Home ক্রীড়া-জগত ছেমিত প্ৰৱেশ অসম্ভৱ পাকিস্তানৰ !

ছেমিত প্ৰৱেশ অসম্ভৱ পাকিস্তানৰ !

81
0

বাংলাদেশক তিনি শতাধিক ৰানৰ ব্যৱধানত কৰিব লাগিব পৰাস্ত

স্পৰ্টছ ডেস্ক, লণ্ডনঃ ১৯৯২ চনৰ ইতিহাসৰ পুনৰাবৃত্তি ঘটাব বুলি মনতে আশা পুহি ৰাখিছিল পাকিস্তানে। কিন্তু পৰনিৰ্ভৰশীল হৈ আগবাঢ়িব খুজিলে ভাগ্যও সুপ্ৰসন্ন হ’ব লাগিব। এইবাৰ ’৯২ ৰ দৰে ভাগ্যই সহায় নকৰিলে পাকিস্তানক। চলিত আইচিচি বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰাতো পাক দলৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰিছে।

বিশ্বকাপত অতিশয় শোচনীয় আৰম্ভণি কৰাৰ পিছত মাজতে ছৰফৰাজ আহমেদ নেতৃত্বাধীন দলটোৱে প্ৰত্যাৱৰ্তন কৰি ছেমিত প্ৰৱেশৰ আশা সজীৱ কৰি তুলিছিল। কিন্তু দলটোৰ হাতত কৰিবলৈ বিশেষ একো নাছিল। বৰং সকলো নিৰ্ভৰশীল আছিল আন দলৰ মেচৰ ফলাফলৰ ওপৰত। সেই অনুযায়ীয়ে বিশ্বকাপৰ ছেমিফাইনেলত অষ্ট্ৰেলিয়া, ভাৰত, ইংলেণ্ডৰ পাছত নিউজিলেণ্ড একপ্ৰকাৰ নিশ্চিত হৈছে। পাকিস্তানৰ ছেমিৰ আশা এতিয়া আৰু সজীৱ বুলি ক’ব নোৱাৰি।

কাৰণ ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ দলটোৱে অসম্ভৱক সম্ভৱ কৰিব লাগিব। বাংলাদেশৰ বিৰুদ্ধে কাইলৈ হ’বলগীয়া অন্তিমখন লীগ মেচত অবিশ্বাস্য বিজয় সাব্যস্ত কৰিব লাগিব ছৰফৰাজ বাহিনীয়ে। বৰ্তমান ৯ পইেণ্টৰে পাকিস্তান আছে পঞ্চম স্থানত। নিউজিলেণ্ডৰ হাতত এঘাৰ পইণ্ট। আজি বাংলাদেশৰ বিৰুদ্ধে জয়েৰে পাকিস্তানে নিউজিলেণ্ডৰ সৈতে সমান পইণ্ট লাভ কৰিবলৈ সক্ষম হ’ব।

কিন্তু নেট ৰান ৰেটৰ ভিত্তিত কিৱি দলতকৈ বহু পিছ পৰি আছে পাক্ বাহিনী। আজি বাংলাদেশক তিনিশতকৈ অধিক ৰানৰ ব্যৱধানত পৰাস্ত কৰিব লাগিব, যিটো পাকিস্তানৰ বাবে অসম্ভৱ বুলি ক’ব পাৰি। পইণ্ট তালিকাৰ অংক অনুসৰি নিউজিলেণ্ডৰ নেট ৰানৰেট হৈছে ঋ ০.১৭৫। পাকিস্তানৰ ৰানৰেট -০.৭৯২। বাংলাদেশৰ বিৰুদ্ধে কাইলৈ পাকিস্তানে পোনতে বেটিং কৰি যদি ৩৫০ ৰান কৰিবলৈ সক্ষম হয়, তেনেহ’লে মেচখনত ৩৯ ৰানৰ ভিতৰতে বাংলাদেশক অলআউট কৰিব লাগিব।

অৰ্থাৎ ৩১১ ৰানত জয়ী হ’ব লাগিব দলটো। একেদৰে ৪০০ ৰান স্ক’ৰ কৰিলে পাক্ দলে বাংলাদেশক হৰুৱাহ লাগিব ৩১৬ ৰানৰ ব্যৱধানত। আনহাতে যদি বাংলাদেশে পোনতে বেটিং কৰে তেনেহ’লে পাকিস্তানৰ ছেমিৰ আশা তাতেই সমাপ্ত হ’ব। মুঠতে এনে ধৰণৰ বিভিন্ন গাণিতিক অংক চলাৰ পিছত পাকিস্তানৰ ছেমিত অসম্ভৱ বুলিয়ে সকলোৱে ধাৰণা কৰিছে। তথাপিও কাইলৈ দলটোৱে সৰ্বস্ব উজাৰি যুঁজিব বুলি অধিনায়ক ছৰফৰাজে কয়। ইফালে বাংলাদেশেও অন্তিম যুঁজত জয়েৰে বিশ্বকাপত অভিযান সমাপ্ত কৰাৰ লক্ষ্য লৈছে।

ছেমিত প্ৰৱেশ কৰিব নোৱাৰিলে বাংলাদেশৰ প্ৰদৰ্শনে সকলোকে প্ৰভাৱাম্বিত কৰিছে। শ্ৰেষ্ঠ এদিনীয়া দলসমূহৰ বিৰুদ্ধে পৰাস্ত হৈছে মাশ্বৰাফে মৰ্টাজা নেতৃত্বাধীন দলটো। কিন্তু প্ৰতিখন মেচতে যুঁজ দিছে বাংলাদেশৰ প্ৰতিজন খেলুৱৈয়ে। বেংগল টাইগাৰ্ছৰ দলটোক পৰাস্ত কৰাতো পাকিস্তানৰ পক্ষে আজি মুঠেই সহজ নহ’ব। প্ৰতিপক্ষত বাংলাদেশ থকা বাবেও ছেমিত পাকিস্তানৰ প্ৰৱেশ অসম্ভৱ বুলিব পাৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here