Home ক্রীড়া-জগত ধাৰাবাহিকতা ৰাহুলৰ লক্ষ্য

ধাৰাবাহিকতা ৰাহুলৰ লক্ষ্য

90
0

স্পৰ্টছ ডেস্ক,লণ্ডনঃ শিখৰ ধাৱনৰ আঘাতৰ পিছত ৰোহিত শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰা কে এল ৰাহুলে বিশ্বকাপৰ ছেমিফাইনেলত দলৰ হৈ সুন্দৰ বেটিং কৰি সৰ্বাধিক অৱদান আগবঢ়াব বিচাৰে। বাংলাদেশৰ বিৰুদ্ধে ৰাহুলৰ বেটেৰে সুন্দৰ অৰ্ধশতক আহিছিল। তেওঁ ৭৭ ৰানৰ অনবদ্য বৰঙণি দিছিল। সুন্দৰ বেটিঙৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লক্ষ্য ৰাহুলৰ।

এই সন্দৰ্ভত তেওঁ আজি কয়–ইংলেণ্ডত পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি চলিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়। মই এতিয়া ইংলেণ্ডৰ পৰিস্থিতিৰ সৈতে মিলিব পাৰিছো। ইয়াতে কিদৰে বেটিং কৰিব লাগে সেই বিষয়েও বিশ্বকাপতে বহুখিনি শিকিলো। ছেমিফাইনেলত টীম ইণ্ডিয়াৰ হৈ অভিজ্ঞ অ’পেনাৰ ৰোহিতৰ সৈতে সুন্দৰ আৰম্ভণিৰ লক্ষ্য।

দলৰ হৈ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ সৰ্বতো প্ৰকাৰে চেষ্টা কৰিম বুলিও ৰাহুলে প্ৰকাশ কৰে। উল্লেখ্য বিশ্বকাপত ৰাহুলে চতুৰ্থ স্থানত আৰম্ভণি কৰিছিল। কিন্তু অ’পেনাৰ শিখৰ ধাৱন আঘাতপ্ৰাপ্ত হৈ অব্যাহতি লোৱাত তেওঁ ৰোহিতৰ সৈতে ইনিংছ মুকলি কৰাৰ সুযোগ পায়। ৰাহুলে বাংলাদেশৰ বিৰুদ্ধে ৰোহিতৰ সৈতে প্ৰথম উইকেটৰ যুটীত ১৮০ ৰান যোগ দিবলৈ সক্ষম হয়। ছেমিফাইনেলত ভাৰতৰ সফলতাও ৰোহিত-ৰাহুলৰ অ’পেনিং যুটীৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব। ইফালে দলত মায়ংক আগৰৱালৰ অন্তৰ্ভুক্তিয়ে ৰাহুলৰ স্থানো অনিশ্চিত কৰিব পাৰে বুলি একাংশই প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here