ৰাজ্যখনৰ থলুৱা জনগোষ্ঠীসমূহৰ বাসিন্দাৰ নাম সন্নিৱিষ্ট কৰি তালিকা প্ৰস্তুত কৰিব খোজা হৈছে। যাৰ বাবে এই তালিকাত বহিৰাগত আৰু অবৈধ প্ৰব্ৰজনকাৰীসকলে নিজৰ নাম সন্নিৱিষ্ট কৰাত সফল নোহোৱাটো নিশ্চিত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here