Home অসম স্বৰ্ণ কন্যাক অভিনন্দন জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেঃ পজনান এথলেটিকছত স্বৰ্ণ জয়েৰে...

স্বৰ্ণ কন্যাক অভিনন্দন জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেঃ পজনান এথলেটিকছত স্বৰ্ণ জয়েৰে উজলিল হিমা

74
0

স্পৰ্টছ ডেস্ক, গুৱাহাটীঃ আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ এবাৰ ভাৰতবৰ্ষক গৌৰৱাম্বিত কৰিলে অসম কন্যা হিমা দাসে। ধিং এ’প্ৰেছ নামে বিশ্বজুৰি খ্যাতি অৰ্জন কৰা হিমাই পোলেণ্ডৰ পজনানত অনুষ্ঠিত এথলেটিকছত সোণৰ পদক অৰ্জন কৰি পুনৰ এবাৰ উজলিবলৈ সক্ষম হৈছে। পিঠিৰ আঘাতৰ বাবে ভাৰতৰ তাৰকা স্প্ৰিপ্ৰণ্টাৰগৰাকীয়ে বিগত সময়ছোৱাত একাধিক প্ৰতিযোগিতাত অংশ লোৱাৰ পৰা আঁতৰি থাকে।

প্ৰত্যাৱৰ্তন কৰিয়ে চমকপ্ৰদ প্ৰদৰ্শনৰে পুনৰ এবাৰ হিমাই স্বৰ্ণ মুকুট পৰিধান কৰিবলৈ সক্ষম হৈছে। পজনান এথলেটিকছ গ্ৰেণ্ড প্ৰি’ছত মহিলাৰ ২০০ মিটাৰ ইভেণ্টত হিমাই শীৰ্ষ স্থান দখল কৰে। দুৰ্দান্ত প্ৰদৰ্শন কৰা হিমাই ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ সময় স্পৰ্শ কৰিব নোৱাৰিলে যদিও ২৩.৬৫ ছেকেণ্ড সময় সোণৰ পদক আজুৰি আনে। ২০০ মিটাৰত হিমাৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ২৩.১০ ছেকেণ্ড। আনহাতে একেটা ইভেণ্টতে ভাৰতৰে ভি কে বিষ্ময়াই লাভ কৰিছে ব্ৰঞ্জ পদক।

২৩.৭৫ ছেকেণ্ড সময়ৰে বিস্ময়াই তৃতীয় স্থান লাভ কৰে। এয়া আছিল তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। ইফালে পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমগ্ৰ দেশতে ৰাজ্যৰ নাম জিলিকাবলৈ সক্ষম হোৱা স্বৰ্ণ কন্যা হিমাক ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিনন্দন জ্ঞাপন কৰে। বৃহস্পতিবাৰে এক বিবৃতিযোগে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে হিমাৰ এই কৃতিত্বত আজি ৰাজ্যবাসীৰ লগতে সমগ্ৰ দেশবাসী গৌৰৱাম্বিত আৰু উৎফুল্লিত।

ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বা অৰ্জন কৰি হিমা বিশ্ব ক্ৰীড়া ক্ষেত্ৰত উজলি উঠিছে। পোলেণ্ডৰ পজনান এথলেটিকছ গ্ৰা প্ৰীত হিমাই ক্ৰীড়াৰ দিশত এক অনন্য চানেকি দাঙি ধৰি দেশবাসীৰ লগতে ৰাজ্যবাসীক গৌৰৱাম্বিত কৰাৰ উপৰি নৱ প্ৰজন্মৰ খেলুৱৈসকলকো অধিক উৎসাহ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে লগতে হিমাৰ এই সাফল্যই ৰাজ্যৰ ক্ৰীড়া প্ৰেক্ষাপটৰ উত্তৰণৰ দিশতো বৃহৎ প্ৰেৰণা যোগাব বুলি কয়। ভৱিষ্যতেও হিমা দাসে অনন্য কৃতিত্বৰে ৰাজ্যবাসীৰ লগতে দেশবাসীক গৌৰৱাম্বিত কৰিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে আশা প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here