Home ক্রীড়া-জগত আজি বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম ছেমি ফাইনেলঃ কিৱিৰ ছিম আক্ৰমণ বনাম নীলা দলৰ...

আজি বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম ছেমি ফাইনেলঃ কিৱিৰ ছিম আক্ৰমণ বনাম নীলা দলৰ শক্তিশালী বেটিং লাইন

71
0

২০০৮ৰ পুনৰাবৃত্তিঃ তেতিয়াৰ ফলাফল বিৰাটৰ পŽক্ষতঃ

এইবাৰ হাঁহিব কোনে ? বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা

ডিজিটেল ডেস্ক, নতুন দিল্লীঃ বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ছেমি ফাইনেলত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। কিন্তু এই খেলখন বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা আছে। বিশ্বকাপ ক্ৰিকেটৰ এইবাৰৰ অন্যতম আকৰ্ষণীয় ছেমি ফাইনেলখন বৰ্ষাবিঘ্নিত হোৱাৰ সম্ভাৱনা থকাৰ বাবে ক্ৰিকেটপ্ৰেমীসকলৰ মাজত দুঃচিন্তাই ঠাই পাইছে।

উল্লেখ যে বতৰৰ বাবে খেলখন বিঘ্নিত হোৱাৰ উপৰি আৰম্ভ হোৱাৰ ক্ষেত্ৰত কিছু পলম হ’ব পাৰে। দেওবাৰে ৰ’দ নপৰিলেও এলেকাটো শুকাই আছিল। মন কৰিবলগীয়া যে ইংলেণ্ডৰ মানচেষ্টাৰছ অ’ল্ড ট্ৰাফফ’ৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এইখন খেলৰ পূৰ্বেই বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা প্ৰকট। আনহাতে পাহাৰীয়া এলেকাটোত ডাৱৰে ছানি ধৰিব বুলি কৈছে।

তদুপৰি উষ্ণতাৰ পৰিমাণ সৰ্বোচ্চ২০ ডিগ্ৰী চেলছিয়াচ হ’বগৈ। ব্ৰিটিছ বতৰ বিজ্ঞান বিভাগে এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে চলিত আইচিচি বিশ্বকাপ ক্ৰিকেটত ভাৰত আৰু নিউজিলেণ্ডে নাটিংহামত প্ৰথমবাৰ মুখামুখি হৈছিল। সেইবাৰো বতৰৰ বাবে দুয়োটা পইণ্ট ভগাই ল’ব লগা হৈছিল। বতৰ বিজ্ঞান বিভাগৰ মতে বৰষুণৰ বাবে খেলখন আৰম্ভ হোৱাত পলম হ’ব। এই সম্ভাৱনা ৫০ শতাংশ বুলি বিভাগটোৱে উল্লেখ কৰে।

স্থানীয় সময় অনুসৰি দিনৰ ১ বজাৰ পৰা আকাশত সূৰ্যটো দেখিবলৈ পোৱা নাযাব। পূৰ্বৰ খেলসমূহৰ সৈতে আইচিচিয়ে নক আউট খেলবোৰৰ বাবে এটা অতিৰিক্ত দিন ৰাখি থয়। যদি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত কাইলৈ হ’বলগা খেলখন বতৰৰ বাবে বাতিল কৰিবলগা হয়, তেনেহ’লে বুধবাৰে অনুষ্ঠিত হ’ব।

কিন্তু বুধবাৰৰ দিনটোত বতৰ খেলৰ বাবে অনুকুল নহয়। সেইদিনাও বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা আছে। যদি বুধবাৰে খেলখন অনুষ্ঠিত নহয়, তেতিয়া ভাৰতেই ফাইনেল খেলাটো নিশ্চিত। যিহেতু কিৱি দলটোতকৈ পইণ্টৰ তালিকাত ভাৰত আগত আছে। ইপিনে দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত ১১ জুলাইত অনুষ্ঠিত হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here